ETV Bharat / state

নাৰায়ণপুৰত ৰাইজৰ দলৰ সমৰ্থকক দুৰ্বৃত্তৰ আক্ৰমণ

author img

By

Published : Mar 16, 2021, 11:15 AM IST

বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ প্ৰাকক্ষণত ৰাজ্যত বৃদ্ধি পাবলৈ লৈছে হিংসাত্নক ঘটনা ৷ সোমবাৰে নাৰায়ণপুৰৰ তৰাজুলিৰ ন-পমুৱা গাঁৱৰ পৰা ৰাইজৰ দলৰ বিহপুৰীয়া সমষ্টিৰ প্ৰাৰ্থী অনুপ শইকীয়াৰ এক নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰা দুজন সমৰ্থকে ঘৰলৈ গৈ থকাৰ সময়তে কোনো দুৰ্বৃত্তই আক্ৰমণ কৰে ৷

নাৰায়ণপুৰত ৰাইজৰ দলৰ সমৰ্থকক দুৰ্বৃত্তৰ আক্ৰমণ
নাৰায়ণপুৰত ৰাইজৰ দলৰ সমৰ্থকক দুৰ্বৃত্তৰ আক্ৰমণ

বিহপুৰীয়া,16মাৰ্চ: নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে ৰাজ্যত সিমানেই বৃদ্ধি পাইছে হিংসাত্মক ঘটনা ৷ ক'ৰবাত যদি বিজেপি প্ৰাৰ্থীক প্ৰহাৰ, ক'ৰবাত আকৌ ৰাইজৰ দলৰ প্ৰাৰ্থীক প্ৰহাৰ ৷ সোমবাৰে তেনে এক ঘটনাৰে পুনৰাবৃত্তি ঘটিল নাৰায়ণপুৰৰ তৰাজুলিৰ ন-পমুৱা গাঁৱত ৷ ৰাইজৰ দলৰ বিহপুৰীয়া সমষ্টিৰ প্ৰাৰ্থী অনুপ শইকীয়াৰ এক নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰা দুজন সমৰ্থকে ঘৰলৈ গৈ থকাৰ সময়তে কোনো দুৰ্বৃত্তই আক্ৰমণ কৰে ৷

নাৰায়ণপুৰত ৰাইজৰ দলৰ সমৰ্থকক দুৰ্বৃত্তৰ আক্ৰমণ

প্ৰাপ্ত খবৰ অনুসৰি, নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ঘৰলৈ গৈ থকাৰ অৱস্থাতে ৰাইজৰ দলৰ তোষেশ্বৰ লেখাৰু আৰু দেৱেশ্বৰ লেখাৰু নামৰ দুজন সমৰ্থকক দূৰ্বত্তই কোৰেৰে প্ৰহাৰ কৰে ৷ যাৰ ফলত গুৰুতৰ ভাৱে আহত কৰে লোক দুজন ৷ আঘাত প্ৰাপ্ত হোৱা দুয়োজনকে ভৰ্তি কৰা হয় চিকিৎসালয়ত ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত নাৰায়ণপুৰ আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ৷

ইফালে, সমষ্টিটোত দলটোৰ জনপ্ৰিয়তাত শংকিত হৈ এই আক্ৰমণ কৰিছে বুলি ৰাইজৰ দলৰ প্ৰাৰ্থী অনুপ শইকীয়াই অৱগত কৰাৰ লগতে ৰাজনীতিৰ নামত এনে গুণ্ডামী সহ্য কৰা নহ'ব বুলিও সকীয়াই দিয়ে ৷

অন্য এক খবৰৰ বাবে: 18 মাৰ্চৰ পৰা ৰাজ্যৰ ২৭ হাজাৰ গৃহৰক্ষী জোৱানৰ কৰ্ম বিৰতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.