ETV Bharat / state

Congress AIUDF alliance: আজমলৰ মিত্ৰতাৰ প্ৰস্তাৱ বাবে বাৰে প্ৰত্যাখান ভূপেন বৰাৰ; কি কৰিব AIUDF য়ে ?

author img

By

Published : May 15, 2023, 9:37 PM IST

Congress AIUDF alliance
Congress AIUDF alliance

ৰাষ্ট্ৰীয় নেতাৰ দুৱাৰে দুৱাৰে আজমল ৷ পিছে দুৱাৰত দাং দিছে কংগ্ৰেছে ৷ বিৰোধীৰ মিত্ৰতাৰ বাহিৰত এতিয়া কি কৰিব AIUDF য়ে(Problems with AIUDF alliance with Congress) ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

ৰাষ্ট্ৰীয় নেতাৰ দুৱাৰে দুৱাৰে আজমল

গুৱাহাটী, ১৫ মে’: অসমত বিজেপি বিৰোধী কংগ্ৰেছৰ নেতৃত্বত গঠিত মিত্ৰজোঁটত সংযুক্ত হ’বলৈ সৰ্বতো প্ৰকাৰে নিজৰ চেষ্টা অব্যাহত ৰাখিছে সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফে ৷ বাৰে বাৰে টুকুৰিয়াইছে কংগ্ৰেছৰ দুৱাৰত ৷ আনফালে দেখা গৈছে আজমলে যিমানেই কাষ চাপিবলৈ চেষ্টা কৰিছে সিমানেই দুৱাৰত দাং দিছে কংগ্ৰেছে (Problems with AIUDF alliance with Congress) ৷

আগন্তুক ২০২৪ ৰ লোকসভাৰ বাবে তৃতীয় সংগঠিত বিকল্প শক্তিৰ প্ৰচেষ্টাত থকা নীতিশ কুমাৰক যোৱা শুকুৰবাৰে আগবেলা সাক্ষাৎ কৰে AIUDFৰ নেতৃত্বই (AIUDF meets Nitish Kumar) । পাটনাত প্ৰায় এঘণ্টা সময় ধৰি নীতিশ কুমাৰে AIUDF ৰ দলটোৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে ৷ সেইদিনা আবেলিলৈ বদৰুদ্দিন আজমলৰ দলটোৱে সাক্ষাৎ কৰে আৰজেডিৰো নেতৃত্বক ৷ উদ্দেশ্য, ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে দেশত চৰ্চাত থকা তৃতীয় মৰ্চাত অংশীদাৰ হোৱা(Lok Sabha Election 2024) ৷

শনিবাৰে আকৌ মহাৰাষ্ট্ৰলৈ গৈ এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰক সাক্ষাৎ কৰে বদৰুদ্দিন আজমলসহ সঁজাতী দলটোৱে ৷ উদ্দেশ্য একেই—প্ৰস্তাৱিত তৃতীয় মৰ্চাৰ অংশীদাৰ হোৱা ৷ এইদৰেই ৰাজ্যৰ বাহিৰত AIUDFৰ ধাৰাবাহিকভাৱে বিভিন্ন দলৰ ৰাষ্ট্ৰীয় নেতাক সাক্ষাৎ কৰিছে ৷ এই নেতাসকলক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে যে এআইইউডিএফ নহ’লে অসমত তৃতীয় বিকল্প মিত্ৰজোঁটে সফলতা লাভ নকৰিব ৷

তাৰ দ্বাৰা অসমত কংগ্ৰেছৰ ওপৰত যাতে চাপ পৰে ৷ কিন্তু অসমৰ বিৰোধী ঐক্যত এলাগী হৈ পৰা AIUDF য়ে এতিয়াও লাভ কৰা নাই কংগ্ৰেছৰ সঁহাৰি (Lok Sabha Election in Assam) । সেয়ে পুনৰ বিৰোধী ঐক্যত চামিলৰ বাবে আজমলে সহায় লৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ ৷ নীতিশ কুমাৰ, শাৰদ পাৱাৰক সাক্ষাৎ কৰি আহি এআইইউডিএফৰ গুৱাহাটীত মন্তব্য, “মহাজোঁটবন্ধন কংগ্রেছক লৈ হ'ব নে নহয় সেইয়া এতিয়াও ঠিৰাং হোৱা নাই ।”

ইফালে অসমত কংগ্ৰেছৰ নেতৃত্বত ১১টা ৰাজনৈতিক দল ঐক্যবদ্ধ হোৱা সন্দৰ্ভতো এআইইউডিএফৰ আক্ৰমণ অজাপৰ লুৰীণজ্যোতি গগৈ আৰু ৰাইজৰ দলক অখিল গগৈক ৷ এআইইউডিএফৰ শেহতীয়া মন্তব্য যে, বিগত বিধানসভা নিৰ্বাচনত অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে ভোট বিভাজন কৰি বিজেপিক সহায় কৰিলে। আনহাতে এআইইউডিএফৰে মিত্রতাৰ ক্ষেত্রত কংগ্ৰেছে বাধা দিয়া নাই বুলি মন্তব্য কৰে এআইইউডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই । তেওঁ কয়, “কংগ্ৰেছত থকা বিজেপিৰ 'এজেণ্ট' সকলেহে বাধা দিছে।”

কিন্তু এআইইউডিএফৰ চাপ উপেক্ষা কৰি পুনৰ আজমলৰ আশাত চেঁচাপানী ঢালিলে অসম প্ৰদেশ কংগ্ৰেছে ৷ এপিচিচিৰ সভাপতি ভূপেন বৰাই সোমবাৰেও পুনৰ এবাৰ স্পষ্টকৈ মিত্ৰতাৰ ক্ষেত্ৰত উপেক্ষা কৰিলে আজমলৰ এআইইউডিএফক ৷ ভূপেন বৰাই ঘোষণা কৰিলে যে, “পূৰ্বৰ নিৰ্বাচনবোৰত এ আই ইউ ডি এফৰ লগত কংগ্ৰেছে মিত্ৰতা কৰাতো ডাঙৰ ভুল আছিল । এইবাৰ কংগ্ৰেছ দলে এই ভুলৰ পুনৰাবৃত্তি নকৰে ।”


লগতে ভূপেন বৰাই স্পষ্টকৈ কয় যে বদৰুদ্দিন আজমলৰ এআইইউডিএফ বিজেপিৰ আঠুৱা তলৰ মহ। আনহাতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু শাৰদ পাৱাৰক বদৰুদ্দিন আজমলে সাক্ষাৎ কৰা প্ৰসংগতো অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে দেশত বিৰোধী ঐক্য গঠনৰ নিৰ্ণায়ক ভূমিকা কংগ্ৰেছ দলেই গ্ৰহণ কৰিব । স্বাভাৱিকতে অসমত শিল গলা নাই এআইইউডিএফৰ ৷ আন আন ৰাষ্ট্ৰীয় দলৰ নেতাক ধাৰাবাহিকভাৱে কৌশলগতভাৱে সাক্ষাৎ কৰিও কংগ্ৰেছৰ কাষ চাপিবলৈ সফল হোৱা নাই এআইইউডিএফ । বিৰোধীৰ সন্মিলিত শক্তিৰ পৰা এঘৰীয়া আজমলৰ দল ৷ এতিয়া বদৰুদ্দিন আজমলৰ এআইইউডিএফে পৰৱৰ্তী পদক্ষেপ কি লয় সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: Van caught fire: গাড়ী ষ্টাৰ্ট দিওঁতেই অকস্মাতে লাগিল জুই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.