ETV Bharat / state

AASU protest against Price hike : বয়-বস্তুৰ চৰা দামৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ ৰাজ্য

author img

By

Published : Apr 7, 2022, 8:37 AM IST

বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই অভাৱনীয় মূল্যবৃদ্ধিৰ বাবে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ(AASU protest against Price hike) ৷ এই প্ৰতিবাদত অংশগ্ৰহণ কৰে উত্তম লখিমপুৰ, যোৰহাট, শিৱসাগৰ, জোনাই, গোলাঘাট আৰু হোজাইৰ কাকী আঞ্চলিক ছাত্ৰ সন্থাৰ আছুৰ কৰ্মকৰ্তাসকলে ৷ বহুঠাইত চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে আছুৰ কৰ্মকৰ্তাসকলে ৷ বিপৰীতে কাকীত যোগানমন্ত্ৰীৰ পুত্তলিকা দাহেৰে(Effigy burn of Supply minister Ranjeet Kumar Dass) প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মীসকলে ৷

aasu-protest-against-price-hike-in-various-places-of-assam
মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

নিউজ ডেস্ক, 7 এপ্ৰিল : মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে (Protest against price hike) ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জিলা ছাত্ৰ সন্থাসমূহেও মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ ৷ নিত্য ব্যৱহাৰ্য সামগ্ৰী, শাক-পাচলি, ইন্ধন, ৰন্ধন গেছ, ঘৰ সজা সামগ্ৰী, প্ৰায় 800 বিধ ঔষধ আদিকে ধৰি বিভিন্ন সামগ্ৰীৰ বিগত কিছুদিনৰ পৰাই অভাৱনীয়ভাৱে মূল্য বৃদ্ধি হৈ আহিছে ৷ বুধবাৰে ৰাজ্যৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই এই অভাৱনীয় মূল্যবৃদ্ধিৰ বাবে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ(AASU protest against Price hike) ৷

উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন(Lakhimpur aasu protest against price hike) কৰে ৷ ৰাজ্য চৰকাৰৰ বিয়াগোম যোগান বিভাগ, চৰকাৰ বিৰোধী শ্ল’গানেৰে মূল্যবৃদ্ধি ৰোধৰ দাবী জনায় আছুৰ কৰ্মকৰ্তাসকলে ৷ তদুপৰি ৰাজ্য চৰকাৰ আৰু যোগান বিভাগৰ অস্তিত্ব সম্পৰ্কতো প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ এই বিষয়ত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে আছুৰ প্ৰতিবাদী সদস্যসকলে ৷

aasu-protest-against-price-hike-in-various-places-of-assam
উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ

যোৰহাটতো আছুৰ কৰ্মকৰ্তাসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ(Jorhat aasu protest against price hike) ৷ প্ৰতিবাদকাৰীসকলে ৰঙালী বিহুৰ প্ৰাকক্ষণত বজাৰত জুই লগা বুলি মন্তব্য কৰে ৷ সাধাৰণ জনতাৰ মাজত একপ্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱাৰ কথা উনুকিয়াই যোৰহাট আছুৰ সদস্যসকলে ক্ষোভেৰে কয় যে, সাধাৰণ ৰাইজে সন্মুখীন হোৱা সমস্যাৰ পিছতো কিন্তু ৰাজ্য চৰকাৰে কুম্ভকৰ্ণৰ ভাও গ্ৰহণ কৰি আছে ৷ মূল্যবৃদ্ধি প্ৰতিৰোধ নকৰা পৰ্যন্ত আছুৱে চৰকাৰৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

aasu-protest-against-price-hike-in-various-places-of-assam
যোৰহাটতো সাব্যস্ত প্ৰতিবাদ

"বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই" ধ্বনিৰে বুধবাৰে উত্তাল হৈ পৰে শিৱসাগৰৰ ৰাজপথ(Sivsagar aasu protest against price hike) ৷ শিৱসাগৰ নগৰৰ মাজমজিয়াস্থিত মুক্তিনাথ চাৰিআলিত শিবসাগৰ জিলা ছাত্ৰ সন্থাই খাদ্য সামগ্ৰী, ইন্ধনজাত সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি ৰোধ কৰাত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ তোলে ৷

aasu-protest-against-price-hike-in-various-places-of-assam
মূল্যবৃদ্ধিত দিশহাৰা সাধাৰণ ৰাইজ

আনহাতে, জোনাই(Jonai aasu protest against price hike) আৰু গোলাঘাটতো একেধৰণে আছু কৰ্মীসকলে মূল্যবৃদ্ধিৰ(Golaghat aasu protest against price hike) বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ প্ৰাংগণত আছু কৰ্মীসকলে একত্ৰিত হৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ৰাজ্য চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে আছুৰ কৰ্মীসকলে উত্তাল কৰি তোলে পৰিৱেশ ৷

aasu-protest-against-price-hike-in-various-places-of-assam
কাকীত যোগানমন্ত্ৰীৰ পুত্তলিকা দাহ

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে হোজাই জিলাৰ কাকী আঞ্চলিক ছাত্ৰ সন্থায়ো বৰ্ধিত মূল্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সন্থাই খাদ্য সামগ্ৰী, ইন্ধনজাত সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি ৰোধ কৰাত বিজেপি নেতৃত্বাধীন দুয়োখন চৰকাৰে সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে ৷ প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে সন্ধিয়াৰ সময়ত যোগানমন্ত্ৰীৰ পুত্তলিকা দাহ(Effigy burn of Supply minister Ranjeet Kumar Dass) কৰি কাকীৰ 1 নং চাৰিআলি উত্তাল কৰি তোলে ৷

লগতে চাওক: Price rise in Assam: দাম কমোৱাৰ ক্ষেত্ৰত নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হোৱা নাই চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.