ETV Bharat / state

উৎকোচ উপেক্ষা কৰি ড্ৰাগছ মাফিয়া আটক কৰিলে গৃহৰক্ষী জোৱানে

author img

By

Published : Jul 6, 2021, 9:53 PM IST

কাৰ্বি আংলঙত শেহতীয়াকৈ 12 কোটি টকাৰ ড্ৰাগছ জব্দ কৰি চৰ্চালৈ অহা গৃহৰক্ষী জোৱান বৰছিং বে'ৰ পাছত পুনৰ আন এজন গৃহৰক্ষী জোৱানে উৎকোচ নলৈ আটক কৰিলে এজন ড্ৰাগছ মাফিয়াক ৷ উৎকোচ উপেক্ষা কৰি এটা মষ্ট ৱান্টেড অপৰাধীক কৰায়ত্ত কৰিলে গৃহৰক্ষী জোৱান গৰাকীয়ে ৷

a-home-guard-detained-drugs-mafia-at-bihpuria
উৎকোচ উপেক্ষা কৰি ড্ৰাগছ ব্যৱসায়ী আটক কৰিলে গৃহৰক্ষী জোৱানে

বিহপুৰীয়া, 6 জুলাই : ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ আৰক্ষীৰ অভিযানত ইতিমধ্যেই জালত পৰিছে বহু অপৰাধী ৷ ইয়াৰ মাজতে উৎকোচ উপেক্ষা কৰি এজন অপৰাধীক কৰায়ত্ত কৰিলে লখিমপুৰৰ এগৰাকী গৃহৰক্ষী জোৱানে ৷ উৎকোচ উপেক্ষা কৰি এজন ড্ৰাগছ মাফিয়াক কৰায়ত্ত কৰা এই গৃহৰক্ষী জোৱানজন বিহপুৰীয়া আৰক্ষী থানাৰ অধীনৰ বিজয় হাজৰিকা ৷

সোমবাৰে নিশা মষ্ট ৱান্টেত বাবুল আলীক কৰায়ত্ত কৰে গৃহৰক্ষী জোৱান বিজয় হাজৰিকাই ৷ কিন্তু গাড়ীসহ পলাই সাৰিবলৈ সক্ষম হয় বাবুলৰ আন এক সহযোগী ৷ যোৱা 26 মে'ৰ পৰা পলাতক অৱস্থাত আছিল বিহপুৰীয়াৰ কেঞামৰাৰ ড্ৰাগছ মাফিয়া বাবুল আলী ৷ কিন্তু সোমবাৰে নিশা চলা এক তালাচী অভিযানত জালত পৰে ড্ৰাগছ মাফিয়াটোক ৷

উৎকোচ উপেক্ষা কৰি ড্ৰাগছ ব্যৱসায়ী আটক কৰিলে গৃহৰক্ষী জোৱানে

বাবুল আলীয়ে গৃহৰক্ষী জোৱান জনক এক লাখ টকা যাচিছিল যদিও তাক উপেক্ষা অতি কৌশলেৰে কুখ্যাত ড্ৰাগছ মাফিয়া নিজামুদ্দিন আহমেদ উৰফে বাবুল আলীক কৰায়ত্ত কৰে গৃহৰক্ষী জোৱান জনে ৷ দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধুলি দি পলাই আছিল ড্ৰাগছ মাফিয়া বাবুল আলী ৷

উল্লেখ্য যে, কাৰ্বি আংলঙত শেহতীয়াকৈ 12 কোটি টকাৰ ড্ৰাগছ জব্দ কৰি ৰাজ্য জুৰি চৰ্চা লাভ কৰিছিল বৰচিং বে' নামৰ এগৰাকী গৃহৰক্ষী জোৱান ৷ পৰৱৰ্তী সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ কনিষ্টবল পদত নিয়োগ কৰিছিল গৃহৰক্ষী জোৱান জনক ৷ উক্ত ঘটনাৰ চাঞ্চল্য মাৰ নৌযাঁওতেই পুনৰ উৎকোচ উপেক্ষা কৰি এজন অপৰাধীক কৰায়ত্ত কৰিলে গৃহৰক্ষী জোৱান বিজয় হাজৰিকাই ৷

লগতে পঢ়কঃ নতুন SOP: 7 জিলাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.