ETV Bharat / state

Price hike in Assam:লখিমপুৰত যোগান মন্ত্রীৰ পুত্তলিকা দাহ AJYP ৰ

author img

By

Published : Aug 7, 2023, 7:52 PM IST

সম্প্রতি বজাৰত জুই লাগিছে । অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা জীৱন দায়িনী ঔষধলৈকে সকলো বস্তু সাধাৰণ লোকে ক্ৰয় কৰিব নোৱাৰা অৱস্থা । এনে উৰ্ধমূখী মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰ ব্যৰ্থ হৈছে। যাৰ বাবে চৌদিশে প্ৰতিবাদৰ ধ্বনি উঠিছে। সোমবাৰে বিয়লি মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত যোগান মন্ত্রীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদে ।

Price hike in Assam
মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত প্ৰতিবাদ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত প্ৰতিবাদ

লখিমপুৰ, ৭ আগষ্ট:সোমবাৰে বিয়লি লখিমপুৰ নগৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত উত্তাল হৈ পৰে । লখিমপুৰত যোগান মন্ত্রীৰ পুত্তলিকা দাহ কৰি মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনালে অসম জাতীয়তাবাদী যুৱ পৰিষদে । লাচিত সেনাৰ উপৰি অসম জাতীয়তাবাদী যুৱ পৰিষদে পৃথকে পৃথকে নগৰৰ বিভিন্ন স্থানত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । লাচিত সেনাৰ দৰে জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়েও নগৰৰ মাজত যোগান মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ পুত্তলিকা দাহ কৰি মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনায় ।

প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি হুচিয়াৰ,অসম চৰকাৰ হায় হায়,যোগান মন্ত্রীয়ে পদত্যাগ কৰক আদি শ্লোগান দি যোগান মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ পুত্তলিকা দাহ কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে । প্ৰতিবাদস্থলীত পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি মুবিন আহমেদ, উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি মনোজ কলিতা আদিয়ে অংশগ্রহণ কৰি মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰখনক ধিক্কাৰ দিয়ে। মূল্যবৃদ্ধিয়ে জনগণক জীয়াতু ভোগ কৰিবলৈ বাধ্য কৰাৰ সময়ত যোগান মন্ত্রীয়ে জগিং কৰি, টুলুঙা মন্তব্যৰে ৰাইজক ভেঙুচালি কৰা বুলি ক্ষোভ প্রকাশ কৰি পৰিষদৰ নেতৃত্বই তেওঁৰ পদত্যাগৰ দাবী জনায় ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এনে অকৰ্মণ্য লোকক কিয় যোগান বিভাগৰ দায়িত্ব দি মন্ত্রী সভাত ঠাই দিছে বুলিও তেওঁলোকে প্ৰশ্ন কৰে । তেওঁলোকে চৰকাৰক সমালোচনা কৰি কয় যে বৰ্তমান অমৃত কাল, অমৃত মহোৎসৱ চলি থকা বুলি চৰকাৰখনে কৈ থকাৰ বিপৰীতে ৰাইজক বিহ পান কৰিবলৈহে বাধ্য কৰিছে। চৰকাৰখন সাধাৰণ মানুহৰ বাবে নহয় । এইখন পূঁজিপতি বণিয়াৰ চৰকাৰ আৰু পূঁজিপতিৰ আঙুলিৰ ঠাৰত উঠা বহা কৰা চৰকাৰ বুলি পৰিষদৰ নেতৃত্বই চৰম ক্ষোভ প্রকাশ কৰে ।

যোগান মন্ত্রীয়ে বিভাগ চম্ভালিব নোৱাৰিলে বাবা ৰামদেৱৰ শৰণাপন্ন হ'বলৈও তেওঁলোকে দাবী জনায় । ৰাইজক অচিৰেই মূল্যবৃদ্ধিৰ কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ নকৰিলে জাতীয়তাবাদী যুৱ পৰিষদে ৰাইজৰ সহযোগত প্ৰৱল প্ৰতিবাদী আন্দোলন আৰম্ভ কৰিব বুলি চৰকাৰক হুংকাৰ দিয়ে ।

লগতে পঢ়ক:Public Protest in Amguri:ৰে’ল বিভাগৰ বিৰুদ্ধে KMSS ৰ প্ৰতিবাদত উত্তাল আমগুৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.