ETV Bharat / state

কেন্দ্ৰৰ সৈতে শান্তি আলোচনাৰ অৰ্থে ভাৰতত প্ৰৱেশ এনডিএফবি(এছ)ৰ

author img

By

Published : Jan 12, 2020, 2:40 PM IST

চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা ভাৰতীয় সেনাবাহিনীৰ সহযোগত ভাৰতলৈ প্ৰৱেশ এনডিএফবি(এছ)ৰ ৷ কেন্দ্ৰৰ সৈতে বড়ো জনজাতিৰ দীৰ্ঘদিনীয়া সমস্য সমাধানৰ উদ্দেশ্যে প্ৰৱেশ সংগঠনটোৰ ৷ নিখিল বড়ো ছাত্ৰ সন্থাই আদৰণি জনালে এই পদক্ষেপক ৷

ভাৰতত প্ৰৱেশ এনডিএফবি(এছ)ৰ
ভাৰতত প্ৰৱেশ এনডিএফবি(এছ)ৰ

কোকৰাঝাৰ, 12 জানুৱাৰীঃ এক গোপন সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, বড়ো জনজাতিৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ উদ্দেশ্যে কেন্দ্ৰৰ সৈতে শান্তি আলোচনাৰ বাবে, চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ ঘন অৰণ্যৰ পৰা ভাৰতীয় সেনাবাহিনীৰ সহযোগত ভাৰতত প্ৰৱেশ কৰিছে এনডিএফবি(এছ)য়ে ৷ সংগঠনটোক স্বাগতম জনাইছে এবছুৱে ৷ কোকৰাঝাৰস্থিত এবছুৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয় বড়োফা হাউচত অনুষ্ঠিত এক সংবাদ মেলত এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে এনডিএফবি(এছ) মুলসুঁতিলৈ ঘূৰি অহা পদক্ষেপক স্বাগতম জনাই, কেন্দ্ৰৰ সৈতে বড়ো জনজাতিৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে লোৱা শান্তি আলোচনাকো আদৰণি জনাইছে ৷

এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী

অৱশ্যে এই বিষয়ে এনডিএফবি(এছ) আৰু সেনাৰ তৰফৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ জাৰী কৰা নাই যদিও এক গোপন সূত্ৰৰ পৰা এই তথ্য লাভ কৰা হৈছে ৷

লগতে পঢ়কঃ অসমীয়া মাধ্যমৰ সমাজ বিজ্ঞানৰ কিতাপ মুদ্ৰণ হ'ল বাংলা ভাষাত

Intro:ম্যানমাৰৰ পৰা এনডিএফবি(এচ)ৰ ভাৰত প্ৰৱেশ ।

এবছুৰ স্বাগতম - স্থায়ী শান্তিৰ বাবে পদক্ষেপ লোৱাৰ আহ্বান কেন্দ্ৰক ।

কোকৰাঝাৰ/১২ জানুৱাৰী :- দীৰ্ঘদিনীয়া বড়ো সমস্যাৰ পৰিসমাপ্তিৰ উদ্দেশ্যৰে তথা কেন্দ্ৰৰ সতে শান্তি আলোচনাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ ঘন অৰণ্যৰ পৰা ভাৰতীয় সেনাবাহিনীৰ সহযোগত দেশত প্ৰৱেশ কৰা এনডিএফবিৰ (এচ)ক স্বাগতম জনাইছে এবছুৱে ।
Body:এবছুৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয় কোকৰাঝাৰস্থিত বডোফা হাউচত আজি আয়োজিত হোৱা এক সংবাদমেলত এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে এনডিএফবি(এচ)য়ে মুলসুঁতিলৈ ঘূৰি অহাৰ পদক্ষেপক স্বাগতম জনাই শান্তি আলোচনা তথা দীৰ্ঘদিনীয়া বড়ো সমস্যাৰ সমাধানৰ্থে লোৱা কেন্দ্ৰৰ পদক্ষেপকো আদৰণি জনাইছে ।
Conclusion:দীৰ্ঘদিনীয়া বড়ো সশস্ত্ৰ সংগ্ৰামৰ পৰিসমাপ্তি ঘটাই অঞ্চলটোত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে এনডিএফবিৰ প্ৰতিটো গোটক লৈ আলোচনাত এবছুৰ কোনো আপত্তি নাই বুলি মন্তব্যৰে লৰেঞ্চ ইছলাৰীয়ে দীৰ্ঘদিনীয়া বড়ো সমস্যাৰ সমাধান কৰিবলৈ বাস্তৱ সন্মত পদক্ষেপ লবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.