ETV Bharat / state

Death anniversary of Bineshwar Brahma: ৪২০ টা ভিচিডিচিত বিনেশ্বৰ ব্ৰহ্ম মেম'ৰিয়েল নলেজ চেণ্টাৰ হ'ব :প্ৰমোদ বড়ো

author img

By

Published : Aug 19, 2023, 8:30 PM IST

CEM of BTR
death anniversary of shaheed bineshwar brahma

কোকৰাঝাৰত বড়ো সাহিত্য সভাৰ প্ৰয়াত সভাপতি শ্বহীদ বিনেশ্বৰ ব্ৰহ্মৰ ২৩ তম মৃত্যু বাৰ্ষিকী উদযাপন ৷ কোকৰাঝাৰৰ চান্দামাৰীস্থিত প্ৰয়াত ব্ৰহ্মৰ সমাধিস্থলত পালন কৰা হয় এই দিৱস ।

death anniversary of shaheed bineshwar brahma

কোকৰাঝাৰ ১৯ আগষ্ট : বড়ো সাহিত্য সভাৰ প্ৰয়াত সভাপতি শ্বহীদ বিনেশ্বৰ ব্ৰহ্মৰ ২৩ তম মৃত্যু বাৰ্ষিকী শনিবাৰে কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় ৷ বড়ো সাহিত্য সভা আৰু বিনেশ্বৰ ব্ৰহ্ম ন্যাসৰ উদ্যোগত কোকৰাঝাৰৰ চান্দামাৰীস্থিত প্ৰয়াত ব্ৰহ্মৰ সমাধিস্থলত পালন কৰা হয় শ্বহীদ বিনেশ্বৰ ব্ৰহ্মৰ ২৩ তম মৃত্যু বাৰ্ষিকী ৷ বড়ো সাহিত্য সভাৰ পতাকা অৰ্ধনিমিত কৰি শ্বহীদ বিনেশ্বৰ ব্ৰহ্মৰ ২৩ মৃত্যু বাৰ্ষিকীৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি ড৹ সুৰথ নাৰ্জাৰীয়ে ৷

বিনেশ্বৰ ব্ৰহ্মৰ সমাধিত পুষ্পাঞ্জলি অৰ্পণ কৰে বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰধান প্ৰমোদ বড়োই ৷ শ্বহীদ বিনেশ্বৰ ব্ৰহ্মৰ নৱনিৰ্মিত প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰয়াত ব্ৰহ্মৰ সহধৰ্মিনী পুষ্পা ৰাণী ব্ৰহ্মই ৷ ইয়াৰ পিছতে বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত বিনেশ্বৰ ব্ৰহ্ম জীৱন আৰু কৰ্মৰাজিৰ ওপৰত এক আলোচনা সভা আৰু কবিতা পাঠ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই আলোচনা সভা আৰু কবিতা পাঠ অনুষ্ঠানৰ উদ্বোধন কৰে ইউপিপিএলৰ বিধায়ক লৰেন্স ইছলাৰীয়ে ৷

ইপিনে,মৃত্যু বাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োই কয় যে বড়ো জনগোষ্ঠীৰ উত্তৰণ,অস্তিত্বৰক্ষা আৰু দিকদৰ্শনত বিনেশ্বৰ ব্ৰহ্মৰ বিশেষ অৱদান আছিল । বিনেশ্বৰ ব্ৰহ্মৰ নীতি আদৰ্শ জীয়াই ৰখা বাবে বিটিআৰৰ ৪২০ টা ভিচিডিচিত বিনেশ্বৰ ব্ৰহ্ম মেম'ৰিয়েল নলেজ চেণ্টাৰ খোলা হ'ব বুলিও ঘোষণা কৰে প্ৰমোদ ব্ৰহ্মই । আনহাতে, বিনেশ্বৰ ব্ৰহ্মৰ আধাৰুৱা কাম সম্পূৰ্ণ কৰা হ'ব বুলি মন্তব্য কৰি বড়ো সাহিত্য সভাৰ সভাপতি ড৹ সুৰথ নাৰ্জাৰীয়ে কয় যে বিনেশ্বৰ ব্ৰহ্মই বড়ো জাতিৰ বাবে মৃত্যুবৰণ কৰিছে সেয়া মৃত্যু বুলি ধৰি নলৈ সংকল্প দিৱস হিচাপে পালন কৰিছো ।

উল্লেখ্য যে ড৹ সুৰথ নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ আলোচনা সভাত বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় ক্ৰমে ড৹ কামেশ্বৰ ব্ৰহ্ম আৰু তৰেণ বড়ো, বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰী, বিনেশ্বৰ ব্ৰহ্ম ন্যাসৰ সভাপতি গোপীনাথ বৰগয়াৰী,এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়ো আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ অনিল বড়োসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক:Public Protest in Bongaigaon :পথ মেৰামতিৰ দাবীত প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.