ETV Bharat / state

Assam Legislative Assembly: অসম বিধানসভাৰ শীতকালীন অধিৱেশন এইবাৰ হ’ব কোকৰাঝাৰত

author img

By

Published : May 15, 2023, 10:12 PM IST

Assam Legislative Assembly
বিধানসভাৰ শীতকালীন অধিৱেশন

কোকৰাঝাৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন (Winter Session of Assam Legislative Assembly) ৷ বিটিআৰ বিধান পৰিষদীয় ভৱনত উপস্থিত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ৷ অধিবেশন চলা অৱস্থাত সুবিধা থাকিলে ৰাইজে বিধায়কক অতিথি হিচাপে ঘৰতে ৰাখিব পাৰিব : বিশ্বজিৎ দৈমাৰী ৷

কোকৰাঝাৰ, ১৫ মে’ : ৰাজ্য চৰকাৰে কেবিনেট বৈঠকসমূহ জিলাই জিলাই অনুষ্ঠিত কৰাৰ পিচত এইবাৰ দিছপুৰৰ বাহিৰত অনুষ্ঠিত কৰিব বিধানসভাৰ অধিৱেশন । পোন প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ সোমবাৰে বিটিআৰ বিধান পৰিষদীয় ভৱনত উপস্থিত হয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ।

মূলতঃ অসম বিধানসভাৰ শীতকালীন অধিৱেশন কোকৰাঝাৰত অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে বিটিআৰ বিধান পৰিষদীয় ভৱনত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে আৰু সকলো কাৰ্য যাতে সুকলমে সম্পন্ন হয় তাৰ বাবেই আজি কোকৰাঝাৰত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী উপস্থিত হৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বিটিআৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োৰ সৈতে আলোচনাত মিলিত হয় (Assam Legislative Assembly to be held in Kokrajhar) ।

Assam Legislative Assembly
বিধানসভাৰ অধিৱেশনৰ কাম-কাজ পৰিদৰ্শনৰ সময়ত বিশ্বজিৎ দৈমাৰী

ইপিনে সংবাদ মাধ্যমৰ আগত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে বিধায়নী প্ৰক্ৰিয়া সকলোৱে জানিব লাগে । পূৰ্বতে এনে ধৰণৰ সুবিধা নাছিল কিন্তু বৰ্তমানৰ চৰকাৰে কেৱিনেট বৈঠক দিছপুৰৰ বাহিৰত অনুষ্ঠিত কৰাৰ লগতে এইবাৰ বিধানসভাৰ অধিৱেশন দিছপুৰৰ বাহিৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । পোন প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অৰ্থাৎ কোকৰাঝাৰত অনুষ্ঠিত হ'ব লগা বিধানসভাৰ অধিৱেশনত সকলো শ্ৰেণীৰ ৰাইজে প্ৰত্যক্ষভাৱে যোগদান কৰাৰ সুযোগ লাভ কৰিব আৰু বিধায়নী প্ৰক্ৰিয়া কেনেদৰে পৰিচালিত হয় সেয়া প্ৰত্যক্ষ কৰিব পাৰিব ।

Assam Legislative Assembly
বিধানসভাৰ অধিৱেশনৰ কাম-কাজ পৰিদৰ্শনৰ সময়ত বিশ্বজিৎ দৈমাৰী

অসম বিধানসভাৰ আগন্তুক শীতকালীন অধিৱেশন বিটিচি সচিবালয়ত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি বিশ্বজিৎ দৈমাৰীয়ে অধিৱেশন সুকলমে অনুষ্ঠিত কৰিবলৈ যি ব্যৱস্থাপনাৰ প্ৰয়োজন সেয়া কৰি থকা হৈছে বুলি সদৰী কৰিছে । অধিৱেশনকালীন সময়ছোৱাত মন্ত্ৰী-বিধায়কক ৰাখিবলৈ কোনো অসুবিধাৰ সৃষ্টি নহ’ব আৰু জনতাই ইচ্ছা কৰিলে তথা সা-সুবিধা মজুত থাকিলে নিজ ঘৰতো বিধায়কসকলক অধিৱেশন চলা দিনকেইটা অতিথি হিচাবে নিজ ঘৰত ৰাখিব পাৰিব বুলি মন্তব্য কৰিছে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

লগতে পঢ়ক : Congress AIUDF alliance: আজমলৰ মিত্ৰতাৰ প্ৰস্তাৱ বাবে বাৰে প্ৰত্যাখান ভূপেন বৰাৰ; কি কৰিব AIUDF য়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.