ETV Bharat / state

ত্ৰিপুৰাত 65 টা বুথত পুনঃনিৰ্বাচনৰ দাবী চিপিআই (এম)ৰ

author img

By

Published : Apr 7, 2021, 9:36 AM IST

টিটিএএডিচিৰ মুঠ 1,244 টা বুথৰ ভিতৰত মুঠ 11 টা সমষ্টিৰ অন্তৰ্গত 65 টা বুথত পুনঃনিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী চিপিআই (এম)ৰ ৷ সংবাদমেল সম্বোধন কৰি সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটোত দুস্কৃতিকাৰীয়ে বিভাজনৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰে চিপিআই (এম)ৰ ৰাজ্যিক সম্পাদক গৌতম দাসে ৷

CPIM demands re-poll in 65 booths
ত্ৰিপুৰাত 65 টা বুথত পুনঃনিৰ্বাচনৰ দাবী

ত্ৰিপুৰা,7 এপ্ৰিল : ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদ (TTAADC)ৰ মুঠ 1,244 টা বুথৰ ভিতৰত মুঠ 11 টা সমষ্টিৰ অন্তৰ্গত 65 টা বুথত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনায় চিপিআই (এম)ৰ ৰাজ্যিক সম্পাদক গৌতম দাসে । দলটোৰ মতে এই বুথসমূহত বৃহৎ পৰিমাণৰ ৰিগিং আৰু নিৰ্বাচন প্ৰক্ৰিয়া সূচাৰুৰূপে পৰিচালনা নোহোৱা বুলি জানিব পৰা গৈছে ৷

মঙলবাৰে দলীয় মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যিক সম্পাদক গৌতম দাসে কয় যে, তেওঁলোকে 65 টা বুথত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে য’ত কিছু দুস্কৃতিকাৰীয়ে সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটোত বিভাজনৰ সৃষ্টি কৰিছিল ৷ দলটোৱে স্থানীয় পৰ্যায়ৰ নেতাসকলৰ পৰা পোৱা প্ৰাথমিক প্ৰতিবেদন অনুসৰি, সকলো তথ্য দলটোৰ হাতলৈ আহি পোৱাৰ পাচত পুনৰ ভোটগণনা হোৱাৰ সম্ভাৱনা আছে ।

তেওঁৰ মতে, ভোটাৰসকলক ভোটকেন্দ্ৰলৈ যাবলৈ বাধা দিয়া হৈছিল ৷ ভোটাৰক আক্ৰমণ কৰা হৈছিল আৰু কিছু কিছু স্থানত বিজেপি-আইপিএফটি কৰ্মীয়ে পুনৰ ভোট দিব বিচৰা বুথসমূহ দখল কৰিছিল । দাসে ৰাইজৰ ভূমিকাক প্ৰশংসা কৰি কয় যে, মানুহে সাহস দেখুৱাইছে আৰু নিৰ্বাচন প্ৰক্ৰিয়াক বিনষ্ট কৰাৰ হিংসাত্মক প্ৰচেষ্টাৰ বিৰুদ্ধে থিয় দিছে । সৰহ সংখ্যক সমষ্টিতে শাসকীয় বিজেপি-আইপিএফটিৰ কৰ্মীয়ে প্ৰদান কৰা ভাবুকিক উপেক্ষা কৰি ভোটাৰসকলে ভোটদান কৰিছে ৷

আনহাতে, এই ক্ষেত্ৰত পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আৰক্ষীক নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰাৰ অভিযোগ উত্থাপন কৰি দাসে কয় যে, বিজেপি-আইপিএফটিৰ কৰ্মীসকলে মটৰ চাইকেল আৰু গাড়ীৰে বেছিভাগ টিটিএএডিচি অঞ্চলৰ ভিতৰত প্ৰৱেশ কৰিছিল । দুস্কৃতিকাৰীয়ে গুৰুতৰ বিভ্ৰান্তি আৰু উত্তেজনাৰ সৃষ্টি কৰিছিল ৷

লগতে তেওঁ কয় যে, তেওঁলোকৰ দলৰ নিৰ্বাচনী এজেণ্টসকলকো কেইবাটাও বুথত আক্ৰমণ কৰা হৈছিল । চিপিআইএমৰ প্ৰাৰ্থী পৰীক্ষিত মুৰাসিঙৰ নিৰ্বাচনী এজেণ্ট জাহাৰ দেবনাথক আক্ৰমণ কৰা হৈছিল, যেতিয়া তেওঁ ভোট দিবলৈ তেওঁৰ বুথত উপস্থিত হয় । তেওঁৰ দেউতাক আৰু এগৰাকী 87 বছৰীয়া বৃদ্ধৰ সৈতে তেওঁৰ পৰিয়ালৰ সদস্যসকলো আঘাতপ্ৰাপ্ত হৈছিল ৷

টিটিএএডিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ৰাধাচৰণ দেব্বাৰ্মাই কয় যে, এইটো স্পষ্ট হৈ পৰিছে যে শাসকীয় মিত্ৰজোঁটৰ দ্বাৰা নিৰ্বাচনক প্ৰহসন হিচাপে লোৱাৰ চেষ্টা কৰা হৈছিল । ৰাজ্যৰ বাহিৰৰ অঞ্চলসমূহত 100 শতাংশ ভোটদান দেখুওৱা হৈছিল । দেব্বাৰ্মাৰ মতে, এই বুথসমূহ জাম্পুইজালা-তাকাৰাজালা আৰু জিৰানিয়া সমষ্টিৰ অন্তৰ্গত ৷

লগতে পঢ়ক : বিজেপিয়ে দুটা সংখ্যাৰ ঘৰো স্পৰ্শ কৰিবলৈ অসমৰ্থ হ'ব : পিযুষ বিশ্বাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.