ETV Bharat / state

দুমাহৰ ভিতৰত প্ৰস্তুত হ'ব বিটিআৰ শিক্ষানীতিৰ খচৰা

author img

By

Published : Aug 6, 2021, 10:53 PM IST

বিটিআৰ অঞ্চলৰ বাবে এক নতুন শিক্ষা নীতি প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ পৰিষদীয় চৰকাৰ খনে ৷ সেই মৰ্মে বিটিআৰৰ শিক্ষানীতিৰ খচৰা প্ৰস্তুতকৰণৰ বাবে গঠিত বিশেষজ্ঞ কমিটিৰ প্ৰথমখন বৈঠক শুকুৰবাৰে অনুষ্ঠিত হয় ।

expert committee of drafting BTR education policy held Meeting  in kakrajhar
দুমাহৰ ভিতৰত প্ৰস্তুত হ'ব বিটিআৰ শিক্ষানীতিৰ খচৰা

কোকৰাঝাৰ, ৬ আগষ্ট : গতানুগতিক শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধন কৰি সাম্প্ৰতিক সময়ৰ সৈতে খাপ খোৱাকৈ বিটিআৰ অঞ্চলৰ বাবে এক নতুন শিক্ষা নীতি প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ পৰিষদীয় চৰকাৰখনে ৷ সেই মৰ্মে বিটিআৰৰ শিক্ষানীতিৰ খচৰা প্ৰস্তুতকৰণৰ বাবে গঠিত বিশেষজ্ঞ কমিটিৰ প্ৰথমখন বৈঠক শুকুৰবাৰে বালাগাঁওস্থিত কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ( চি আই টি )ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ।

বিটিআৰ শিক্ষানীতিৰ খচৰা প্ৰস্তুতকৰণৰ বিশেষজ্ঞ কমিটিৰ অধ্যক্ষ প্ৰমোদ বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা প্ৰথমখন বৈঠকত কমিটিৰ সদস্যসকল উপস্থিত থাকে। বৈঠকৰ অন্তত উক্ত কমিটিৰ অধ্যক্ষ তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সংবাদমাধ্যমৰ আগত কয়, মূলত গুণগত শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্য লৈ বিটিআৰ শিক্ষানীতিৰ খচৰা প্ৰস্তুতকৰণৰ বিশেষজ্ঞ কমিটি গঠন কৰা হৈছে ৷ অহা দুমাহৰ ভিতৰত কমিটিখনে খচৰা প্ৰস্তুত কৰি উলিয়াব ।

প্ৰতিবছৰে হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে স্নাতক-স্নাতকত্তোৰ ডিগ্ৰী লাভ কৰে যদিও কৰ্মসংস্থান হাহাকাৰ কৰিবলগীয়া হয় ৷ এই সন্দৰ্ভত প্ৰমোদ বড়োৱে কয়, বৰ্তমান সময়ত যি বিলাক পাঠ্যক্ৰম পঢ়োৱা হয় সেইবিলাক পাঠ্যক্ৰমে ডিগ্ৰী বা চাৰ্টিফিকেট প্ৰদান কৰে ৷

লগতে পঢ়ক: ৰঙাপৰাৰ যোগীবিলত ক্ষুদ্ৰ চাহ খেতিৰ ওপৰত কৰ্মশালা

এগৰাকী ছাত্ৰ-ছাত্ৰীক এনে শিক্ষা প্ৰদান কৰা উচিত যি শিক্ষাই দশম শ্ৰেণীৰ পৰাই ছাত্ৰ-ছাত্ৰী কৰ্ম সংস্থাপনৰ বাট মোকলাব পাৰে । অকল চৰকাৰী চাকৰিৰ প্ৰতি আকৰ্ষণৰ কৰাৰ সলনি ছাত্ৰ-ছাত্ৰীসকলৰ অন্যান্য সৃজনীমূলক প্ৰতিভা বিকাশৰ লগতে ক্ৰীড়াৰ প্ৰতি আকৰ্ষণ বঢ়াবলৈ বিটিআৰ শিক্ষানীতিয়ে গুৰুত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে ।

বিটিআৰৰ শিক্ষানীতিৰ খচৰা প্ৰস্তুতকৰণৰ বাবে গঠিত বিশেষজ্ঞ কমিটিত প্ৰাথমিক শিক্ষক, কৃষক, সাংবাদিককে ধৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বিশিষ্ট শিক্ষাবিদ, গৱেষক, অভিযন্তা সকলোকে সাঙুৰি লোৱা হৈছে ৷ যোৱা ৩ আগষ্টত এক নিৰ্দেশনা অনুসৰি বিটিআৰ চৰকাৰে প্ৰমোদ বড়োক অধ্যক্ষ আৰু আহ্বায়ক, বিটিআৰৰ প্ৰধান সচিব শান্তনু পি গোটমাৰেক সহ আহ্বায়ক, জগদীশ প্ৰসাদ ব্ৰহ্ম আৰু সাংবাদিক নয়ন জ্যোতি ভূঞাক সদস্য সচিব হিচাপে লৈ এখন ৪৫ জনীয়া বিটিআৰৰ শিক্ষানীতিৰ খচৰা প্ৰস্তুতকৰণৰ বাবে গঠিত বিশেষজ্ঞ কমিটি গঠন কৰিছিল ৷

লগতে পঢ়ক: ছাৰক ৫০০০ হাজাৰ টকা নিদিয়াৰ বাবেই পৰীক্ষাত ফেইল কৰি দিছে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.