ETV Bharat / state

Second anniversary of BTR Govt : বিটিআৰ চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন

author img

By

Published : Dec 18, 2022, 7:27 PM IST

দুবছৰীয়া হ’ল বিটিআৰ চৰকাৰ (Second anniversary BTR Govt) ৷ বিটিআৰৰ বিভিন্ন প্ৰান্তৰ কোকৰাঝাৰৰ তিতাগুৰীস্থিত উন্নয়ন খণ্ডৰ কাৰ্যালয় প্ৰাংগনত উদযাপন কৰা হৈছে বিটিআৰ চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি ৷ এই অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে বিধায়ক লৰেন্স ইছলাৰী ৷

BTR Government celebrates Second anniversary in Kokrajhar
বিটিআৰ চৰকাৰে পাৰ কৰিলে দুটা বৰ্ষ

বিটিআৰ চৰকাৰ দুই বছৰীয়া বৰ্ষপূৰ্তি উদযাপন

কোকৰাঝাৰ, ১৮ ডিচেম্বৰ : শান্তি, প্ৰগতি আৰু সু-প্ৰশাসনৰ এক যাত্ৰাৰ বাণী লৈ আগবঢ়া প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰে পাৰ কৰিলে দুটা বৰ্ষ (Second anniversary of BTR Govt) ৷ বিটিআৰৰ বিভিন্ন প্ৰান্তৰ লগতে দেওবাৰে কোকৰাঝাৰতো বিটিআৰ চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন কৰা হয় ৷ কোকৰাঝাৰৰ নিকটৱৰ্তী তিতাগুৰীস্থিত উন্নয়ন খণ্ডৰ কাৰ্যালয় প্ৰাংগনত উদযাপিত হোৱা বিটিআৰৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে স্থানীয় বিধায়ক লৰেন্স ইছলাৰীয়ে (BTR Govt celebrates Second anniversary in Kokrajhar)৷

BTR Government celebrates Second anniversary in Kokrajhar
বিটিআৰ চৰকাৰে পাৰ কৰিলে দুটা বৰ্ষ

বৰ্ষপূৰ্তি অনুষ্ঠানত বিভিন্ন বিভাগৰ বিষয়া - কৰ্মচাৰী, শিক্ষক, কৃষকে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতাৰে কাম কৰি অহা বিভিন্ন ব্যক্তিক বঁটা আৰু প্ৰশস্তি পত্ৰ প্ৰদানেৰে সম্বৰ্ধনা জনোৱা হয় ৷ ইপিনে বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে নিজৰ ভাষণত প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰে সাধন কৰা বিভিন্ন উন্নয়নমূলক কাৰ্যৰ খতিয়ান ধাঙি ধৰে ৷

লগতে পঢ়ক : Price hike in Assam : মূল্যবৃ্দ্ধিত কোঙা হৈছে ৰাজ্যৰ সৰ্বসাধাৰণ লোক

বিটিআৰত প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিচৰে পৰা অঞ্চলটোত শান্তি স্থাপন হোবাৰ লগতে উন্নয়নৰ গতি ত্বৰান্বিত হোৱা বুলি বিধায়ক লৰেন্স ইছলাৰীয়ে মন্তব্য কৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ পৰা বিটিআৰে অচিৰেই বিশেষ পুঁজিৰ অধীনত ১৯৮০ কৌটি লাভ কৰিব বুলিও এই অনুষ্ঠানতে উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷

BTR Government celebrates Second anniversary in Kokrajhar
দুবছৰীয়া হ’ল বিটিআৰ চৰকাৰ

উল্লেখ্য যে, দেওবাৰে আয়োজিত এই বৰ্ষপূৰ্তি অনুষ্ঠানত অতিৰিক্ত জিলা উপায়ুক্ত ৰাজীৱ কুমাৰ দাস, কোকৰাঝাৰ চক্ৰ বিষয়া ৰাহুল ফুকন, ইউপিপিএলৰ দেৱৰগাঁও সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ বুদ্ধদেৱ মুছাহাৰী, ছালাকাটি সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ অমৃত ব্ৰহ্ম আৰু কোকৰাঝাৰ খণ্ড উন্নয়ন বিষয়া সমিৰ বসুমতাৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

তথ্য অনুসৰি, বিটিআৰৰ পাঁচখন জিলাত যোৱা ১৫ ডিচেম্বৰৰ পৰা বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হোৱা এই বৰ্ষপূৰ্তি অনুষ্ঠান আগন্তুক ২০ ডিচেম্বৰলৈ চলিব ৷ ২০ ডিচেম্বৰত বিটিআৰ সদৰ কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা বিটিআৰৰ দ্বিতীয় বৰ্ষপূৰ্তি ৷

লগতে পঢ়ক : Firing in Baksa forest: বনগাঁও বনাঞ্চলত বনকৰ্মীৰ গুলীত গুৰুতৰভাৱে আহত খৰিকটীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.