ETV Bharat / state

গোসাঁইগাঁৱত নিশা ভয়ংকৰ দুৰ্ঘটনা,মহিলাসহ মৃত্যু এজনৰ

author img

By

Published : Jan 2, 2020, 10:45 AM IST

গোসাঁইগাঁৱত নিশা ভয়ংকৰ দুৰ্ঘটনা
গোসাঁইগাঁৱত নিশা ভয়ংকৰ দুৰ্ঘটনা

ইংৰাজী নতুন বছৰৰ আনন্দ উৎসাহ চলি থকাৰ সময়তে গোসাঁইগাঁৱত নিশা ভয়াৱহ বাইক দুৰ্ঘটনা । দুৰ্ঘটনাত নিহত হয় দুজনকৈ লোক ৷

কোকৰাঝাৰ,2 জানুৱাৰীঃ গোসাঁইগাঁও সদৰ চহৰৰ মাজমজিয়াত নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত বাইকৰ খুন্দাত মহিলা সহ মৃত্যু হয় দুজন লোকৰ । ঘটনাটো সংঘটিত হয় গোসাঁইগাঁও সদৰ চহৰৰ দূর্গাপাৰাত । থিতাতে নিহত হোৱা যুৱকজনৰ নাম হৈছে বাবলু ৰায় (23) ৷ আনহাতে গুৰুতৰভাৱে আহত হয় বাপ্পা ৰায় (19) নামৰ যুৱকজন । আহত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে অন্য চিকিৎলায়লৈ প্ৰেৰণ কৰাত এম্বুলেঞ্চ নথকাক লৈ সৃষ্টি হৈছিল হাহাকাৰ পৰিস্থিতিৰ ৷

গোসাঁইগাঁৱত ভয়ংকৰ দুৰ্ঘটনা

দুই বাইকআৰোহীৰ ঘৰ গোসাঁইগাঁৱৰ বাছ ষ্টেণ্ডত বুলি জানিব পৰা গৈছে । তীব্ৰবেগী AS-16G-8864 নম্বৰৰ পালচাৰ বাইকখনেৰে বৈদ্যুতিক খুটাত খুন্দিওৱাৰ ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ।

বৈদ্যুতিক খুটাত খুন্দিওৱাৰ পূৰ্বে বাইকখনে এগৰাকী মহিলাক মহতিয়াই যায় ফলত মৃত্যু হয় মহিলাগৰাকীৰ । মৃত্যু হোৱা মহিলাগৰাকী সৰস্বতী সাহা বুলি চিনাক্ত কৰা হৈছে ।

লগতে চাওক-পঢ়াৰ খৰচ উলিয়াবলৈ ৰাজপথত ভিক্ষা এদল ছাত্ৰ-ছাত্ৰীৰ

Intro:গোসাঁইগাঁৱত নিশা ভয়ংকৰ দুৰ্ঘটনা :: মহিলাসহ দুজনৰ মৃত্যু :


ইংৰাজী নতুন বছৰৰ আনন্দ উৎসাহ চলি থকা সময়ত গোসাঁইগাঁৱত নিশা ভয়াবহ বাইক দুৰ্ঘটনা । দুৰ্ঘটনাত দুজনৰ মৃত্যু।

Body:গোসাঁইগাঁও সদৰ চহৰৰ মাজমজিয়াত নিশা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। বাইকৰ খুন্দাত মহিলাসহ দুজনৰ মৃত্যু ঘটে।ঘটনাটো সংঘটিত হয় গোসাঁইগাঁও সদৰ চহৰৰ দূর্গাপাৰাত । থিতাতে নিহত বাইক আৰোহী বাবলু ৰায় (২৩) , গুৰুতৰভাৱে আহত বাপ্পা ৰায় (১৯) ।উভয়ৰে ঘৰ গোসাইগাৱৰ বাছ ষ্টেণ্ডত । তীব্ৰবেগী AS 16 G 8864 নম্বৰৰ পালচাৰ বাইকখনেৰে বৈদ্যুতিক খুটাত খুন্দিওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ।

Conclusion:লগতে বাইকখনৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু হয় ।মৃত্যু হোৱা মহিলাজন স্বৰসতী সাহা বুলি চিনাক্ত কৰা হয় ।

Byte :- স্থানীয় ৰাইজ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.