ETV Bharat / state

Scam in Govt scheme: অস্তিত্ব নোহোৱা আঁচনিৰ নামত ধন আৱন্টনৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 1:44 PM IST

বিভিন্ন চৰকাৰী আঁচনি ৰূপায়নৰ নামত লখিমপুৰত ব্যাপক কেলেংকাৰীৰ অভিযোগ ৷ পঞ্চায়ত প্ৰতিনিধিৰ পৰা আৰম্ভ কৰি গ্ৰামোন্নয়ন বিভাগৰ বিষয়া কৰ্মচাৰীলৈকে বিভিন্নজনৰ অভিযোগৰ অঙুলি ৷

Govt schemes scams
Etv BharatGovt schemes scams

চৰকাৰী আঁচনি ৰূপায়নৰ নামত লখিমপুৰত বৃহৎ কেলেংকাৰী

লখিমপুৰ, 13 ছেপ্টেম্বৰ : লখিমপুৰ জিলাত গ্ৰামোন্নয়নৰ নামত কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ । হিতাধিকাৰীক সামান্য ধন দি কোটি কোটি টকাৰ লুণ্ঠন কৰাৰ অভিযোগ উঠিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়াৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি জিলাখনৰ প্ৰতিটো পঞ্চায়ততে সংঘটিত হৈছে এই কেলেংকাৰী ৷ ব্যক্তিগত হিতাধিকাৰী আঁচনি অৰ্থাৎ আইবিএছৰ হিতাধিকাৰীক ধন প্ৰদানৰ নামত গ্ৰামোন্নয়ন বিভাগত এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে ।

তথ্য অনুসৰি, আঁচনিখনৰ হিতাধিকাৰীক প্ৰায় 10 হাজাৰৰ পৰা 80 হাজাৰলৈকে হিতাধিকাৰীক দিব লাগিছিল ধন ৷ কিন্তু দুইৰ পৰা আঢ়ৈ হাজাৰ টকা হিতাধিকাৰীক প্ৰদান কৰিয়ে জিলাখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে দায়িত্ব সামৰা বুলি অভিযোগ উঠিছে ।

ইফালে অস্তিত্ব নথকা আঁচনিৰ নামতো টকা আৱন্টন দেখুওৱা হৈছে বুলি অভিযোগ উঠিছে জিলাখনৰ পঞ্চয়ত প্ৰতিনিধিৰপৰা বিভাগীয় বিষয়াৰ বিৰুদ্ধে । জিলাখনৰ 81 খন গাঁও পঞ্চায়তৰ সৰহ সংখ্যকতে এনে আঁচনি ৰূপায়ণৰ নামত কেলেংকাৰী অভিযোগ উঠিছে ।

2020-21 বৰ্ষত লখিমপুৰ জিলা গ্রামোন্নয়ন অভিকৰণলৈ এনৰেগা আঁচনিৰ অধীনত জিলাখনৰ 9 টা উন্নয়ন খণ্ডৰ 81 খন গাঁও পঞ্চায়তৰ সৰহ সংখ্যকলৈ কেইবা হাজাৰ হিতাধিকাৰীৰ বাবে আইবিএছ আঁচনিৰ নামত ধন আৱণ্টন দিয়া হৈছিল । এই আইবিএছৰ প্ৰতিজন হিতাধিকাৰীৰ বিপৰীতে 9 হাজাৰৰ পৰা 80 হাজাৰ পর্যন্ত আৱণ্টন হয় । হিতাধিকাৰীসকলক নেমু বাগান, জালুক খেতি, মৎস্য পালন, হাঁহ-ছাগলী পালন, গাহৰি পালন, গছপুলি ৰোপণ আদি আঁচনিত নাম তালিকাভুক্ত কৰা হয় ।

তাৎপৰ্যপূৰ্ণ যে বহু পঞ্চায়তত অস্তিত্ববিহীন আঁচনিৰ নামত বিশেষকৈ নেমু বাগানৰ নামত এই ধন মোকলাই দিয়া হয় । পিছে প্ৰায়বোৰ পঞ্চায়তৰ নির্দিষ্ট স্থানত এই আঁচনিবোৰ ৰূপায়ণৰ কোনো চিন-মোকাম নাই । তথাপি কেনেদৰে অস্তিত্বহীন আঁচনিৰ নামত ধন মুকলি কৰি দিলে সেয়া ৰহস্যজনক ।

উল্লেখ্য যে জিলাখনত বহু ক্ষেত্রত আকৌ 20 শতাংশও কাম নকৰাকৈ আৱণ্টিত সমুদায় ধন মোকলাই নিয়া হৈছে । এনেদৰে জিলাখনত প্ৰায় 20 কোটি 25 লাখ টকাৰ বৃহৎ কেলেংকাৰীৰ সংঘটিত হৈছে । সেয়ে সচেতন লোকে কেলেংকাৰীৰ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে । তদন্তৰ জৰিয়তে কেলেংকাৰী সংঘটিত কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্রহণ কৰিবলৈও ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক:Lakhimpur Road Accident: লখিমপুৰত ট্ৰেক্টৰ বলেৰ’ বাহনৰ সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.