ETV Bharat / state

প্ৰমোদ বড়োৰ দৃষ্টিত অস্তাচলৰ দিশে ধাৱমান বিপিএফৰ সূৰ্য

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 8:57 PM IST

Joining Programme and Public Gathering of UPPL
ইউপিপিএলৰ বৃহৎ যোগদান কাৰ্যসূচী

কোকৰাঝাৰৰ ফকিৰাগ্ৰামত ইউপিপিএলৰ শক্তি প্ৰৰ্দশন ৷ ইউপিপিএলৰ বৃহৎ যোগদান কাৰ্যসূচী আৰু গণ সমাৱেশ ৷ বিপিএফ, এআইইউডিএফৰ নেতা-কৰ্মীসহ তিনি সহস্ৰাধিক লোকৰ ইউপিপিএলত যোগদান ৷

ফকিৰাগ্ৰামত ইউপিপিএলৰ শক্তি প্ৰৰ্দশন

কোকৰাঝাৰ, 26 নৱেম্বৰ : বিজেপিৰ পিছত এইবাৰ কোকৰাঝাৰত শক্তি প্ৰৰ্দশন বিজেপিৰে মিত্ৰ দল ইউপিপিএলৰ ৷ আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বড়োভূমিত বিপিএফ, ইউপিপিএল আৰু বিজেপিয়ে নিৰ্বাচনকেন্দ্ৰিক ব্যাপক কুচকাৱাজ অব্যাহত ৰাখিছে ৷ দুদিন পূৰ্বে বিজেপিয়ে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত বিশাল গণ সমাৱেশ অনুষ্ঠিত কৰাৰ পিছতে বিজেপিৰে মিত্ৰদল ইউপিপিএলে ৰবিবাৰে বিয়লি কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত বৃহৎ যোগদান কাৰ্যসূচী আৰু গণ সমাৱেশ অনুষ্ঠিত কৰি নিজৰ শক্তি প্ৰৰ্দশন কৰে ৷

ইউপিপিএলৰ ফকিৰাগ্ৰাম ব্ল’ক কমিটীৰ উদ্যোগত ফকিৰাগ্ৰামৰ পুৰাণ বজাৰ চৰকাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচী আৰু গণ সমাৱেশত কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷ আনহাতে, ইউপিপিএলৰ সভাপতি তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত অনুষ্ঠিত এই যোগদান কাৰ্যসূচী আৰু গণ সমাৱেশত বিপিএফ, এআইইউডিএফ আৰু বিভিন্ন দল-সংগঠনৰ একাংশ নেতা-কৰ্মীসহ তিনি সহস্ৰাধিক লোকে ইউপিপিএল দলত যোগদান কৰে ৷

ইফালে যোগদান আৰু গণ সমাৱেশ কাৰ্যসূচীত অংশ লৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে ইউপিপিএল দলৰ নীতি-আদৰ্শক ভাল পাই যোগদান কৰাটো সঁচাকৈ দলৰ বাবে এক ভাল খবৰ ৷ ইউপিপিএলৰ বৰ্তমান প্ৰথম এজেণ্ডা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী বনোৱা বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে লগতে কয়, ‘‘2020 চনত চৰকাৰে শান্তি চুক্তি সম্পন্ন কৰাৰ পিছতে অঞ্চললৈ স্থায়ী শান্তি ঘূৰি আহিছে ৷ আমাৰ প্ৰথম উদ্দেশ্য আছিল শান্তি আৰু উন্নয়ন ৷ এই ক্ষেত্ৰত আমি প্ৰথম পৰ্যায়তে 100 শতাংশ সফল হৈছো ৷ প্ৰথম পৰ্যায়ত যি লক্ষ্য লোৱা হৈছিল সেই ক্ষেত্ৰত আমি সফল আৰু অনাগত সময়ছোৱাতো সকলোৱে একত্ৰিত হৈ শান্তি আৰু নিৰাপত্তা অব্যাহত ৰাখিম ৷’’

আনহাতে ইউপিপিএল দলক উদিত সূৰ্যৰ সৈতে তুলনা কৰি প্ৰমোদ বড়োৱে সংবাদমাধ্যমৰ আগত কয় যে ইউপিপিএলৰ সূৰ্য উদয় হৈছে আৰু ইয়াৰ বিপৰেতে বিপিএফৰ সূৰ্য অস্ত যোৱাৰ পথত ৷ ইউপিপিএল দল নতুন যদিও দিনকদিনে শক্তিশালী হৈছে ৷ ইয়াৰ বিপৰেতে দিনক দিনে বিপিএফ দল দুৰ্বল হৈছে ৷ প্ৰতিটো পৰিষদীয় নিৰ্বাচনতে বিপিএফৰ আসনৰ সংখ্যা কমিছে ৷ বিপিএফে যিমানে যি নকৰক কিয় বিপিএফ আৰু পৰিষদত চৰকাৰ বনাব পৰা অৱস্থাত নাহে ৷ অহা পৰিষদীয় নিৰ্বাচনৰ পিছত বিপিএফ দল থাকিব নে নাথাকে সেয়া সন্দেহ আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷

আনহাতে ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে কয় যে ইউপিপিএলৰ প্ৰতি ৰাইজৰ আকৰ্ষণ, মৰম, স্নেহ বৃদ্ধি পাইছে ৷ ইউপিপিএলৰ কাম-কাজৰ প্ৰতি আকৃষ্ট হৈ হেজাৰ হেজাৰ লোকে ইউপিপিএল দলত যোগদান কৰি আছে আজিও কৰিছে ৷ এনেকুৱা যোগদান কাৰ্যসূচী বিটিআৰৰ 40 টা পৰিষদীয় সমষ্টিতে অনুষ্ঠিত কৰা হ’ব বুলি সদৰী কৰে ৰাজু নাৰ্জাৰীয়ে ৷ উল্লেখ্য যে, ইউপিপিএলৰ এই যোগদান আৰু গণ সমাৱেশ কাৰ্যসূচীত দলৰ দুই সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী ( প্ৰশাসনিক ) আৰু মাধৱ ছেত্ৰী ( সাংগঠনিক ), বিধায়ক লৰেন্স ইছলাৰী , কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী , উকিল মুছাহাৰী , ইউপিপিএলৰ উপ সভাপতি আফজল হক সৰকাৰ , উপ-সভানেত্ৰী প্ৰতিভা ব্ৰহ্মসহ দলৰ কেইবা গৰাকী কেন্দ্ৰীয় আৰু জিলা নেতৃবৰ্গ উপস্থিত আছিল ৷

লগতে পঢ়ক : লক্ষ্য লোকসভা নিৰ্বাচন; ডিব্ৰুগড়ৰ পৰা আপ অসমে আৰম্ভ কৰিলে গাঁৱলৈ যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.