UPPL foundation day: কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে উদযাপিত হ’ল ইউপিপিএলৰ প্ৰতিষ্ঠা দিৱস

author img

By

Published : Aug 6, 2022, 8:49 AM IST

Etv BharatUPPL rising day
Etv Bharatবিটিআৰ লোকৰ উন্নয়নৰ বাবে দায়বদ্ধ ইউপিপিএল ()

বৃহস্পতিবাৰৰে পৰা দুদিনীয়াকৈ উদযাপিত ইউনাইটেড পিপুলছ পাৰ্টী লিবাৰেল চমুকৈ ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ শুকুৰবাৰে সামৰণি পৰে । বিটিআৰ অঞ্চলৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ বিকাশ আৰু উন্নয়ন সাধনেই ইউপিপিএল দলৰ প্ৰধান লক্ষ্য ৷ বিটিআৰ চুক্তি ৰূপায়ণ কৰিব নোৱাৰিলে পিছত ৰাইজে পুনৰাই তেওঁলোকক দ্বিতীয় সুযোগ নিদিয়ে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই(UPPL committed to development of BTR people) ৷

কোকৰাঝাৰ ৫ আগষ্ট: কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ চন্দ্ৰপাৰা এম ই স্কুল খেলপথাৰত বৃহস্পতিবাৰৰে পৰা উদযাপন হৈ অহা ইউনাইটেড পিপুলছ পাৰ্টী লিবাৰেল চমুকৈ ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ শুকুৰবাৰে সামৰণি পৰে(UPPL celebrating seventh foundation day)। কেন্দ্ৰীয়ভাবে উদযাপিত হোৱা প্ৰতিষ্ঠা দিৱসৰ দ্বিতীয় তথা অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি দলৰ পতাকা উত্তোলন কৰে ইউপিপিএলৰ সভাপতি তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ ইয়াৰ পিচতে দলৰ শ্বহীদ বেদীত পুস্পাঞ্জলি অৰ্পণ কৰে ইউপিপিএলৰ প্ৰতিষ্ঠাপক সভাপতি তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷

ইপিনে সংবাদমাধ্যমৰ আগত ইউপিপিএল দলৰ সপ্তম প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰমোদ বড়োৱে দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰীকে ধৰি দলৰ সকলো নেতা-কৰ্মীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে ।

বিটিআৰ অঞ্চলৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ বিকাশ আৰু উন্নয়ন সাধনেই ইউপিপিএল দলৰ প্ৰধান লক্ষ্য বুলি উল্লেখ কৰি প্ৰমোদ বড়োয়ে কয় যে সকলোৰে কঠিন পৰিশ্ৰম আৰু ত্যাগৰ বিনিময়ত ইউপিপিএল দলে আজিৰ পৰ্যায় পাবলৈ সক্ষম হৈছে (UPPL committed to development of BTR people)৷

আনপিনে, সাংবাদিকৰ এক প্ৰশ্নোত্তৰত প্ৰমোদ বড়োৱে বিপিএফ দলক কঠোৰ সমালোচনা কৰে(UPPL strongly criticized BPF)। বিজেপিৰ গাড়ীত বিপিএফ দল উঠাৰ পিছত পৰৱৰ্তী সময়ত বিজেপিৰ গাড়ীৰ পৰা নামি গৈ কংগ্ৰেছৰ গাড়ীত উঠিছিল আৰু এতিয়া যদি পুনৰাই বিজেপিৰ গাড়ীত উঠিব বিচাৰে সেই সন্দৰ্ভত তেওঁ জ্ঞাত নহয় বুলি মন্তব্য কৰে ।

ইফালে, ইউপিপিএলৰ প্ৰতিষ্ঠাপক সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বিটিআৰ চুক্তি ৰূপায়ণ কৰিব নোৱাৰিলে পিছত ৰাইজে পুনৰাই তেওঁলোকক দ্বিতীয় সুযোগ নিদিয়ে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় । বিটিআৰ চুক্তিৰ দফাসমূহ ৰূপায়ণ আৰু যিবোৰ দফা ৰূপায়ণৰ বাবে দীঘলীয়া সময়ৰ প্ৰয়োজন, সেয়া আৰম্ভ কৰিব লাগিব বুলি মন্তব্য আগবঢ়ায় কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।

প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বিধায়ক তথা ইউপিপিএলৰ কোকৰাঝাৰ জিলা সভাপতি লৰেঞ্চ ইছলাৰী, কাৰ্যবাহী সদস্য নিলুৎ স্বৰ্গীয়াৰী, ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰী, উপ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম, বিজেপিৰ নেতা তথা কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জিহাৰী, বিটিআৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, কোকৰাঝাৰ জিলা ইউপিপিএলৰ সাধাৰণ সম্পাদক সূৰজ মুছাহাৰীসহ ইউপিপিএলৰ কেইবাগৰাকীও কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ নেতৃবৃন্দ উপস্থিত থাকে ৷

উল্লেখযোগ্য যে ইউপিপিএলৰ প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি শুকুৰবাৰে চন্দ্ৰপাৰা খেল পথাৰত এক প্ৰীতি ফুটবল খেলৰ আয়োজন কৰা হয় ৷

লগতে পঢ়ক: বিপিএফৰ সৈতে কোনো মিত্ৰতা নাই বিজেপিৰ : ৰণজিৎ কুমাৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.