ETV Bharat / state

TET qualified candidates protest: টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰতিবাদত কঁপিল BTR

author img

By

Published : Mar 25, 2022, 9:04 PM IST

ALL BTR TET QUALIFIED ASSOCIATION ৰ প্ৰতিবাদত উত্তাল BTR । বিভিন্ন সমস্যা সমাধানৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ । কোকৰাঝাৰৰ বডোফা নগৰস্থিত BTR সচিবালয়ৰ সন্মুখত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় (TET qualified candidates stage protest in Kokrajhar) ৷

TET qualified candidates protest
টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰতিবাদত কঁপিল BTR

কোকৰাঝাৰ, ২৫ মাৰ্চ: BTR অঞ্চলত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ অসমীয়া আৰু বড়ো মাধ্যমৰ লগতে সকলো মাধ্যমৰ শিক্ষকৰ খালী পদসমূহ মোকলাই দিয়াৰ দাবীত শুকুৰবাৰে ALL BTR TET QUALIFIED ASSOCIATION য়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে (TET qualified candidates stage protest in Kokrajhar) । কোকৰাঝাৰৰ বডোফা নগৰস্থিত BTR সচিবালয়ৰ সন্মুখত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

protest in kokrajhar
কোকৰাঝাৰৰ বডোফা নগৰস্থিত BTR সচিবালয়ৰ সন্মুখত এই ধৰ্ণা কাৰ্যসূচী

BTR ৰ পাঁচখন জিলাৰ পৰা প্ৰায় সহস্ৰাধিক টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৰিৱেশ উত্তাল কৰি তোলে । লগতে WE WANT JUSTICE, NO RECRUITMENT NO TET, অতি শীঘ্ৰেই BTR-ত LP, UP শিক্ষকৰ সমূহ পদ মোকলাই দিয়ক, সকলো বিদ্যালয়ত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তি দিয়ক, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰক, অবৈধ শিক্ষক নিযুক্তি বন্ধ কৰক, আমাৰ দাবী ন্যায্য দাবী আদি বিভিন্ন শ্লোগানেৰে কঁপাই তোলে আকাশ-বতাহ ।

শ্বাহ জাহান আলিয়ে নেতৃত্ব দিয়া ধৰ্ণা কাৰ্যসূচীত ALL BTR TET QUALIFIED ASSOCIATION ৰ সভাপতি কৰেন্দ্ৰ ৰয়, সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি ৰয়, ছাঞ্চুমা কুমাৰ ব্ৰহ্মকে আদি কৰি বিটিআৰ অঞ্চলৰ সহস্ৰাধিক টেট উত্তীৰ্ণ প্ৰাৰ্থী উপস্থিত থাকে ।

লগতে পঢ়ক: পুষ্পাৰ ৰূপত ৰূপজ্যোতি কুৰ্মী: কভী ঝুকেগা নেহী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.