ETV Bharat / state

লখিমপুৰত আমছুৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Aug 23, 2022, 4:45 PM IST

AAMSU
লখিমপুৰত আমছুৰ অৱস্থান ধৰ্মঘট

ৰাজ্যজুৰি আমছুৰ প্ৰতিবাদ । লখিমপুৰ জিলা সমিতিৰ উদ্যোগত উপায়ুক্তৰ কাৰ্যালয়ত ধৰ্মঘট (AAMSU protest)। ৯ দফীয়া দাবীৰে উত্তাল প্ৰতিবাদ আমছুৰ ।

লখিমপুৰ, ২৩ আগষ্ট : সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে মঙলবাৰে ৰাজ্যজুৰি ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে (AAMSU statewide strike)। বিভিন্ন জিলাত সংগঠনটোৰ কৰ্মীসকলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । বাকী জিলাৰ লগতে লখিমপুৰৰ বিভিন্ন প্ৰান্ততো সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ৯ দফীয়া দাবী পূৰণৰ প্ৰতিবাদত উত্তাল হৈ পৰে লখিমপুৰ নগৰ ।

আমছুৰ লখিমপুৰ জিলাৰ কৰ্মীসকলে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধৰ্মঘট পালন কৰে (AAMSU protest in Lakhimpur)। অৰুণাচলত মৃত্যু হোৱা শ্ৰমিকসকলৰ পৰিয়ালক ৫ লাখকৈ ক্ষতিপূৰণ দিয়া, বহিঃৰাজ্যত কৰ্মৰত শ্ৰমিকৰ সুৰক্ষা নিশ্চিত কৰা, ছাত্র-ছাত্রী অনুপাতে বিদ্যালয়ত শিক্ষক নিযুক্তি দিয়া, জনসংখ্যা অনুপাতে চৰকাৰী চাকৰি প্ৰদান কৰা, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা আদি কেইবাটাও দাবীৰে আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰে ।

লখিমপুৰত আমছুৰ অৱস্থান ধৰ্মঘট

বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰে । চৰকাৰক তীব্ৰ সমালোচনাও কৰে আমছুৰ সদস্যসকলে । আনহাতে আমছুৰ দাবীসমূহ পূৰণ নহ'লে আগন্তুক দিনত ভয়াৱহ আন্দোলন কৰাৰো হুংকাৰ দিয়ে আমছুৰ কৰ্মীসকলে ।

লগতে পঢ়ক :মূল্যবৃদ্ধিৰ প্ৰতিবাদত অভয়াপুৰীত আমছুৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.