ETV Bharat / state

ত্ৰিপুৰাত স্কুলীয়া ছাত্ৰীক প্ৰদান কৰা হ’ব বিনামূলীয়া চেনিটাৰী নেপকিন

author img

By

Published : Jun 11, 2021, 1:58 PM IST

ত্ৰিপুৰা চৰকাৰে ৰাজ্যত স্কুলীয়া ছাত্ৰীসকলক বিনামূলীয়া চেনিটাৰী নেপকিন (Sanitary Napkin) প্ৰদান কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে ৷

free-sanitary-napkins-to-school-going-students-tweet-by-tripura-cm
বিদ্যালয়লৈ যোৱা ছাত্ৰীসকলৰ বাবে বিনামূলীয়া চেনিটাৰী নেপকিন প্ৰদান : ত্ৰিপুৰা মুখ্যমন্ত্ৰী

কোকৰাঝাৰ, 11 জুন : ত্ৰিপুৰা চৰকাৰে ‘মেনষ্ট্ৰুৱেল হাইজিন’ (Menstrual Hygiene) বিষয়টো প্ৰচাৰ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷ ত্ৰিপুৰা চৰকাৰে স্কুলীয়া ছোৱালীসকলক বিনামূলীয়াকৈ ‘চেনিটাৰী নেপকিন’ প্ৰদান কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে ৷ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে (Biplab Deb) বৃহস্পতিবাৰে তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ জৰিয়তে এই কথা ব্যক্ত কৰে ।

"নাৰী পৰিচ্ছন্নতা সামগ্ৰীৰ উপলব্ধৰ ক্ষেত্ৰত সহজ কৰি ত্ৰিপুৰা চৰকাৰে ‘মেনষ্ট্ৰুৱেল হাইজিন’ (Menstrual Hygiene) ৰ প্ৰচাৰৰ বাবে ৰাজ্যত স্কুলীয়া ছাত্ৰীসকলক বিনামূলীয়া চেনিটাৰী নেপকিন (Sanitary Napkin) প্ৰদান কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে ৷" #NariShakti4NewIndia #7YearsOfSeva", বুলি মুখ্যমন্ত্ৰী বিপ্লৱ কুমা দেৱে টুইট কৰে ।

free-sanitary-napkins-to-school-going-students-tweet-by-tripura-cm
বিদ্যালয়লৈ যোৱা ছাত্ৰীসকলৰ বাবে বিনামূলীয়া চেনিটাৰী নেপকিন প্ৰদান : ত্ৰিপুৰা মুখ্যমন্ত্ৰী

উল্লেখ্য যে, আঁচনিখনৰ জৰিয়তে 4,940 খন চৰকাৰী বিদ্যালয় আৰু 1,000 ব্যক্তিগত আৰু সাহাৰ্যপ্ৰাপ্ত বিদ্যালয়ত অধ্যয়ন কৰি থকা 1.68 লাখ শিক্ষাৰ্থী উপকৃত হ'ব । এই দুয়ো প্ৰকাৰৰ বিদ্যালয়ক আঁচনিখনৰ পৰিসৰৰ অধীনলৈ অনা হ'ব । প্ৰাপ্ত তথ্য অনুসৰি, চৰকাৰে আঁচনি ৰূপায়ণৰ বাবে ৩.৬১ কোটি টকা আৱণ্টন কৰিছিল ।

লগতে পঢ়ক : কি কি জীৱ-জন্তু, অৰ্কিডেৰে ভৰপূৰ দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.