ETV Bharat / state

Bodoland Super 50 Mission: কোকৰাঝাৰত বড়োলেণ্ড ছুপাৰ ৫০ আঁচনিৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন

author img

By

Published : Aug 1, 2022, 10:36 PM IST

সোমবাৰে কোকৰাঝাৰত বড়োলেণ্ড ছুপাৰ ৫০ আঁচনিৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন কৰিলে বিটিআৰ প্ৰধান প্ৰমোদ বড়োই(Bodoland Super 50 Mission) ৷ লাফিকুল হত্যাকাণ্ডৰ বিচাৰ সোনকালে হ'ব লাগে আৰু দোষীয়ে কঠোৰ শাস্তি পাব লাগে বুলি মন্তব্য প্ৰকাশ প্ৰমোদ বড়োৰ ।

Pramod Boro launched Bodoland Super 50 Mission in Kokrajhar
কোকৰাঝাৰত বড়োলেণ্ড ছুপাৰ ৫০ আঁচনিৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন

কোকৰাঝাৰ ১ আগষ্ট : বিটিআৰ অঞ্চলৰ দৰিদ্ৰ মেধাবী শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষা গ্ৰহণৰ বাবে ৰূপায়ণ কৰা বড়োলেণ্ড ছুপাৰ ৫০ আচঁনিৰ প্ৰশিক্ষণকেন্দ্ৰৰ সোমবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে (Pramod Boro launched Bodoland Super 50 Mission) ৷ কোকৰাঝাৰ চহৰৰ ডিমলগাঁওস্থিত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বড়োলেণ্ড ছুপাৰ ৫০ আচঁনিৰ শুভ উদ্বোধন কৰা হয়(BTR Chief Pramod Boro in Kokrajhar) ৷

Pramod Boro launched Bodoland Super 50 Mission in Kokrajhar
কোকৰাঝাৰত বড়োলেণ্ড ছুপাৰ ৫০ আঁচনিৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন

প্ৰথমবাৰৰ বাবে ৰূপায়ণ কৰা বড়োলেণ্ড ছুপাৰ ৫০ আচঁনিৰ অধীনত জেইইৰ (JEE) বাবে কোচিং ল'বলৈ ৩৮ গৰাকী শিক্ষাৰ্থী উপস্থিত থাকে (Bodoland Super 50 Mission) । আগন্তুক ৫ আগষ্টত ইউপিএচচিৰ(UPSC) কোচিংৰ বাবে বাচনি পৰীক্ষা অনুষ্ঠিত হ'ব আৰু আবেদন কৰা ১৪০০ প্ৰাৰ্থীৰ ভিতৰত ৫০ জনক বাচনি কৰি UPSCৰ কোচিং দিয়া হ'ব । ঠিক সেইদৰে অহা নৱেম্বৰত নিট (NEET)ৰ বাবে কোচিং আৰম্ভ হ'ব । যিসকল শিক্ষাৰ্থীৰ কোচিং লোৱাৰ সামৰ্থ নাই অথচ মেধাৱী তেনে শিক্ষাৰ্থীকলৈ বড়োলেণ্ড ছুপাৰ ৫০ আচঁনিৰ অধীনত নিৰ্বাচন কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব বুলি মন্তব্য প্ৰমোদ বড়োৱে কৰে ।

Pramod Boro launched Bodoland Super 50 Mission in Kokrajhar
কোকৰাঝাৰত বড়োলেণ্ড ছুপাৰ ৫০ আঁচনিৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন

ইপিনে, ৰাজ্যৰ অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰা নহ'ব বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৰা মন্তব্য সন্দৰ্ভত প্ৰমোদ বড়োই বিটিআৰ চুক্তিৰ ৬.৩ নং দফা মতে বিটিআৰত যিমানখিনি অপ্ৰাদেশীকৃত বিদ্যালয় আছে সেয়া প্ৰাদেশীকিকৰণ কৰাৰ বাবে প্ৰক্ৰিয়া চলি থকা বুলি সংবাদ মাধ্যমযোগে সদৰী কৰে ৷

Pramod Boro launched Bodoland Super 50 Mission in Kokrajhar
কোকৰাঝাৰত বড়োলেণ্ড ছুপাৰ ৫০ আঁচনিৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন

আনহাতে, ২০১৭ চনৰ এক আগষ্টত তেতিয়াৰ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক অচিনাক্ত দুস্কৃতিকাৰীয়ে কোকৰাঝাৰ তিতাগুৰিৰ এখন দোকানত দিনদুপৰতে গুলিয়াই হত্যা কৰাৰ পিছতো আজিলৈ ন্যায় নোপোৱা সন্দৰ্ভত মন্তব্য কৰি প্ৰমোদ বড়োৱে পলমকৈ হ'লেও লাফিকুলে ন্যায় পাবই লাগিব বুলি মন্তব্য কৰে । লাফিকুলৰ হত্যাকাণ্ড শীতল মস্তিস্কৰে কৰা হত্যাকাণ্ড আছিল বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে লাফিকুল হত্যাকাণ্ডৰ বিচাৰ শীঘ্ৰেই হ'ব লাগে আৰু দোষীয়ে কঠোৰ শাস্তি পাব লাগে বুলি মন্তব্য কৰে ।

কোকৰাঝাৰত বড়োলেণ্ড ছুপাৰ ৫০ আঁচনিৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন

উল্লেখ্য যে, উদ্বোধনী অনুষ্ঠানত বিধায়ক ক্ৰমে জয়ন্ত বসুমতাৰী, লৰেন্স ইছলাৰী আৰু জিৰণ বসুমতাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ক্ৰমে ধনঞ্জয় বসুমতাৰী, উইলছন হাসদা আৰু অৰূপ কুমাৰ দে’ আৰু বিটিআৰৰ শিক্ষা বিভাগৰ সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্ম আদি উপস্থিত থাকে ৷

লগতে পঢ়ক : Pension Seva Kendra inaugurates: কোকৰাঝাৰত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰিলে মন্ত্ৰী সিংঘালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.