ETV Bharat / state

Shibu Prasad Brahma murder case : হত্যাকাৰী দীপু নাৰ্জাৰীক ১০ বছৰৰ কাৰাদণ্ড, ১০ হাজাৰ টকাৰ জৰিমনা

author img

By

Published : Aug 14, 2023, 9:22 PM IST

Shibu Prasad Brahma murder case
হত্যাকাৰী দীপু নাৰ্জাৰীক ১০ বছৰৰ কাৰাদণ্ড, ১০ হাজাৰ টকাৰ জৰিমনা

দুবছৰৰ অন্তত ন্যায় পালে ঠিকাদাৰ শিবু প্ৰসাদ ব্ৰহ্মৰ পৰিয়ালে ৷ সোমবাৰে কোকৰাঝাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে হত্যাকাৰী দীপু নাৰ্জাৰীক ১০ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা বিহে ৷

হত্যাকাৰী দীপু নাৰ্জাৰীক ১০ বছৰৰ কাৰাদণ্ড, ১০ হাজাৰ টকাৰ জৰিমনা

কোকৰাঝাৰ, ১৪ আগষ্ট : ২০২১ চনৰ ১৯ মে'ৰ নিশা কোকৰাঝাৰ চহৰত নৃশংস হত্যাকাণ্ডৰ বলি হোৱা ঠিকাদাৰ শিবু প্ৰসাদ ব্ৰহ্ম (৪৮) হত্যাকাণ্ডৰ সোমবাৰে ৰায়দান দিয়ে কোকৰাঝাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে । জিলা আৰু সত্ৰ ন্যায়াধীশ নিৰ্মালী তালুকদাৰৰ আদালতে ঠিকাদাৰ শিবু প্ৰসাদ ব্ৰহ্মক হত্যা কৰা কদমতোলাৰ দীপু নাৰ্জাৰীক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা বিহে । জৰিমনা অনাদায়ে অতিৰিক্তভাৱে ছমাহ কাৰাদণ্ড খাটিব লাগিব বুলি আদালতে স্পষ্ট কৰি দিয়ে ।

উল্লেখ্য যে, কৰ’ণা মহামাৰীৰ সময়তে ২০২১ চনৰ ১৯ মে'ৰ নিশা ১০ বজাত ঠিকা সম্পৰ্কীয় কাম এটাৰ আলোচনা শেষ কৰি শিবু প্ৰসাদ ব্ৰহ্মই তেওঁৰ বন্ধু অশোক বড়োক নিজ ঘৰৰ পৰা নঙলামুখলৈ আগবঢ়াই দিবলৈ গৈছিল । ঠিক তেনে সময়তে পাৰিবাৰিক কাজিয়াৰ পৰিণতিত তেওঁৰে এগৰাকী প্ৰতিবেশী মহিলাই শিবুৰ সহায় বিচাৰি দৌৰি আহে। মহিলাগৰাকীক সহায় কৰো বুলি শিবুৱে মহিলাগৰাকীৰ সতে কেইমিটাৰমান যাওঁতেই দীপু নাৰ্জাৰী (১৯) নামৰ এজন যুৱকৰ সতে মুখামুখি হয় ।

ইয়াৰ পিচত যুৱকৰ সৈতে কথাৰ কটাকটি হোৱাৰ পিছতেই আচম্বিতে ঘাতকে পকেটৰ পৰা চুৰি উলিয়াই উপৰ্যুপৰি শিবুক আঘাত কৰে । শিবুৰ বন্ধু অশোক বড়োই ঘাতকক বাধা দিবলৈ প্ৰচেষ্টা চলোৱাত তেওঁকো চুৰিৰে আঘাত কৰে । দুয়োজনকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰে শিবু প্ৰসাদ ব্ৰহ্মই ক্ষন্তেক পিছতে কৰুণ মৃত্যুক সাৱটি লয় ।

অন্য লোকৰ পাৰিবাৰিক কাজিয়া এখন ভাঙিবলৈ গৈ মাথোঁ ১৯ বছৰীয়া যুৱক এজনৰ হাততে কৰুণ মৃত্যুক আঁকোৱালি লোৱা শিবুৰ হত্যাকাণ্ডই সেই সময়ত কোকৰাঝাৰবাসীৰ অন্তৰাত্মা কপাঁই তুলিছিল আৰু দোষীৰ কঠোৰ শাস্তিৰ পোষকতা কৰিছিল ।

কোকৰাঝাৰ সদৰ থানাত পৰিয়ালে দিয়া গোচৰৰ ভিত্তিত (গোচৰ নং ৩৮০/২০২১) ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১২০(বি) /৩২৬ /৩০২ মৰ্মে যোৱা দুবছৰে আদালতত বিচাৰ প্ৰক্ৰিয়া চলাৰ অন্তত আজি আদালতে ৰায়দান দিয়ে ৷ হত্যাকাৰী দীপু নাৰ্জাৰীক ১০ বছৰৰ কাৰাদণ্ড আৰু ১০ হাজাৰ টকাৰ জৰিমনা বিহে বুলি সদৰী কৰিছে চৰকাৰী অধিবক্তা (Public Prosecutor) নিৰঞ্জন ৰায়ে । উল্লেখ্য যে, আদালতত সৰ্বমুঠ ১৪ গৰাকী সাক্ষীয়ে সাক্ষ্যদান কৰিছিল ।

লগতে পঢ়ক: Cachar Madrassa Hostel case: কাছাৰৰ মাদ্ৰাছাৰ হোষ্টেলত ছাত্ৰৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ; ‘দা’ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.