ETV Bharat / state

Domestic violence in Assam : স্বামীক প্ৰহাৰ কৰাৰ অভিযোগ খণ্ডন অভিযুক্ত পত্নীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 4:01 PM IST

Domestic violence in Assam
নাৰায়ণপুৰত স্বামীক প্ৰহাৰৰ ঘটনা

নাৰায়ণপুৰত স্বামীক প্ৰহাৰৰ ঘটনাই লৈছে নতুন মোৰ । মুখ খুলিছে পত্নীয়ে ৷ এইবোৰ নাটক কৰিছে বুলি ক'লে মহিলাগৰাকীয়ে ।

নাৰায়ণপুৰত স্বামীক প্ৰহাৰৰ ঘটনা

বিহপুৰীয়া, ১ ছেপ্টেম্বৰ : লখিমপুৰৰ নাৰায়ণপুৰত পত্নীয়ে স্বামীক প্ৰহাৰৰ ঘটনাই নতুন মোৰ লৈছে । এইবাৰ এই প্ৰসংগত এইবাৰ মুখ খুলিছে পত্নীয়ে ৷ নাৰায়ণপুৰৰ ধলপুৰৰ সৰু কাঠনিৰ এগৰাকী পত্নীয়ে স্বামীক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ ঘটনাৰ বুধবাৰে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে শুক্ৰবাৰে অভিযুক্ত মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত মুখ খুলিলে । মহিলাগৰাকীয়ে স্বামী হেমন্ত নেওগক উভতি ধৰি কয়," কাপোৰ বিক্ৰী কৰি মই ঘৰ চলাও । মানুহটোৱে শুই বহি ঘৰত থাকে । তেওঁ জুৱা খেলে ।" স্বামীয়ে বহুত মিছা কথা কৈছে বুলি মন্তব্য কৰি মহিলাগৰাকীয়ে হেমন্ত নেওগক উভতি ধৰে ।

উল্লেখ্য যে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধলপুৰ সৰু কাঠনিৰ হেমন্ত নেওগৰ সৈতে মহিলাগৰাকীয়ে দহ বছৰৰ পূৰ্বে প্ৰেমসূত্ৰে বিবাহ পাশত আৱদ্ধ হৈছিল ৷ এটি পুত্ৰ সন্তানৰ মাতৃ মহিলাগৰাকীয়ে শাৰীৰিক আৰু মানসিক ভাৱে নিৰ্যাতন চলায় আহিছে বুলি স্বামী হেমন্তই পত্নীৰ বিৰুদ্ধে এক অভিযোগ উত্থাপন কৰিছিল । এই প্ৰসংগত তেওঁ উভতি ধৰি কয় যে স্বামী হেমন্তই কৰা অভিযোগ গোকাট মিচা । মহিলাগৰাকীয়ে কেতিয়াও ধন দাবী কৰা নাই বুলি উল্লেখ কৰি কয়,"স্বামীয়ে বিগত পাচঁ মাহ ধৰি কোনো কামেই কৰা নাই । গতিকে ধন নিদিলেই মাৰপিট কৰাৰ প্ৰশ্নই নুঠে । মাৰ ঘৰৰ পৰা ধন নি স্বামীক দি আছিলো । এতিয়া দিয়া নাই বাবে এইবোৰ নাটক কৰিছে ।"

মদৰ নিচাত মাতাল হৈ স্বামীৰ ওপৰত দাদাগিৰি কৰাৰ অভিযোগো তেওঁ খণ্ডন কৰে । কেৱল একমাত্ৰ সন্তানটোৰ মুখলৈ চাইহে তেওঁ স্বামীৰ এনে কাৰ্য ধৈৰ্য্য ধৰি সহ্য় কৰি অহা বুলি তেওঁ কয় । আইনৰ ভয় দেখুৱাই স্বামী হেমন্ত নেওগৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগ মহিলাগৰাকীয়ে অস্বীকাৰ কৰে । ইফালে, মঙলবাৰে সন্ধিয়াও সামান্য কথাতে স্বামীক পদুলিমুখতে আঠু কঢ়োৱাৰ লগতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ কথাও তেওঁ অস্বীকাৰ কৰিছে ।

লগতে পঢ়ক:Domestic violence in Assam: গুৰুলাগুৰুলকৈ পত্নীৰ প্ৰহাৰ স্বামীক, ওলাই আহিল চকুলো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.