ETV Bharat / state

Domestic violence in Assam: গুৰুলাগুৰুলকৈ পত্নীৰ প্ৰহাৰ স্বামীক, ওলাই আহিল চকুলো

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 9:19 PM IST

Domestic violence in Assam
নাৰায়ণপুৰত পুৰুষ নিৰ্যাতনৰ ঘটনা

নাৰী নিৰ্যাতনৰ ঘটনাৰ বিষয়ে চৰ্চা হৈ থকাৰ মাজতে পত্নীয়ে প্ৰহাৰ কৰিলে স্বামীক । উপায়হীন স্বামীয়ে কাষ চাপিল আৰক্ষীৰ ।

নাৰায়ণপুৰত পুৰুষ নিৰ্যাতনৰ ঘটনা

বিহপুৰীয়া, ৩০ আগষ্ট : ৰাজ্য়ৰ বিভিন্ন ঠাইত নাৰী নিৰ্যাতনৰ ঘটনা অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে । ইয়াৰ বিৰুদ্ধে উঠিছে প্ৰতিবাদৰ ঢৌ । সততে নাৰী নিৰ্যাতনৰ ঘটনাৰ বিষয়ে চৰ্চা হৈ থকাৰ মাজতে এইবাৰ এগৰাকী পত্নীয়ে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰি আহত কৰিলে স্বামীক । পত্নীৰ নিৰ্যাতন সহিব নোৱাৰি হুকহুকাই কান্দিছে স্বামীয়ে । এই ঘটনা সংঘটনা হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ৷

নাৰায়ণপুৰৰ ধলপুৰ সৰু কাঠনিৰ হেমন্ত নেওগৰ সৈতে দহ বছৰৰ পূৰ্বে প্ৰেমসূত্ৰে বিবাহ পাশত আৱদ্ধ হৈছিল এগৰাকী যুৱতী ৷ এটি পুত্ৰ সন্তানৰ মাতৃ গৰাকীয়ে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলায় আহিছে স্বামী হেমন্তৰ ওপৰত । যিকোনো সময়ত কেৱল ধন দাবী কৰে স্বামীক। ধন নিদিলেই মাৰপিট কৰাৰ অভিযোগ মহিলাগৰাকীৰ স্বামী,পৰিয়াল তথা ওচৰ চুবুৰীয়াৰ ।

সুৰাৰ নিচাত মাতাল হৈ স্বামীৰ ওপৰত দাদাগিৰি কৰাৰ অভিযোগ উত্থাপিত । অসহায় হেমন্ত নেওগে কয় যে একমাত্ৰ সন্তানটোৰ মুখলে চাই সদায় ধৈৰ্য্য ধৰি আহিছে । আইনৰ ভয় দেখুৱাই স্বামী হেমন্ত নেওগৰ ওপৰত অত্যাচাৰ চলায় পত্নীয়ে । কালি সন্ধিয়াও সামান্য কথাতে মহিলাগৰাকীয়ে স্বামীক পদুলিমুখতে আঠুকঢ়োৱাৰ লগতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ৷

লগতে পঢ়ক:Minister Sarbananda Sonowal in Dibrugarh: ডিব্ৰুগড়ৰ জকাইত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন অত্যাধুনিক নেচাৰ'পেথী চিকিৎসালয়

স্বামী হেমন্ত নেওগক মূৰ, ভৰি, পিঠি আদিত বাঁহেৰে কোৱাই আঘাত কৰাৰ লগতে শৰীৰৰ বিভিন্ন অংগত কামুৰি মাংস চিঙি পেলায় ৷ ইয়াতে ক্ষান্ত নাথাকি মহিলাগৰাকীয়ে ঘৰৰ সা সামগ্ৰী ভাঙি, চিঙি লণ্ড ভণ্ড কৰো । বৰ্তমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে স্বামী হেমন্ত নেওগ । স্বামীয়ে ন্যায় বিচাৰি ইতিমধ্যে ধলপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে । পৰিয়ালৰ লোকসকলেও মহিলাগৰাকীৰ ওপৰত ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী কৰিছে ।

লগতে পঢ়ক:Inter-District Yoga competition: আন্তঃজিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত উজলিল ধেমাজিৰ 11 খেলুৱৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.