ETV Bharat / state

Land Mafia terror in Kokrajhar : কোকৰাঝাৰত ভূ-মাফিয়াৰ দাদাগিৰি

author img

By

Published : Jul 16, 2022, 4:58 PM IST

Land Mafia terror in Kokrajhar
কোকৰাঝাৰত ভূ মাফিয়াৰ দাদাগিৰি

কোকৰাঝাৰত জলসম্পদ বিভাগৰ ভূমি বেদখলৰ চেষ্টা ভূ-মাফিয়াৰ । বিভাগে আৰম্ভ কৰা সীমা বেৰৰ নিৰ্মাণ কাৰ্যত বাধাৰ চেষ্টা ভূ-মাফিয়াৰ (Land mafia attempts to encroach government land)। ঘটনাস্থলীত ৰাজহ চক্ৰ বিষয়া উপস্থিত । আৰক্ষীৰ দলৰ উপস্থিতিত পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ ।

কোকৰাঝাৰ,১৬ জুলাই : বিটিআৰ অঞ্চলত বিশেষকৈ কোকৰাঝাৰত ভূ-মাফিয়াৰ দপদপনি পুনৰ বৃদ্ধি হৈছে (Land mafia in Kokrajhar)। কি আৰক্ষী, কি চৰকাৰ কাকোৱে কেৰেপ নকৰে ভূ-মাফিয়াই । সাধাৰণ লোকৰ ভূমি বেদখল কৰাতো দূৰৰে কথা চৰকাৰী ভূমিও বেদখল কৰিবলৈ নেৰিলে মাফিয়াৰ দলে ।

হয়, আচৰিত যেন লাগিলেও চৰকাৰী ভূমি বেদখলত উঠি পৰি লাগিছে এটা ভূ-মাফিয়াৰ দল । চন্দন পাল এণ্ড কোম্পানীয়ে চলাইছে এই বেদখলৰ চক্ৰান্ত । এইবাৰ জলসম্পদ বিভাগৰ ভূমি বলপূৰ্বকভাৱে বেদখল কৰিবলৈ চেষ্টা চলাইছে চন্দন পাল নেতৃত্বধীন ভূ-মাফিয়াৰ এটা দলে ।

কোকৰাঝাৰত ভূ মাফিয়াৰ দাদাগিৰি

উল্লেখ্য যে পাথৰঘাটস্থিত জলসম্পদ বিভাগৰ ভূমিত বিভাগে সীমাৰ বেৰ নিৰ্মাণ কৰি আছে । কিন্তু আচৰিত কথাটো হ'ল যে শনিবাৰে সেই কামত বাধা দিবলৈ ভূ-মাফিয়াৰ এটা দল উপস্থিত হয় । একপ্ৰকাৰ ভূ-মাফিয়াই দাদাগিৰি কৰি ভূমিখিনি বেদখল কৰিবলৈ চেষ্টা চলায় (Land mafia attempts to encroach government land in Kokrajhar)। ভূ-মাফিয়াৰ এই কাৰ্যত হতভম্ব জলসম্পদ বিভাগ । লগে লগে বিভাগৰ তৰফৰ পৰা আৰক্ষীক খবৰ দিয়া হয় ।

কোকৰাঝাৰ আৰক্ষীৰ এটা বৃহৎ দল সেই স্থানত উপস্থিত হয় যদিও ভূ-মাফিয়াৰ দলটোৱে আৰক্ষীৰ সৈতেও খণ্ড যুদ্ধত লিপ্ত হয় । অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে ভূ-মাফিয়াৰ দলটোক খেদি পঠিয়াবলৈ সক্ষম হয় । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত সীমাৰ বেৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰে জলসম্পদ বিভাগে । ইফালে এই ঘটনাৰ খবৰ পোৱাৰ পাছতে জলসম্পদ বিভাগৰ ভূমিত উপস্থিত হয় কোকৰাঝাৰ ৰাজহ চক্ৰ বিষয়া ৰাহুল ফুকন আৰু বিটিআৰৰ জলসম্পদ বিভাগৰ শীৰ্ষ বিষয়াসকল ।

উল্লেখ্য যে, কোকৰাঝাৰ চহৰৰ ব্যৱসায়ী চন্দন পালে যোৱা তিনিমাহ পূৰ্বৰে পৰা পাথৰঘাটস্থিত জলসম্পদ বিভাগৰ পাঁচ বিঘাৰো অধিক ভূমি বেদখল কৰাৰ চেষ্টা চলাই আছিল । আনকি বিভাগে ব্যৱসায়ীজনৰ বিৰুদ্ধে এবাৰ নহয় তিনি বাৰকৈ কোকৰাঝাৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ কিন্তু ইয়াৰ পিছতো ভূ-মাফিয়া চন্দন পাল এণ্ড কোম্পানীয়ে জলসম্পদ বিভাগৰ বিশাল ভূমি ডোখৰ বেদখল কৰাৰ বাবে পুনৰ চেষ্টা চলায় ।

চৰকাৰী ভূমি বেদখলৰ অপচেষ্টাৰ এই খবৰ বিয়পি পৰাৰ পাছতে সম্প্ৰতি কোকৰাঝাৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চৰকাৰী বিভাগকো কেৰেপ নকৰা ভূ-মাফিয়াৰ ভয়ত এতিয়া আতংকিত হৈছে একাংশ লোক । এনে ধৰণৰ ভূ-মাফিয়াৰ বিৰুদ্ধে চৰকাৰক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে একাংশ লোকে ।

লগতে পঢ়ক :Miscreants Dig hills: বন বিভাগৰ ছত্ৰছায়াত সোণাপুৰত পাহাৰ খনন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.