চিৰাঙত "জল জীৱন মিছন" আঁচনিৰ কামৰ পৰ্যালোচনা কৰিলে প্ৰমোদ বড়োৱে

author img

By

Published : Sep 16, 2021, 8:03 PM IST

pramod-bado-at-review-meeting-of-jal-jeevan-mission-scheme-in-chirang

জল জীৱন মিছন আঁচনিৰ কামত গাফিলতিৰ অভিযোগত চিৰাঙৰ এজন বিষয়াক আটক কৰিছে আৰক্ষীয়ে ৷ লগতে তিনি গৰাকী ঠিকাদাৰৰ কাম বাতিল কৰিছে সংশ্লিষ্ট বিভাগে ৷ দুৰ্নীতিকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে বি টি চিৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ৷

চিৰাং,16 ছেপ্তেম্বৰ: কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা জল জীৱন মিছন আঁচনিৰ চিৰাং জিলাত ৰূপায়িত হৈ থকা কাম কাজৰ খতিয়ান লোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিটিচিৰ মুখ্য সচিব শান্তনু পি.গোটমাৰেৰে এক পৰ্যালোচনা বৈঠকত মিলিত হয় ৷ পৰ্যালোচনা সভাত আঁচনি খনৰ খতিয়ান লৈ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই জিলাখনত আঁচনিখনৰ ৰূপায়ণৰ দিশত অগ্ৰগতি মন্থৰ হোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰে ৷

উল্লেখযোগ্য যে, চিৰাং জিলাত জনজীৱন মিছনৰ নিৰ্মাণ আঁচনিৰ কাম নিৰ্ধাৰিত সময়ত কাৰ্যকৰী হোৱা নাই ৷ যাৰ বাবে প্ৰশাসন কঠোৰ হ'বলগীয়া হৈছে ৷ এই কথা প্ৰকাশ কৰি বি টি চিৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, চিৰাং জিলাত আঁচনিখন সুন্দৰ ভাৱে ৰূপায়ণ কৰাৰ স্বাৰ্থত অনিয়মৰ আশ্ৰয় লোৱা প্ৰতিষ্ঠান বা ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

চিৰাঙত "জল জীৱন মিছন" আঁচনিৰ কামৰ পৰ্যালোচনা কৰিলে প্ৰমোদ বড়োৱে

উল্লেখ্য যে, কামত ফাঁকি দিয়া বাবেই বৃহস্পতিবাৰে পৰ্যালোচনাৰ সভাৰ পৰাই আঁচনিৰ কামত অনিয়ম কৰাৰ সৈতে জড়িত এজন বিষয়াক প্ৰমোদ বড়োৰ নিৰ্দেশত আৰক্ষীয়ে আটক কৰে ৷ সংবাদ মাধ্যমৰ আগত কোনো কামৰ ক্ষেত্ৰতে অনিয়ম সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰে প্ৰমোদ বড়োৱে ৷ লগতে এতিয়াৰে পৰা কঠোৰ সিদ্ধান্তৰে আগবঢ়া হ'ব আৰু আৰক্ষীকো এই সমূহ বিষয় চোৱাৰ বাবে নিৰ্দেশ দিছে বুলি জনাই প্ৰমোদ বড়োৱে ৷

উল্লেখযোগ্য যে, চিৰাং জিলাত জল জীৱন মিছন আঁচনিৰ ৰূপায়ন কৰাৰ ক্ষেত্ৰত গাফিলতিৰ অভিযোগত এটা নিৰ্মাণ সংস্থাৰ কনিষ্ঠ অভিযন্তাক আটক কৰিছে আৰক্ষীয়ে । আটক কৰা কনিষ্ঠ অভিযন্তা জনৰ নাম ৰাজীৱ মৈত্ৰী ৷ বিটিচিৰ প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত চিৰাং জিলা সদৰ কাজলগাঁৱত অনুষ্ঠিত হোৱা জলজীৱন মিছন আঁচনিৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ সভাৰ পৰাই আৰক্ষীয়ে আটক কৰে নিৰ্মাণকাৰী সংস্থা ৰাংগাদাও কনষ্ট্ৰাকচন কোম্পানীৰ কনিষ্ঠ অভিযন্তা ৰাজীৱ মাইটিক ৷

চিৰাঙত "জল জীৱন মিছন" আঁচনিৰ কামৰ পৰ্যালোচনা কৰিলে প্ৰমোদ বড়োৱে

আনহাতে জল জীৱন আঁচনি ৰূপায়ন কৰাৰ ক্ষেত্ৰত গাফিলতি কৰাৰ অভিযোগত তিনিজন ঠিকাদাৰৰ কাম কৰ্তন কৰা হৈছে বুলিও জানিব দিছে বিভাগটোৱে ৷ ইয়াৰে ঠিকাদাৰ মনোজ হাৰলালকাৰৰ কাম বাতিলৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে যদিও আন দুজনৰ বিষয়ে এতিয়াও বিভাগীয় ভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই ৷

এই পৰ্যালোচনা সভাত চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিটিচিৰ পৰিষদীয় সদস্য মাধৱ চন্দ্ৰ ছেত্ৰী, অতিৰিক্ত জিলা উপায়ুক্তখনিন্দ্ৰ কুমাৰ দাস, অতিৰিক্ত উপায়ুক্ত তথা বিজনীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিবাকৰ নাথ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া, কৰ্মচাৰী, জনজীৱন মিছনৰ নিৰ্মাণ ঠিকাদাৰ সকল উপস্থিত থাকে ৷

লগতে পঢ়কঃ মই পৃথিৱীৰ বেছিভাগ কামেই জানো, সুশান্তই কেৱল দালালি কৰিব জানে: অখিল

পৰ্যালোচনা সভাৰ অন্তত বিটিআৰৰ মুখ্য প্ৰমোদ বড়োই সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত জনায় যে বিজেপি নেতা ইমানুৱেল মুচাহাৰী ৰাজ্যিক নেতা নে জিলা পৰ্যায়ৰ সেইয়া মই নাজানো ৷ বিজেপি ইউ পিপি এলৰ মাজত কোনো সংঘাত হোৱা নাই ৷ বিশ্বৰ সৰ্ববৃহৎ নিয়মাৱৰ্তিতাৰে থকা দল বিজেপিৰ সৈতে ইউপিপিএলৰ সু-সম্পৰ্ক এতিয়াও আছে আৰু থাকিব বুলি জনায় প্ৰমোদ বড়োৱে ৷

ইফালে ইমানুৱেল মুচাহাৰী নিজকে ৰাজনৈতিক ভাৱে জহাই থকাত ব্যস্ত বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷ লগতে ইমান দিনে তেও কি আছিল বুলিও প্ৰশ্ন কৰে বড়োৱে ৷ আনহাতে সাংসদ নৱ শৰনীয়াৰে ইউপিপিএলৰ সুম্পৰ্ক আছে বুলি উল্লেখ কৰি ৰাজনৈতিক ভাৱে বহু কথাই ক'ব লাগে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷ হাগ্ৰামা মহিলাৰীক সত্ৰত লগ পোৱাৰ পিচত সাংসদ জনে নিজেই ফোন কৰি জনাইছিল প্ৰমোদ বড়োক ৷

লগতে পঢ়কঃ গুৱাহাটী-টাৱাঙৰ মাজত পুনৰ আৰম্ভ স্কাইৱান হেলিকপ্টাৰ সেৱা

উপ নিৰ্বাচন সন্দৰ্ভত প্ৰাৰ্থী বাচনি সন্দৰ্ভত তেঁও কয়, বহু প্ৰাৰ্থী আছে যাৰ বাবে বাচনি কৰাটো টান হৈ পৰিছে ৷ এই সন্দৰ্ভত কমিটী গঠন কৰি প্ৰাৰ্থী বাচনি কৰাৰ কথা জনোৱাৰ লগতে এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীক চিৰাঙলৈ অনা সন্দৰ্ভতো মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷ তেঁও কয় যে, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে বিটিআৰ চুক্তি অনুসৰি এন ডি এফ বি সদস্য সকলৰ নামত থকা গোচৰ প্ৰত্যাহাৰৰ কাম কৰি আছে আৰু জেলত থকা সকলৰো সকাহ দিয়াৰ চেষ্টাত আছে ৷

যিহেতু গোচৰ বোৰ আদালতৰ আওতাত আছে সেয়ে কিছু বিলম্ব হৈছে ৷ গণতান্ত্ৰিক দেশৰ আইনৰ উৰ্ধত কোনো নহয় বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷

লগতে পঢ়কঃ চৰকাৰক ফেৰী সেৱাত সংঘটিত হৈ থকা ছিণ্ডিকেটৰাজ উৎখাতৰ দাবী AJYCP ৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.