ETV Bharat / state

AAP ward member join BJP: ঝাড়ুুুৰ প্ৰতি মোহভংগ; বিজেপিলৈ গ’ল আপৰ ৱাৰ্ড সদস্য

author img

By

Published : Feb 19, 2023, 7:43 PM IST

AAP ward member join BJP in Lakhimpur
বিজেপিত যোগদান আপৰ ৱাৰ্ড সদস্যৰ

আপত মোক্ষম আঘাত ৷ বিজেপিত যোগদান আপৰ এগৰাকী ৱাৰ্ড সদস্যৰ (AAP ward member join BJP) ৷ লখিমপুৰ পৌৰসভাৰ একমাত্ৰ আম আদমী পাৰ্টীৰ পৰা বিজয়ী সদস্যগৰাকীয়ে দেওবাৰে আনুষ্ঠানিকভাবে যোগদান কৰে বিজেপিত ।

বিজেপিত যোগদান আপৰ ৱাৰ্ড সদস্যৰ

লখিমপুৰ, 19 ফেব্ৰুৱাৰী: সমাগত পঞ্চায়ত আৰু 2024 ৰ লোকসভা নিৰ্বাচন ৷ নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই এতিয়া তৎপৰ হৈ পৰিছে শাসক বিৰোধীৰ লগতে প্ৰতিটো ৰাজনৈতিক দল ৷ ইফালে নিৰ্বাচনৰ পূৰ্বে আৰম্ভ হৈছে দল বাগৰাৰ ৰাজনীতিও ৷ নিৰ্বাচনত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ একাংশই গমন কৰিছে শাসকীয় দলত ৷ কিয়নো এইবাৰ গেৰুৱা বস্ত্ৰ পৰিধান কৰিলে এগৰাকী আপৰ ৱাৰ্ড সদস্যই ৷ আপৰ পৰা একো নোপোৱাৰ অভিযোগ তুলি বিজেপিত গমন আপৰ ৱাৰ্ড সদস্যগৰাকীৰ ৷

উল্লেখ্য যে লখিমপুৰ জিলাৰ পৌৰসভাৰ ১৪ নং ৱাৰ্ড (চি) ৰ আপৰ পৰা বিজয়ী হোৱা সদস্য উদিতা দাসে দেওবাৰে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপি দলত ৷ জিলা বিজেপিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাবে দলটোত যোগদান কৰে ৱাৰ্ড সদস্যগৰাকীয়ে (AAP ward member join BJP in Lakhimpur)। জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা, বিধায়ক মানৱ ডেকা আদিৰ উপস্থিতিত আপৰ সদস্যগৰাকীয়ে আপ এৰি গেৰুৱা বসন পৰিধান কৰে ।

উল্লেখ্য যে বিগত পৌৰ সভা নিৰ্বাচনৰ যোগেদি অসমত পাতনি মেলিছিল আম আদমী পাৰ্টীয়ে ৷ পৌৰসভা নিৰ্বাচনত সকলোকে হতচকিত কৰি গুৱাহাটী আৰু লখিমপুৰ পৌৰ সভাৰ দুটা ৱাৰ্ড দখল কৰিবলৈ সক্ষম হৈছিল কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীৰ দলটোৱে (AAP ward member in Lakhimpur) ৷ আপে দুটাকৈ ৱাৰ্ড দখল কৰাৰ পিচতেই ৰাজনৈতিক মহলত সৃষ্টি হৈছিল ব্যাপক চৰ্চা ৷ অসমত আপৰ এয়া আৰম্ভনি বুলিও ৰাজনৈতিক মহলত একাংশই চৰ্চা কৰিছিল ৷

কিন্তু শেহতীয়াকৈ আপৰ ৱাৰ্ড সদস্য উদিতা দাসে বিজেপিত যোগদান কৰাৰ পিছতে যেন এক প্ৰকাৰে ধূলিসাৎ হ’ল আপৰ সপোন ৷ ইফালে বিজেপিত যোগদান কৰিয়ে বিজেপিৰ প্ৰশংসাত পঞ্চমুখৰ হৈ পৰা দেখা গ’ল ৱাৰ্ড সদস্য উদিতা দাসক ৷ বিজেপিত যোগদান কৰি ৱাৰ্ড সদস্যগৰাকীয়ে কয় যে পৌৰ নিৰ্বাচনৰ পাছত যোৱা এটা বছৰে তেওঁ আপৰ ফালৰ পৰা একো নাপালে । আনহাতে বিজেপিৰ উন্নয়নৰ ধাৰাই তেওঁক বাৰুকৈ আকৃষ্ট কৰিছে । সেয়েহে তেওঁ ৱাৰ্ডৰ নাগৰিকৰ উন্নয়নৰ স্বাৰ্থতে আপ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে বুলি উল্লেখ কৰে সদস্যগৰাকীয়ে ৷

ইফালে নৱাগত সদস্যগৰাকীক বিজেপিত আদৰণি জনাই বিধায়ক মানৱ ডেকাই কয়,"দেশ তথা ৰাজ্যত এতিয়া উন্নয়নৰ ধাৰা দুৰ্নিবাৰ হৈ পৰিছে । উন্নয়নৰ গতি, বিকাশ, বিশ্বাস আদিৰ সমাহাৰে ৰাইজক বিজেপিৰ প্ৰতি আকৃষ্ট কৰিছে । অতি সুচিন্তিত ৰাজনৈতিক সিদ্ধান্তসমূহেও বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস বঢ়াই তুলিছে । যাৰবাবে আন দলৰ প্ৰতি মোহভংগ হৈ ৰাইজ বিজেপি মুখী হৈছে ।"

দলত্যাগী উদিতা দাসক বিজেপি লৈ আদৰণি জনাই তেওঁ উন্নয়নৰ এই ধাৰাত চামিল হোৱাৰ বাবে আন্তৰিক অভিনন্দন জনায় । সভাখনত বিজেপি দলৰ ভালেখিনি নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে । ইফালে উদিতা দাসৰ বিজেপি গমনত জিলাখনত আপ শূন্য হৈ পৰে (AAP ward commissioner joined BJP)। উল্লেখ্য যে, ২২ টা ৱাৰ্ড থকা লখিমপুৰ পৌৰ সভাখন সম্প্ৰতি বিজেপিৰ দখলত আছে । আপৰ সদস্যগৰাকীয়ে আজি বিজেপিত যোগদান কৰাত পৌৰ সভাখনত বিজেপিৰ খোপনি অধিক মজবুত হোৱা বুলি দলীয় কৰ্মীসকলে মত প্ৰকাশ কৰে ।

লগতে পঢ়ক: Bhimashankar Temple Controversy: ভীমাশংকৰ মন্দিৰ মই বনোৱা নাই, ই হাজাৰ বছৰ পুৰণি: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.