ETV Bharat / state

বিটিচিত নৱ নিৰ্বাচিত চৰকাৰ প্ৰথম খন কাৰ্যবাহী পৰিষদৰ বৈঠক সম্পন্ন

author img

By

Published : Dec 20, 2020, 3:34 PM IST

বিপিএফে " ৰুল আৰু প্ৰচিডিঅ'ৰ " কথা কৈছে যদিও বিগত ১৭ বছৰে একোৱেই নকৰিলে ৷ এতিয়াহে নতুন চৰকাৰে বিধান পৰিষদৰ পৰা আৰম্ভ কৰি সকলোতে " চিষ্টেম " গঢ়ি তুলিব বুলি মন্তব্য কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ।

বিটিচিত নৱ নিৰ্বাচিত চৰকাৰ প্ৰথম খন কাৰ্যবাহী পৰিষদৰ বৈঠক সম্পন্ন
বিটিচিত নৱ নিৰ্বাচিত চৰকাৰ প্ৰথম খন কাৰ্যবাহী পৰিষদৰ বৈঠক সম্পন্ন

কোকৰাঝাৰ, ২০ ডিচেম্বৰ : বিপিএফে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিলক লৈ অৱশেষত মুখ খুলিছে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে । তেওঁ কয় বিপিএফে " ৰুল আৰু প্ৰচিডিঅ'ৰ " কথা কৈছে যদিও বিগত ১৭ বছৰে একোৱেই নকৰিলে ৷ এতিয়াহে নতুন চৰকাৰে বিধান পৰিষদৰ পৰা আৰম্ভ কৰি সকলোতে " চিষ্টেম " গঢ়ি তুলিব বুলি মন্তব্য কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ।

আনহাতে নিৰ্বাচিত পাৰিষদীয় সদস্য সকলক গুৱাহাটীৰ হোটেল লিলিৰ ঠাইত আৱদ্ধ কৰি ৰখা সন্দৰ্ভত সোধা এক প্ৰশ্নোত্তোৰত প্ৰমোদ বড়োৱে কয় যে, এতিয়ালৈকে পূৰ্ণাংগ পৰ্যায়ত কাম-কাজ আৰম্ভ হোৱা নাই আৰু দুই এদিনতে সকলো ঘুৰি আহিব। কাম কাজ আৰম্ভ হোৱাৰ পিছত বিনা অনুমতিত কোনেও বিদেশ ভ্ৰমনলৈও যাব নোৱাৰিব আৰু এতিয়া অলপ ফুৰি লৈছে লওক বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ।

বিটিচিত নৱ নিৰ্বাচিত চৰকাৰ প্ৰথম খন কাৰ্যবাহী পৰিষদৰ বৈঠক সম্পন্ন

ইপিনে বিটিচিৰ প্ৰথমখন কাৰ্যবাহী পৰিষদৰ বৈঠক হোৱাৰ কথা উল্লেখ কৰি উক্ত বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰিছে প্ৰমোদ বড়োৱে । সেইমৰ্মে ক্ৰয়-বিক্ৰয়কে ধৰি দীৰ্ঘদিনীয়া মাটিৰ সমস্যা সমাধানৰ বাবে এছঅ'পি( Standard operating procedure)গঠন কৰা , বিটিআৰ চুক্তি ৰূপায়ন কৰা , অৰুণোদয় আঁচনিকে ধৰি আন আঁচনি সমূহ ৰূপায়নৰ বাবে অসম চৰকাৰক আহ্বান জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

তদুপৰি বিটিআৰৰ সকলো দিশতে উন্নয়ন সাধন কৰিবলৈ বিষয়া - কৰ্মচাৰী সকলক সততা আৰু নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনাই কোকৰাঝাৰক শান্তিৰ চহৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যোৱাৰ প্ৰাকমূহুৰ্তত চহৰৰ প্ৰতিখন ব্যৱসায়ী প্ৰতিষ্ঠানক তিনিটাকৈ বগা গোলাপ ফুলৰে সৈতে পট (pots) দিয়া কাৰ্য আৰম্ভ হৈছে বুলি সদৰি কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ।

লগতে পঢ়কঃ অজন্তা নেওগৰ বিজেপি লৈ গমনৰ খবৰৰ পাচতে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.