ETV Bharat / state

বিটিআৰত ৫৩১ গৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাক নিযুক্তি পত্ৰ বিতৰণ

author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 8:32 AM IST

Distribution of appointment letters : বিটিআৰ চৰকাৰৰ ৫৩১ গৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাক নিযুক্তি পত্ৰ বিতৰণ ৷ অংগনবাড়ী কৰ্মী আৰু সহায়িকাক মানসিক, শাৰীৰিক আৰু সামাজিকতাৰ ওপৰত গুৰুত্ব দিয়াৰ আহ্বান প্ৰমোদ বড়োৰ ৷ জানুৱাৰীত পুনৰাই তিনিশৰো অধিক নিযুক্তি দিয়া হ’ব বুলি উল্লেখ কৰে বিটিআৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে ৷

Distribution of appointment letters
অংগনবাড়ী কৰ্মী আৰু সহায়িকাক নিযুক্তি পত্ৰ বিতৰণ

কোকৰাঝাৰ, ২৩ ডিচেম্বৰ : বিটিআৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ অধীনত বিটিআৰৰ পাঁচখন জিলাৰ ৫৩১ গৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাক শুকুৰবাৰে আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰা হয় ৷ কোকৰাঝাৰ চহৰৰ চান্দামাৰীস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে অংগনবাড়ী কৰ্মী আৰু সহায়িকাক নিযুক্তি পত্ৰ বিতৰণৰ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু বিটিআৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে ৷

Distribution of appointment letters
নিযুক্তিপত্ৰ বিতৰণ

নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰমোদ বড়োই অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল আজিৰে পৰা চৰকাৰী মানুহ বুলি উল্লেখ কৰি তেওঁলোকক চৰকাৰী নীতি নিয়মৰ মাজৰে নিষ্ঠা সহকাৰে কৰ্তব্য পালন কৰি যাবলৈ আহ্বান জনায় ৷ নিযুক্তি পত্ৰ লাভ কৰা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ গধুৰ দায়িত্ব আহি পৰা বুলি দোহাৰি প্ৰমোদ বড়োই অংগনবাড়ী কেন্দ্ৰত শিক্ষা গ্ৰহণৰ বাবে অহা ০-৬ বছৰ শিশুসকলক চোৱাচিতা আৰু পুষ্টিকৰ খাদ্য যোগান ধৰা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দায়িত্ব আৰু কৰ্তব্যৰ কথা সোঁৱৰাই দিয়ে ৷

Distribution of appointment letters
অংগনবাড়ী কৰ্মী আৰু সহায়িকাক নিযুক্তি পত্ৰ বিতৰণ

তেওঁ কয় যে শিশু এগৰাকীক চোৱা-চিতাৰ দায়িত্ব পিতৃ-মাতৃৰ পাচতে অংগনবাড়ী কেন্দ্ৰৰ ওপৰত পৰে ৷ গতিকে নিযুক্তি পোৱা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ উপযুক্ত প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা আছে বুলি প্ৰমোদ বড়োই অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক শিশুসকলৰ বাবে ল’ব লগা তিনিটা বিষয়বস্তু ক্ৰমে মানসিক, শাৰিৰীক আৰু সামাজিকতাৰ ওপৰত গুৰুত্ব দিয়াৰ আহ্বান জনায় ৷

Distribution of appointment letters
৫৩১ গৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাক নিযুক্তি পত্ৰ বিতৰণ

ইপিনে বিটিআৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানতে বিটিআৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰে ৫৩১ গৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাক নিযুক্তি পত্ৰ বিতৰণ কৰি আগন্তুক নতুন বছৰৰ উপহাৰ আগবঢ়ালে বুলি মন্তব্য কৰে ৷ তেওঁ বিটিআৰ চৰকাৰে স্বচ্ছ, নিকা আৰু মেধা ভিত্তিত এই নিযুক্তি দিয়া বুলি মন্তব্য কৰে৷

Distribution of appointment letters
নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান

আগন্তুক জানুৱাৰী মাহত পুনৰ তিনিশৰো অধিক নিযুক্তি দিয়া হ’ব বুলি সদৰী কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে৷ এই নিযুক্তিপত্ৰ বিতৰণী অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰেওৰেৱা নাৰ্জিহাৰী, সঞ্জীৱ তান্তি, দাওবৈচা বড়ো, ধনঞ্জয় বসুমতাৰী, ধৰ্মনাৰায়ন দাস, বিটিআৰ বিধান পৰিষদৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, বিটিআৰৰ সচিব যতীন বৰা আৰু বিভাগীয় মুৰব্বী সমীৰ দাস উপস্থিত থাকে ৷

লগতে পঢ়ক : কংগ্ৰেছৰ লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দিলে মুঠ ৭৯ লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.