ETV Bharat / state

কোকৰাঝাৰত ক’ভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰমিলা ৰাণী ব্ৰহ্মই

author img

By

Published : Apr 23, 2021, 7:49 AM IST

কোকৰাঝাৰ জিলাতো ভয়াৱহভাৱে বৃদ্ধি পাইছে ক'ৰণাক্ৰান্ত লোকৰ সংখ্যা । জিলাখনত পুনৰ 21 জন লোকৰ দেহত ক’ভিড-19ৰ উপস্থিতি ধৰা পৰাত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 124 জনলৈকে ৷ ইয়াৰ লগে লগে কঠোৰ হৈছে জিলা প্ৰশাসন ৷

কোকৰাঝাৰত ক’ভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰমিলা ৰাণী ব্ৰহ্মই
কোকৰাঝাৰত ক’ভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰমিলা ৰাণী ব্ৰহ্মই

কোকৰাঝাৰ, 23 এপ্ৰিল : সমগ্ৰ দেশ তথা ৰাজ্যজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মহামৰী ক'ভিড-19ৰ সংক্ৰমণ ৷ ৰাজ্যৰ আন আন জিলাসমূহৰ সমান্তৰালভাৱে কোকৰাঝাৰ জিলাতো ভয়াৱহভাৱে বৃদ্ধি পাইছে ক'ৰণাক্ৰান্ত লোকৰ সংখ্যা । বৃহস্পতিবাৰে জিলাখনত পুনৰ 21 জন লোকৰ দেহত ক’ভিড-19ৰ উপস্থিতি ধৰা পৰাৰ পাচতে জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 124 জনলৈকে ৷

কোকৰাঝাৰত ক’ভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰমিলা ৰাণী ব্ৰহ্মই
কোকৰাঝাৰত ক’ভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰমিলা ৰাণী ব্ৰহ্মই

কোকৰাঝাৰৰ ডি এন হিম্মৎসিংকা হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰীসহ দুজন লোকৰ দেহত ক’ভিড-19ৰ উপস্থিতি ধৰা পৰাত জিলা প্ৰশাসনে বৃহস্পতিবাৰে হাইস্কুলখনক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে ৷ প্ৰশাসনৰ নিৰ্দেশ অনুসৰি বিদ্যালয়খনত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷ আনহাতে, শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকী ছাত্ৰ-ছাত্ৰী ক'ৰণাত আক্ৰান্ত হোৱাত বিদ্যালয়খনৰ আন আন অভিভাৱকসকল শংকিত হৈ পৰিছে ।

কোকৰাঝাৰত ক’ভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰমিলা ৰাণী ব্ৰহ্মই
কোকৰাঝাৰত ক’ভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰমিলা ৰাণী ব্ৰহ্মই

ইফালে, কোকৰাঝাৰ শিক্ষাখণ্ডৰ খণ্ড শিক্ষা বিষয়া তথা খণ্ড মিচন সমন্বয়ক প্ৰদীপ কুমাৰ গয়াৰীয়ে চৰকাৰী SOP মতে সকলো চৰকাৰী আৰু বেচৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰাক্ প্ৰাথমিক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত নিয়মীয়া পাঠদান বন্ধ থাকিব বুলি নিৰ্দেশনা জাৰি কৰিছে ৷ নিয়মীয়া পাঠদান বন্ধ থকাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া শুনাত যাতে ব্যাহত নহয় তাৰবাবে শিক্ষক-শিক্ষয়ত্ৰীসকলে অনলাইন যোগে পাঠদান কৰিব লাগিব বুলি উল্লেখ কৰিছে ৷

কোকৰাঝাৰত ক’ভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰমিলা ৰাণী ব্ৰহ্মই
কোকৰাঝাৰত ক’ভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰমিলা ৰাণী ব্ৰহ্মই

যিসমূহ ঠাইত নেটৱ'ৰ্কৰ অসুবিধা অথবা ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱকৰ এনড্ৰ’ইট ফোন নাই তেনে ছাত্ৰ-ছাত্ৰীক গৃহকাৰ্য কৰিবলৈ দিব লাগিব। লগতে যিসমূহ চৰকাৰী বা বেচৰকাৰী বিদ্যালয়ে উক্ত নিৰ্দেশনা পালন নকৰে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলি সদৰী কৰিছে সমন্বয়ক গৰাকীয়ে ৷ এই সন্দৰ্ভত জিলা শিক্ষা বিষয়া তথা ভাৰপ্ৰাপ্ত বিদ্যালয় পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মৰ অধ্যক্ষতাত কোকৰাঝাৰৰ শিক্ষা বিষয়া আৰু চিআৰচিচি সকলক লৈ এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰি চৰকাৰী SOP আখৰে আখৰে পালন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে |

কোকৰাঝাৰত ক’ভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰমিলা ৰাণী ব্ৰহ্মই
কোকৰাঝাৰত ক’ভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰমিলা ৰাণী ব্ৰহ্মই
উল্লেখ্য যে, কোকৰাঝাৰ জিলাত কৰ’ণা আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাত ক’ভিড ভেকচিন গ্ৰহণ কৰা লোকৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ বিভিন্ন চিকিৎসালয়ত ভেকচিন গ্ৰহণ কৰিবলৈ দীঘলীয়া শাৰী দেখিবলৈ পোৱাৰ লগতে ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা বিপিএফৰ জ্যেষ্ঠ নেত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ময়ো বৃহস্পতিবাৰে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ক’ভিড-19ৰ ভেকচিন গ্ৰহণ কৰে ৷

লগতে পঢ়ক: লক ডাউনৰ পৰিৱেশ সৃষ্টি নকৰিবলৈ ৰাইজক আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.