ETV Bharat / state

কোকৰাঝাৰত লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়ত প্ৰমোদ বড়োৰ চাডেন ভিজিট

author img

By

Published : Dec 28, 2020, 8:45 PM IST

promad-boro-sudden-visit
কোকৰাঝাৰত লোকনিৰ্মাণ (গড়কাপ্তানি) বিভাগৰ কাৰ্যালয়ত প্ৰমোদ বড়োৰ চাডেন ভিজিট

সোমবাৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিটিআৰৰ সদৰ চহৰ কোকৰাঝাৰস্থিত লোকনিৰ্মাণ বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত আকস্মিক পৰিদৰ্শন কৰে ।

কোকৰাঝাৰ ২৮ ডিচেম্বৰ : বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে দায়িত্ব লোৱাৰ পিছৰে পৰা প্ৰমোদ বড়োৱে বিভিন্ন চৰকাৰী কাৰ্যালয়ত আকস্মিক পৰিদৰ্শন অব্যাহত ৰাখিছে ৷ সোমবাৰেও মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিটিআৰৰ সদৰ চহৰ কোকৰাঝাৰস্থিত লোকনিৰ্মাণ বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত আকস্মিক পৰিদৰ্শন কৰে । বিটিআৰৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে কাৰ্যালয়ত উপস্থিত থকা বিষয়া-কৰ্মচাৰীৰ পৰা কাম-কাজৰ বুজ লোৱাৰ লগতে আলমাৰী খুলিও ফাইল পৰ্যন্ত চালিজাৰি পৰ্যবেক্ষণ কৰে ।

কোকৰাঝাৰত লোকনিৰ্মাণ (গড়কাপ্তানি) বিভাগৰ কাৰ্যালয়ত প্ৰমোদ বড়োৰ চাডেন ভিজিট

আনহাতে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই কয় যে, আজি তেওঁ গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি বিষয়া-অভিযন্তাক আঁচনি সন্দৰ্ভত সোধপোছ কৰে । কোকৰাঝাৰ জিলাৰ বহুসংখ্যক ৰাস্তাৰ অৱস্থা বেয়া বুলি মন্তব্য কৰি প্ৰমোদ বড়োই কয় যে, এতিয়া কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ জৰিয়তে ৰাস্তা সমূহ নিৰ্মাণ - মেৰামতি কৰা হব আৰু কোকৰাঝাৰ জিলাত কোনো এটা ৰাস্তা নিৰ্মাণৰ কাম যাতে বাকী নাথকে তাৰ প্ৰতি লক্ষ্য ৰখা হ‘ব ৷

লগতে পঢ়ক : উৎকন্ঠাৰ অৱসানঃ মঙলবাৰে গেৰুৱা মন্ত্ৰৰ দীক্ষা ল'ব অজন্তা-ৰাজদ্বীপে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.