ETV Bharat / state

২২ জুনত মাধৱদেৱ কলাক্ষেত্ৰ পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Jun 19, 2021, 5:33 PM IST

লখিমপুৰৰ নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীবদলা পদ্ম আতা সত্ৰৰ ভূমিত নিৰ্মীয়মান অৱস্থাত থকা মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শনৰ বাবে নাৰায়ণপুৰলৈ আহিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ লখিমপুৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক গৰাকীয়ে নিৰ্মাণৰত অৱস্থাত থকা কলাক্ষেত্ৰস্থলী পৰিদৰ্শন কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷

CM will visit Madhabdev kalakhetra on 22th june
২২ জুনত মাধৱদেৱ কলাক্ষেত্ৰ পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীয়ে

বিহপুৰীয়া, 19 জুন : 22 জুনত নাৰায়ণপুৰ ভ্ৰমণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীবদলা পদ্ম আতা সত্ৰৰ ভূমিত নিৰ্মীয়মান অৱস্থাত থকা মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শনৰ বাবে নাৰায়ণপুৰলৈ আহিব মুখ্যমন্ত্ৰীগৰাকী ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে নাৰায়ণপুৰলৈ আহিব ৷

ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে লখিমপুৰ জিলা প্ৰশাসনে । বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাৰ নেতৃত্বত শনিবাৰে লখিমপুৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে নিৰ্মাণৰত অৱস্থাত থকা কলাক্ষেত্ৰস্থলী পৰিদৰ্শন কৰে ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ যাৱতীয় প্ৰস্তুতি চলায় ।

২২ জুনত মাধৱদেৱ কলাক্ষেত্ৰ পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীয়ে

উল্লেখ্য যে, নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীবদলা পদ্ম আতা সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত শ্ৰীকান্ত গোস্বামীয়ে দানসূত্ৰে আগবঢ়োৱা ৪৪ বিঘা ভূমিত চলি আছে মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণকাৰ্য ৷

উল্লেখ্য যে, 2007 চনৰ 23 মাৰ্চত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰিছিল প্ৰস্তাৱিত মাধৱদেৱ কলাক্ষেত্ৰৰ ৷ কংগ্ৰেছৰ দিনত সম্পূৰ্ণ হৈ নুঠা কলাক্ষেত্ৰক লৈয়ে 2016 চনত বিধানসভা নিৰ্বাচনৰ শ্লোগান প্ৰদান কৰিছিল বিজেপিয়ে ৷ 2016 চনত বিজেপিৰ বিজয়ৰ পাচতো আজিকোপতি সম্পূৰ্ণ নহ'ল মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ কাম ৷ কংগ্ৰেছৰ আমোলত প্ৰস্তাৱিত মাধৱদেৱ কলাক্ষেত্ৰই লাভ কৰা পাঁচ কোটি টকীয়া কামত দুৰ্নীতি হোৱাৰ অভিযোগ কৰি আহিছে স্থানীয় ৰাইজে ৷

তাৰ পাছত বিগত বৰ্ষত তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাধৱদেৱ কলাক্ষেত্ৰ কৰ্তৃপক্ষক 33 কোটিৰ ধনৰাশি প্ৰদান কৰিছিল ৷ অতিকৈ লেহেমীয়া আৰু পালমৰা কাম কৰি গৰিষ্ঠসংখ্যক টকা ঠিকাদাৰ তথা অভিযন্তাই উদৰস্থ কৰিছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ পৰিদৰ্শনৰ পিছতহে এই নিৰ্মাণ কাৰ্যই কেনেধৰণৰ গতি লাভ কৰে, সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : ৰূপজ্যোতি কুৰ্মীৰ পদত্যাগ: কাৰ কি প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.