ETV Bharat / state

কোকৰাঝাৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ বহনক্ষম বিকাশ শীৰ্ষক ৰাষ্ট্ৰীয় অধিবেশন

author img

By

Published : Sep 10, 2022, 6:37 AM IST

কোকৰাঝাৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ বহনক্ষম বিকাশ শীৰ্ষক ৰাষ্ট্ৰীয় অধিবেশন
কোকৰাঝাৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ বহনক্ষম বিকাশ শীৰ্ষক ৰাষ্ট্ৰীয় অধিবেশন

কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয় আৰু বিজ্ঞান ভাৰতী এন ই এছ এমৰ যুটীয়া উদ্যোগত আয়োজিত হোৱা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ৰাষ্ট্ৰীয় অধিবেশনৰ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে বি টি আৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ই ৷ অনুষ্ঠানত আমন্ত্ৰিত অতিথি সকলৰ দ্বাৰা এখন স্মৰণিকা উন্মোচন কৰা হয় ৷

কোকৰাঝাৰ, 10 ছেপ্টেম্বৰ: "বিজ্ঞান আৰু প্ৰযুক্তিৰ দিশত বহনক্ষম বিকাশ" (Science and technology for sustainable development) শীৰ্ষক এক ৰাষ্ট্ৰীয় ভিত্তিক অধিবেশন শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ (Kokrajhar Science College) নীলকমল ব্ৰহ্ম সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে ৷

কোকৰাঝাৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ বহনক্ষম বিকাশ শীৰ্ষক ৰাষ্ট্ৰীয় অধিবেশন
কোকৰাঝাৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ বহনক্ষম বিকাশ শীৰ্ষক ৰাষ্ট্ৰীয় অধিবেশন

উল্লেখ্য যে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয় আৰু বিজ্ঞান ভাৰতী এন ই এছ এমৰ যুটীয়া উদ্যোগত আয়োজিত হোৱা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ৰাষ্ট্ৰীয় অধিবেশনৰ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে বি টি আৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ই ৷ অনুষ্ঠানত আমন্ত্ৰিত অতিথি সকলৰ দ্বাৰা এখন স্মৰণিকা উন্মোচন কৰা হয় ৷

কোকৰাঝাৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ বহনক্ষম বিকাশ শীৰ্ষক ৰাষ্ট্ৰীয় অধিবেশন
কোকৰাঝাৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ বহনক্ষম বিকাশ শীৰ্ষক ৰাষ্ট্ৰীয় অধিবেশন

উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ (Bodoland University) উপাৰ্চায ড° লাইশ্ৰাম লাড্ডু সিং, নিৰ্দিষ্ট বক্তা হিচাপে আই আই টি বেনাৰসৰ (IIT Banaras) দেবেন্দ্ৰ মোহন, এন টি পি চি,বঙাইগাঁৱৰ (NTPC Bongaigaon) অতিৰক্ত সাধাৰণ প্ৰবন্ধক পৰেশ মাথুৰ, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিল্লোল জ্যোতি সিংহ, কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ৰামানন্দ সিনহা আৰু উপাধ্যক্ষ ড° শৰ্মিষ্ঠা চক্ৰৱৰ্তী, গুৱাহাটীৰ আই এ এছ এছ টিৰ পঞ্জীয়ক ধ্ৰুৱ শৰ্মা উপস্থিত থকাৰ লগতে অধিবেশনত শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

কোকৰাঝাৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ বহনক্ষম বিকাশ শীৰ্ষক ৰাষ্ট্ৰীয় অধিবেশন
কোকৰাঝাৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ বহনক্ষম বিকাশ শীৰ্ষক ৰাষ্ট্ৰীয় অধিবেশন

উল্লেখ্য যে বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰ তথা উপযোগিতাৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰাৰ উদ্দেশ্যৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অধিবেশনখন আয়োজন কৰা হৈছে ৷

লগতে পঢ়ক: কোকৰাঝাৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ প্ৰমোদ বড়োৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.