ETV Bharat / state

দুবছৰৰ ভিতৰত বিটিআৰৰ মুখ সলনি হ'ব: প্ৰমোদ বড়ো

author img

By

Published : Jul 16, 2021, 8:51 AM IST

BTR EM Swearing in Ceremony At Kokrajhar
দুবছৰৰ ভিতৰত বিটিআৰৰ মুখ সলনি হ'ব:প্ৰমোদ বড়ো

বিপিএফ (BPF) এৰি ইউপিপিএল (UPPL) লৈ যোৱা ধনঞ্জয় বসুমতাৰী আৰু মনোনিত সদস্য উইলচন হাসদাই বিটিআৰৰ (BTR) কাৰ্যবাহী সদস্য হিচাপে বৃহস্পতিবাৰে শপতগ্ৰহণ কৰে ৷ শপত বাক্য পাঠ কৰায় বিটিআৰৰ প্ৰধান সচিব শান্তনু পি গোটমাৰেই ৷

কোকৰাঝাৰ, 16 জুলাই : বিপিএফ (BPF) দল ত্যাগ কৰি ইউপিপিএল (UPPL)ত যোগদান কৰা তথা মানস ছেৰফাং পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত সদস্য ধনঞ্জয় বসুমতাৰী আৰু চৰকাৰী মনোনিত সদস্য উইলচন হাসদাই বৃহস্পতিবাৰে বিটিআৰৰ কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰে । বিটিআৰৰ বিধান পৰিষদীয় ভৱনৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত হোৱা এক অনুষ্ঠানত কাৰ্যবাহী সদস্য হিচাপে নিৰ্বাচিত হোৱা ধনঞ্জয় বসুমতাৰী আৰু উইলচন হাসদাক গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাই বিটিআৰৰ প্ৰধান সচিব শান্তনু পি গোটমাৰেই ৷

উল্লেখ্য যে, ইয়াৰে ধনঞ্জয় বসুমতাৰী বিপিএফ দলৰ পৰা চিৰাং জিলাৰ মানস ছেৰফাং পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল যদিও পাছলৈ বিপিএফ দল ত্যাগ কৰি ইউপিপিএল দলত যোগদান কৰে আৰু কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ নিবাসী তথা ইউপিপিএলৰ যুৱ নেতা উইলচন হাসদাক অপ্ৰতিনিধিত্ব জনগোষ্ঠীৰ পৰা ৰাজ্যপালে মনোনিত কৰিছিল । আদিবাসী সম্প্ৰদায়ৰ মনোনিত সদস্য হিচাপে উইলচন হাসদাই বিটিআৰৰ (BTR) কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি হোৱাত আদিবাসী সম্প্ৰদায়ৰ মাজত আনন্দৰ বন্যা বৈছে ।

দুবছৰৰ ভিতৰত বিটিআৰৰ মুখ সলনি হ'ব:প্ৰমোদ বড়ো

আনফালে, বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী (Hagrama Mahilari)ৰ এসময়ৰ ঘনিষ্ট ধনঞ্জয় বসুমতাৰীয়ে বিপিএফ ত্যাগ কৰি ইউপিপিএলত যোগদানেৰে কাৰ্যবাহী সদস্য পদ লাভ কৰাত বিপিএফৰ বাবেও ই এক মোক্ষম আঘাত বুলি বিবেচিত হৈছে । বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে ধনঞ্জয় বসুমতাৰী আৰু উইলচন হাসদাই শপত গ্ৰহণ কৰাত ইউপিপিএল , বিজেপি আৰু জিএছপিৰে গঠিত মিত্ৰদলৰ বিটিআৰ চৰকাৰত কাৰ্যবাহী সদস্যৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি পাইছে ।

ইপিনে শপতগ্ৰহণ অনুষ্ঠানৰ অন্তত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে (BTR CHIEF EXCUTIVE MEMBER) দুয়োগৰাকী কাৰ্যবাহী সদস্যদ্বয়লৈ অভিনন্দন জ্ঞাপন কৰি ধনঞ্জয় বসুমতাৰী আৰু উইলচন হাসদাৰ অন্তৰ্ভুক্তিয়ে বিটিআৰ কাৰ্যবাহী পাৰিষদখনত শক্তিশালী কৰি তুলিব বুলি মন্তব্য কৰে । বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি, শিক্ষা-দীক্ষা, সমস্যা সমাধানত বিটিআৰ পৰিষদীয় চৰকাৰে ক্ষিপ্ৰতাৰে কাম কৰিব আৰু অহা দুবছৰৰ ভিতৰত বিটিআৰত দেখনিয়াৰ পৰিবৰ্তন হ'ব বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োই ।

আনফালে নৱ নিৰ্বাচিত কাৰ্যবাহী সদস্য উইলচন হাসদা আৰু ধনঞ্জয় বসুমতাৰীয়ে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি যি দপ্তৰে নিদিয়ক কিয় তেওঁলোকে ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ হকে কাম কৰি যাব বুলি মন্তব্য কৰিছে । শপতগ্ৰহণ অনুষ্ঠানত বিটিআৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ লগতে বিটিআৰ বিধান পৰিষদীয় ভৱনৰ অধ্যক্ষ কাতিৰাম বড়ো, উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী , বিটিআৰৰ কেইবাগৰাকী কাৰ্যবাহী আৰু নিৰ্বাচিত সদস্য উপস্থিত আছিল ।

লগতে পঢ়ক-গো-সংৰক্ষণ বিধেয়কে উত্তৰ-পূৱত বিপদত পেলাব নেকি গেৰুৱা দলক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.