ETV Bharat / state

UPPL Conference in Kokrajhar : তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল ইউপিপিএলৰ কেন্দ্ৰীয় অধিৱেশন

author img

By

Published : Nov 11, 2022, 10:26 PM IST

কোকৰাঝাৰৰ চন্দ্ৰপাৰাৰ জৌগালু পথাৰত ইউপিপিএল দলৰ কেন্দ্ৰীয় অধিৱেশন আৰম্ভ (UPPL Conference in Kokrajhar)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছয় হেজাৰ প্ৰতিনিধিৰ অংশগ্ৰহণ ৷ লোকসভা নিৰ্বাচন আৰু প্ৰাৰ্থীত্বক লৈ হ'ব আলোচনা । মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

UPPL Conference in Kokrajhar
তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল ইউপিপিএলৰ কেন্দ্ৰীয় অধিৱেশন

কোকৰাঝাৰ, ১১ নৱেম্বৰ : কোকৰাঝাৰ নিকটৱৰ্তী চন্দ্ৰপাৰাত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ইউপিপিএল দলৰ তৃতীয় ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন (UPPL Conference in Kokrajhar)। চন্দ্ৰপাৰাৰ জৌগালু পথাৰৰ প্ৰায় একহাজাৰ বিঘা বিশাল ভূমিত হেজাৰ হেজাৰ প্ৰতিনিধিৰ সমাগম তথা বিভিন্ন বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হৈছে ইউপিপিএলৰ কেন্দ্ৰীয় অধিৱেশন ৷

মুখ্যদ্বাৰ আনুষ্ঠানিকভাৱে মুকলিৰে শুকুৰবাৰে অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিষদীয় সদস্য ছাইখং বসুমতাৰীয়ে । ইয়াৰ পিছতে প্ৰতিনিধি শিৱিৰ মুকলি কৰে সঞ্জয় স্বৰ্গীয়াৰীয়ে, অতিথিশালা মুকলি কৰে কাৰ্যবাহী সদস্য উকিল মুছাহাৰীয়ে, মুখ্য ৰভা আৰু মঞ্চ মুকলি কৰে বিধায়ক জিৰণ বসুমতাৰীয়ে, প্ৰদৰ্শনী থলী মুকলি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে আৰু ভোজনালয় মুকলি কৰে পৰিষদীয় সদস্য পবিত্ৰ কুমাৰ বড়োই ।

উল্লেখ্য যে, শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ইউপিপিএলৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিৱেশনত ইতিমধ্যে ইউপিপিএলৰ ১০ খন জিলা সমিতিৰ পৰা ছয় হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে । ইউপিপিএল দলৰ মূল প্ৰতিনিধি সভা শুকুৰবাৰে নিশা অনুষ্ঠিত হ'ব ।

ইপিনে সংবাদমাধ্যমৰ আগত অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ তথা বিধায়ক লৰেঞ্চ ইছলাৰীয়ে তিনিদিনীয়া ত্ৰিবাৰ্ষিক কাৰ্যসূচীৰ বিস্তাৰিত বিৱৰণ দি কয় যে প্ৰতিনিধি সভাতে ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ(Lok Sabha election 2024) বিষয়ে আলোচনা কৰা হ'ব ।

তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল ইউপিপিএলৰ কেন্দ্ৰীয় অধিৱেশন

তদুপৰি কোকৰাঝাৰ লোকসভা সমষ্টি(Kokrajhar Lok Sabha constituency) আৰু মঙলদৈ লোকসভা সমষ্টিৰ(Mangaldoi Lok Sabha constituency) প্ৰাৰ্থীত্ব সন্দৰ্ভতো প্ৰতিনিধি সভাত আলোচিত হ’ব । প্ৰতিনিধি সভাতে ইউপিপিএলৰ নতুন কমিটি গঠন সন্দৰ্ভত আলোচনা কৰা হ'ব বুলি সদৰী কৰিছে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ।

তদুপৰি অধিৱেশনৰ অন্তিম দিনাৰ মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিশিষ্ট অতিথি হিচাপে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা(Assam BJP president Bhabesh Kalita), অগপৰ সভাপতি অতুল বৰা আৰু মিত্ৰজোঁটৰ জি এচ পিৰ নেতৃবৃন্দ উপস্থিত থাকিব বুলি সদৰী কৰিছে ৷

লগতে পঢ়ক : Assam Bandha : ১৫ নৱেম্বৰত ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান ছয় জনগোষ্ঠী যৌথ মঞ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.