ETV Bharat / state

উচিত মূল্যত বিক্ৰী কৰিছে খেতি কৰা ধান; আনন্দিত ৰাজ্যৰ কৃষক

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 12:31 PM IST

Paddy Procurement Centre : চৰকাৰে কৃষকৰ উৎপাদিত ধান উচিত মূল্যত ক্ৰয় কৰাত লাভান্বিত হৈছে শ শ কৃষক ৷ শোণিতপুৰত ধান ক্ৰয় কেন্দ্ৰই ক্ৰয় কৰিছে কৃষকৰ পৰা উচিত মূল্যত ধান ।

Paddy Procurement Centre
উচিত মূল্যত কৃষকে বিক্ৰী কৰিছে ধান

ৰঙাপৰা, ২২ ডিচেম্বৰ : বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কৃষকৰ উৎপাদিত ধান উচিত মূল্যত ক্ৰয় কৰাত ধান খেতিৰে জীৱন নিৰ্বাহ কৰি অহা কৃষক ৰাইজৰ মুখত এতিয়য়া হাঁহি বিৰিঙি উঠিছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্বৰ শৰ্মাৰ নিৰ্দেশত অসম খাদ্য আৰু অসামৰিক যোগান নিগমে বিগত বছৰৰ দৰে এই বছৰো ৰাজ্যত কৃষকৰ উৎপাদিত ধান উচিত মূল্যত ক্ৰয় কৰিছে ।

উৎপাদিত ধান অসম চৰকাৰৰে উচিত মূল্যত ক্ৰয় কৰাত আৰু কৃষক ৰাইজে উচিত মূল্য লাভ কৰাত কৃষকসকল লাভাম্বিত হোৱা বুলি জানিব পৰা গৈছে । সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি, বৰছলা, মিছামাৰী, বিন্দুকুৰি আৰু জামুগুৰিত যোৱা ১ ডিচেম্বৰৰ পৰা খাদ্য অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰি কৃষকৰ পৰা ধান ক্ৰয় কৰিছে ৷

প্ৰতি কুইন্টল ধানৰ বিনিময়ত ২১৮৩ টকাকৈ কৃষকক প্ৰদান কৰিছে । জিলাখনৰ কৃষকসকলে কৃষি বিভাগৰ পৰা যাৱতীয় প্ৰমাণ পত্ৰ লৈ উৎপাদিত ধান নিকটৱৰ্তী ক্ৰয় কেন্দ্ৰসমূহত বিক্ৰী কৰিব পাৰিব । কৃষকসকলে বেংক একাউণ্টৰ জৰিয়তে ধানৰ মূল্য লাভ কৰিব ।

তথ্য অনুসৰি, বৰ্তমানলৈ মিছামাৰী ধান ক্ৰয় কেন্দ্ৰই ৭৫৫ কুইণ্টল ২ কেজি, বৰছলা ধান ক্ৰয় কেন্দ্ৰই ২৮৫৮ কুইণ্টল ৪০ কেজি, ঢেকিয়াজুলি ধান ক্ৰয় কেন্দ্ৰই ৩৮৪৪ কুইণ্টল ৪০ কেজি, বিন্দুকুৰি ধান ক্ৰয় কেন্দ্ৰই ১ হাজাৰ কুইণ্টল আৰু জামুগুৰি ধান ক্ৰয় কেন্দ্ৰই ১২২৯ কুইণ্টল ২০ কেজি ধান কৃষকৰ পৰা ক্ৰয় কৰিছে ।

মিছামাৰীৰ ধান ক্ৰয় কেন্দ্ৰৰ পৰিচালক মৃদুল ডেকাই জানিবলৈ দিয়ে যে এই বছৰত ৭০ হাজাৰ কুইণ্টল ধান ক্ৰয়ৰ লক্ষ্য বান্ধি দিছে যদিও ইয়াতকৈ বেছি ধান ক্ৰয় কৰিব । যোৱা বৰ্ষত ৮৩ হাজাৰ কুইণ্টল ধান ক্ৰয় কৰাৰ কথা তেখেতে সদৰী কৰে।

ঢেকিয়াজুলি, বৰছলা, মিছামাৰী, জামুগুৰি আৰু বিন্দুকুৰিত থকা প্ৰতিটো ধান ক্ৰয় কেন্দ্ৰতো কৃষকসকলে নিচিন্ত মনেৰে উৎপাদিত ধান বিক্ৰী কৰিব পাৰিব ৷ চৰকাৰে কৃষকৰ ধান উচিত মূল্যত ক্ৰয় কৰাত শ শ কৃষক ৰাইজ উপকৃত হৈছে । ইফালে চৰকাৰৰ এই পদক্ষেপক একাংশ কৃষকে প্ৰশংসা কৰিছে ৷ কিয়নো বিগত সময়ত কৃষকসকলে ধান উচিত মূল্য নাপাই লোকচানৰ সন্মূখীন হবলগীয়া হৈছিল ৷ কিন্তু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত উচিত মূল্যত ধান বিক্ৰী কৰিব পাৰি কৃষকৰ মুখত হাঁহি বিৰিঙি উঠিছে ৷

উল্লেখ্য যে, যোৱা বৰ্ষত প্ৰতি কুইণ্টল ধানৰ মূল্য ২০৪০ টকা আছিল যদিও এইবাৰ প্ৰতি কুইণ্টল ধানত ১৪৩ টকা বৃদ্ধি কৰি ২১৮৩ টকাৰ মূল্যত ধান অসম চৰকাৰে ক্ৰয় কৰিছে । কৃষকৰ উৎপাদিত ধানৰ মূল্য কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষতে একেটা মূল্য নিৰ্ধাৰণ কৰে ।

লগতে পঢ়ক : শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ, তৎপৰ কোকৰাঝাৰ জিলা নিৰ্বাচনী বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.