ETV Bharat / state

ৰাজ্যত এফালে নিযুক্তি, আনফালে কৰ্মহীন হ’ল হাজাৰ হাজাৰ লোক

author img

By

Published : May 13, 2022, 7:10 PM IST

একাংশক নিযুক্তি প্ৰদানৰ সমান্তৰালকৈ আন একাংশক উপাৰ্জনহীন কৰিলে ৰাজ্য চৰকাৰে ৷ ৰাজ্যজুৰি ৩ হেজাৰ ৭৪৩ খন সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ নাকচ কৰি দোকানীসকলক কৰ্মহীন তোলাৰ পাছত পানীক হাঁহ নচৰা অৱস্থা হৈছে বঞ্চিত দোকানীসকলৰ (Cancellation of fair price shop license in Assam) ৷

Cancellation of Fair Price Shop
ৰাজ্যত এফালে নিযুক্তি, আনফালে কৰ্মহীন হ’ল হাজাৰ হাজাৰ লোক

লখিমপুৰ, ১৩ মে’: ৰাজ্যত এতিয়া নিযুক্তিৰ বতৰ । গৃহ, স্বাস্থ্য আদি বিভিন্ন বিভাগত উঠিছে নিযুক্তিৰ উজান। গৃহ বিভাগত ইতিমধ্যে নিযুক্তিৰ কাম আৰম্ভ হৈছে । ৰাজ্যজুৰি বহু পৰিয়ালত বৈছে আনন্দৰ বন্যা । পিছে ৰাজ্যত এফালে নিযুক্তি চলি থকাৰ সময়তে আনফালে কৰ্মহীন কৰা হ’ল বহু হাজাৰ লোকক ৷ নিযুক্তিৰে নিবনুৱাৰ সংখ্যা হ্ৰাস কৰিবলৈ লোৱা চৰকাৰে কৰ্মহীন কৰিলে আন হাজাৰজনক ।

ৰাজ্যত এফালে নিযুক্তি, আনফালে কৰ্মহীন হ’ল হাজাৰ হাজাৰ লোক

ৰাজ্যজুৰি ৩ হেজাৰ ৭৪৩ খন সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ নাকচ কৰি দোকানীসকলক কৰ্মহীন কৰাৰ ফলত জীৱিকাৰ সন্ধানত হাহাকাৰ কৰিবলগীয়া হৈছে পৰিয়ালসমূহে (Cancellation of fair price shop license in Assam)। উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কেবিনেটৰ সিদ্ধান্ত মৰ্মে ৫০ জনতকৈ কম গ্ৰাহক থকা এই দোকানসমূহৰ অনুজ্ঞাপত্ৰ নাকচ কৰে ৰাজ্য চৰকাৰে । ৩০/৪০ বছৰ ধৰি দোকান দি পৰিয়াল পোহপাল দিয়া এই দোকানীসকলৰ বিকল্প উপাৰ্জনৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । যাৰ বাবে তেওঁলোকে পৰিয়াল পোহপাল দিয়াত হাহাকাৰ কৰিবলগীয়া হৈছে ।

শুকুৰবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এনে বঞ্চিত দোকানীসকলে তেওঁলোকৰ দুৰ্দশাৰ কথা ব্যক্ত কৰাৰ লগতে তেওঁলোকক যদি দোকানৰ অনুজ্ঞাপত্ৰ পুনৰাই নিদিয়ে তেন্তে এককালীন সাহায্য অথবা পেঞ্চনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায় । উল্লেখ্য যে, এইসকল দিশহাৰা দেকানীয়ে এতিয়া বিষয়টোত মুখ্যমন্ত্ৰীগৰীকীৰ হস্তক্ষেপ কামনা কৰিছে । তেওঁলোকক বিকল্প উপাৰ্জনৰ পথ নাইবা সাহায্য দিবৰ বাবে মুখ্যমন্ত্ৰীলৈ সংবাদ মাধ্যমৰ জৰিয়তে জনাইছে বঞ্চিত দোকানীসকলে ৷

লগতে পঢ়ক: মহানগৰীৰ শিল সাঁকো বিলত পৰিল প্ৰশাসনৰ হাঁতোৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.