ETV Bharat / state

শিক্ষা সংস্কাৰক সোনম ৱাংচুকক বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 8:04 PM IST

Education reformer Sonam Wangchuk of Ladakh
শিক্ষা সংস্কাৰক লাডাখৰ সোনম ৱাংচুক

বড়োসকলে নিজৰ পৰিচয় আৰু সংস্কৃতি লৈ বিশ্বৰ বুকুত চিৰদিনে জীয়াই থাকিব বুলি মন্তব্য় প্ৰমোদ বড়োৰ (BTR CEO Pramod Boro) । ২০ তম 'বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা' প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এইদৰে মন্তব্য় কৰে ।

শিক্ষা সংস্কাৰক লাডাখৰ সোনম ৱাংচুক

কোকৰাঝাৰ, ২৩ ডিচেম্বৰ : সমাজৰ অৱহেলিত, শোষিত, লাঞ্চিত, বঞ্চিত আৰু নিষ্পেষিত জনসাধাৰণৰ ন্যায়, অধিকাৰৰ লগতে সাংস্কৃতিক, শৈক্ষিক আদি বিভিন্ন ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই অহা বিশেষ ব্যক্তিক ইউএনবিটি ন্যাসে প্ৰতিবছৰে প্ৰদান কৰি আহিছে 'বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা' । এইবেলি ২০ তম 'বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা' ৰমন মেগাছেছ বঁটা বিজয়ী, প্ৰসিদ্ধ অভিযন্তা, উদ্ভাৱক, শিক্ষা সংস্কাৰক লাডাখৰ সোনম ৱাংচুকক প্ৰদান কৰা হয় ।

আজি উপেন্দ্ৰ নাথ ব্ৰহ্ম ন্যাস চমুকৈ ইউ এন বি টি আৰু এবছুৰ যৌথ উদ্যোগত কোকৰাঝাৰৰ চান্দামাৰীত থকা বডোফা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সোনম ৱাংচুক এই বঁটা প্ৰদান কৰা হয় । এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ, এড়ী কোট, এড়ী চাদৰ, বডোফাৰ প্ৰতিকৃতি আৰু দুই লাখ টকাৰ চেক ।

উল্লেখ্য যে ইউ এন বি টি ন্যাসে শনিবাৰে আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে বড়ো সাহিত্য সভাৰ সভাপতি ড৹ সুৰথ নাৰ্জাৰীয়ে । সভাত আদৰণি ভাষণ দিয়ে ইউ এন বি টি ন্যাসৰ অধ্যক্ষ ড৹ সুবুং বসুমতাৰীয়ে । উক্ত অনুষ্ঠানটো উদ্বোধন কৰে বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে ৷

অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম । সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা দ্য় আসাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱাই ইউ এন বি টি ন্যাসৰ পদক্ষেপক শলাগ লয় । ইপিনে, বঁটা লাভ কৰা শিক্ষা সংস্কাৰক সোনম ৱাংচুকে জীৱনৰ অন্যতম শ্ৰেষ্ঠ প্ৰাপ্তি বুলি মন্তব্য কৰি কয় যে এয়া এটা জনজাতি ক্ষেত্ৰৰ পৰা আন এটা জনজাতি ক্ষেত্ৰলৈ ডাঙৰ সন্মান । বড়োলেণ্ডৰ সংস্কৃতিক উচ্চ প্ৰশংসা কৰি সোনম ৱাংচুকে আজিৰ ডেকাচামে কাইলৈৰ বড়োলেণ্ড চম্ভালিব লাগিব বুলি মন্তব্য কৰে ৷ বিভিন্ন মহাবিদ্যালয়ত ডেকাচামৰ সতে বাৰ্তালাভ কৰি তেওঁ সুখী বুলিও মন্তব্য কৰে । তদুপৰি লাডাখৰ পৰা এটা ছাত্ৰ-ছাত্ৰীৰ দল বড়োলেণ্ডৰ সংস্কৃতি -শিক্ষাৰ বিষয়ে জানিবলৈ অহাত সহমত পোষণ কৰে ।

আনহাতে, এই অনুষ্ঠানটোত প্ৰমোদ বড়োৱে সোনম ৱাংচুকক ২০ তম বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটাৰ বাবে নিৰ্বাচিত কৰাৰ বাবে ন্যাস আৰু এবছুক ধন্যবাদ জ্ঞাপন কৰে । ড্ৰপ আউট শিক্ষাৰ্থী সন্দৰ্ভত সোনম ৱাংচুকৰ গৱেষণাৰ ফলাফল বিশ্বজুৰি স্বীকৃত বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মই বড়ো সকলক পৰিচয় দিলে । বড়োসকলৰ বাবে তিনিখনকৈ বড়ো চুক্তি সম্পন্ন হ'ল আৰু আজি আমি দৃঢ় বিশ্বাসী যে বড়োসকলে নিজৰ পৰিচয় আৰু সংস্কৃতি লৈ বিশ্বৰ বুকুত চিৰদিনে জীয়াই থাকিব ।

ইপিনে, অনুষ্ঠানটোত উপস্থিত থাকি এবছুৰ সভাপতি দ্বীপেন বড়োই লাডাখৰ সৈতে বড়োলেণ্ডৰ এক সমন্বয়ৰ যাত্ৰা আৰম্ভ হ'ল আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোন এখোজ আগবাঢ়িল বুলি মন্তব্য কৰে । উল্লেখ্য যে আজিৰ অনুষ্ঠানত ইউ এন বি টিৰ পাৱাৰ অৱ এটৰ্নী বিষ্ণু প্ৰসাদ ব্ৰহ্ম, এবছুৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী, বিধায়ক লৰেন্স ইছলাৰী, বিধায়ক জিৰণ বসুমতাৰী উপস্থিত থাকে ।

লগতে পঢ়ক:হতাশাগ্ৰস্ত মল্লযোদ্ধাক সান্ত্বনা প্ৰিয়ংকা গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.