ETV Bharat / state

Demand to Repeal AFSPA : লখিমপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ ধৰ্ণা

author img

By

Published : Dec 8, 2021, 7:08 PM IST

লখিমপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ ধৰ্ণা
লখিমপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ ধৰ্ণা

লখিমপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সসস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন-১৯৫৮ বাতিলৰ দাবীত(Demand to repeal AFSPA) সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

লখিমপুৰ, 8 ডিচেম্বৰ: লখিমপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আজি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে । সসস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮(Armed Forces Special Powers Act AFSPA) বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(Asom Jatiyatabadi Yuba Chatra Parishad)ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰতো পৰিষদৰ জিলা সমিতিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে(Protest in Lakhimpur)।

লখিমপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ ধৰ্ণা

জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ছাত্ৰ সংগঠনটোৱে । ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘা কৰা, নিৰীহ লোকৰ প্ৰাণ কঢ়া বুলি উল্লেখ কৰি এই আইন উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বাতিলৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে (Demand to repeal AFSPA)। এই দাবীৰে প্ৰতিবাদকাৰী সংগঠনটোৱে উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

উল্লেখ্য যে, 4 ডিচেম্বৰত ভাৰতীয় সামৰিক বাহিনীয়ে নাগালেণ্ডৰ মন জিলাত গুলীচালনা কৰি 14 গৰাকী শ্ৰমিকক হত্যা কৰা ঘটনা(Ambush on civilians in Nagaland)ৰ পিছৰে পৰা বিভিন্ন দল-সংগঠনে সসস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ বাবে দাবী জনাই আহিছে ৷

লগতে পঢ়ক: Demand to Repeal AFSPA : ক'লা কাপোৰ বান্ধি ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা AJYCP ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.