ETV Bharat / state

Minister UG Brahma spent time with Father : বৃদ্ধ পিতৃক নিজ হাতেৰে ভাত খুৱাই দিলে মন্ত্ৰী ইউ জি ব্ৰহ্মই

author img

By

Published : Jan 9, 2022, 12:59 PM IST

Urkhao Gwra Brahma spent time with his Father
বৃদ্ধ পিতৃক নিজ হাতেৰে ভাত খুৱাই দিলে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ময়ে

পিতৃৰ দায়িত্বৰ প্ৰতি নিষ্ঠাবান মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ৷ স্ব-গৃহত উপস্থিত হৈ নিজ হাতে পিতৃক খুৱালে অন্ন (Minister UG Brahma feed rice to his father) ৷ চৰকাৰৰ প্ৰদান কৰা বিশেষ ছুটীৰ ব্যৱহাৰ মন্ত্ৰীগৰাকীৰ ৷

কোকৰাঝাৰ, 9 জানুৱাৰী : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আমোলা, বিষয়া, কৰ্মচাৰী, মন্ত্ৰী, বিধায়ক সকলোকে পিতৃ-মাতৃৰ সৈতে সময় কটাবলৈ আহ্বান জনাইছিল ৷ যাৰ বাবে ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলক প্ৰদান কৰিছিল বিশেষ ছুটী ৷

মুখ্যমন্ত্ৰীৰ আহ্বানৰ পিছতেই শনিবাৰে অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম স্ব-গৃহত উপস্থিত হয় ৷ কোকৰাঝাৰ জিলাৰ বাতাবাৰীস্থিত গৃহত উপস্থিত হৈ মন্ত্ৰী ব্ৰহ্মই নিজ হাতেৰে বৃদ্ধ পিতৃ হৰ্কেশ্বৰ ব্ৰহ্মক ভাত খুৱাই দিয়ে (Minister UG Brahma feed rice to his father) ৷

বৃদ্ধ পিতৃক নিজ হাতেৰে ভাত খুৱাই দিলে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ময়ে

কোকৰাঝাৰত পিতৃৰ সৈতে মন্ত্ৰী ইউ জি ব্ৰহ্মই পাৰ কৰিলে সুন্দৰ সময় ৷ সংবাদ মাধ্যমৰ আগত তেওঁ প্ৰায়ে নিজ ঘৰলৈ গৈ থকাৰ কথা উল্লেখ কৰি কয় যে, সন্তানে পিতৃ-মাতৃক অৱহেলা, অৱজ্ঞা কৰাটো এক অন্যায় আৰু পাপকাৰ্য (Minister Urkhao Gwra Brahma spent time with his Father) ৷

নিজে চোৱা-চিতা কৰিব নোৱাৰিলেও পিতৃ-মাতৃয়ে যাতে কষ্ট নাপায়, তাৰ ব্যৱস্থা কৰিবলৈ সকলোকে আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ পিতৃ হৰ্কেশ্বৰ ব্ৰহ্ম সম্প্ৰতি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছে ৷

লগতে পঢ়ক : Dr Janardan Bezbaruah Passes away : আয়ুৰ্বেদ চিকিৎসাৰ অন্যতম বাটকটীয়া ডাঃ জনাৰ্দন বেজবৰুৱাৰ দেহাৱসান

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.