ETV Bharat / city

Dr Janardan Bezbaruah Passes away : আয়ুৰ্বেদ চিকিৎসাৰ অন্যতম বাটকটীয়া ডাঃ জনাৰ্দন বেজবৰুৱাৰ দেহাৱসান

author img

By

Published : Jan 9, 2022, 11:23 AM IST

শনিবাৰে নিশা গুৱাহাটীৰ গীতামন্দিৰস্থিত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে আয়ুৰ্বেদিক চিকিৎসাৰ অন্যতম বাটকটীয়া ডাঃ জনাৰ্দন বেজবৰুৱায়ে (Dr Janardan Bezbaruah Passes away) ৷ বেজবৰুৱাৰ মৃত্যুত অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত আৰু পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই গভীৰ শোক প্ৰকাশ কৰিছে ।

ayurvedic-doctor-dr-janardan-bezbaruah-is-no-more
আয়ুৰ্বেদ চিকিৎসাৰ অন্যতম বাটকটীয়া ডাঃ জনাৰ্দন বেজবৰুৱাৰ দেহাৱসান

গুৱাহাটী, 9 জানুৱাৰী : ৰাজ্যৰ আয়ুৰ্বেদিক চিকিৎসাৰ অন্যতম এগৰাকী বাটকটীয়া হিচাপে পৰিচিত বিশিষ্ট চিকিৎসক ডাঃ জনাৰ্দন বেজবৰুৱা আৰু নাই । গুৱাহাটীৰ গীতামন্দিৰস্থিত নিজ বাসভৱনত শনিবাৰে নিশা চিকিৎসকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে (Dr Janardan Bezbaruah Passes away) ৷

অসম গণ পৰিষদ দলৰ অন্যতম প্ৰতিষ্ঠাতা, শ্ৰম পৰিষদ অসমৰ প্ৰাক্তন সভাপতি জনাৰ্দন‌ বেজবৰুৱাৰ মৃত্যুত অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত আৰু পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই গভীৰ শোক প্ৰকাশ কৰিছে । লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

ayurvedic-doctor-dr-janardan-bezbaruah-is-no-more
আয়ুৰ্বেদ চিকিৎসাৰ অন্যতম বাটকটীয়া ডাঃ জনাৰ্দন বেজবৰুৱাৰ দেহাৱসান

1930 চনত দেৰগাঁৱৰ দাধৰাত জন্মগ্ৰহণ কৰা ডাঃ বেজবৰুৱাৰ পিতৃ আছিল মুক্তিযোদ্ধা প্ৰয়াত শশীকান্ত বেজবৰুৱা । স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পাছত জনাৰ্দন বেজবৰুৱাই সেই সময়ত গুৱাহাটীৰ জালুকবাৰীত থকা অসম আয়ুবেদিক কলেজত চিকিৎসাবিদ্যাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল । পিছলৈ এই কলেজখনেই অসম আয়ুৰ্বেদিক চিকিৎসা হাস্পতাললৈ উন্নীত কৰা হৈছিল । এই উন্নীতকৰণ প্ৰক্ৰিয়াত বেজবৰুৱাৰ যথেষ্ট অৱদান আছিল ।

লগতে পঢ়ক : PSO withdrawal in Assam: সকলো SPৰ পৰা বিতং তালিকা বিচাৰিলে গৃহ বিভাগে

পৰৱৰ্তী সময়ত বেজবৰুৱাই পিতৃ মুক্তিযোদ্ধা প্ৰয়াত শশীকান্ত বেজবৰুৱাৰ স্মৃতিত শশীকান্ত বেজবৰুৱা মেমৰিয়েল আয়ুৰ্বেদিক প্ৰতিষ্ঠানখন প্ৰতিষ্ঠা কৰিছিল । ইফালে ঐতিহাসিক অসম আন্দোলনৰ ফলত জন্মলাভ কৰা আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ বেজবৰুৱা অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল । 1991 চনত অনুষ্ঠিত হোৱা দেশৰ সাধাৰণ নিৰ্বাচনত বেজবৰুৱাই অগপ প্ৰাৰ্থী হিচাপে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ।

আনহাতে, ৰাজনীতিৰ সমান্তৰালকৈ বিশিষ্ট চিকিৎসক ডাঃ জনাৰ্দন বেজবৰুৱাই সাহিত্য চৰ্চাও কৰিছিল ৷ তেখেতে 'আয়ুৰ্বেদ প্ৰদীপ' নামৰ এখন আয়ুৰ্বেদ চিকিৎসাৰ এখন গ্ৰন্থ ৰচনা কৰিছিল ৷

শনিবাৰে আয়ুৰ্বেদিক চিকিৎসাৰ অন্যতম বাটকটীয়া ডাঃ জনাৰ্দন বেজবৰুৱাৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷ মৃত্যুৰ সময়ত বিশিষ্ট চিকিৎসকগৰাকীয়ে এগৰাকী পুত্ৰ আৰু দুগৰাকী কন্যা এৰি থৈ যায় ।

লগতে পঢ়ক : লামডিং-শিলচৰ ৰে’লপথত লাইনচ্যুত মালবাহী ৰে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.