ETV Bharat / state

বিটিআৰত ২৮টা বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ শুভাৰম্ভ

author img

By

Published : Jul 31, 2021, 10:25 PM IST

জলজীৱন আঁচনি (Jal Jivan Mission)২০২০-২১ ৰ অধীনত শনিবাৰে বিটিআৰৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাত সৰ্বমুঠ ২৮ টা বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ শুভাৰম্ভ কৰা হয় ৷ বিটিআৰৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী উত্তৰ অঞ্চলতো খোৱাপানীৰ সমস্যা অহা দুবছৰৰ ভিতৰত সমাধান কৰা হ’ব বুলি মন্তব্য প্ৰমোদ বড়োৰ ৷

btr-chief-promad-boro-opening-water-supply-project
ওদালগুৰীত ২৮ টা বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ শুভাৰম্ভ

কোকৰাঝাৰ, ৩১ জুলাই : সমগ্ৰ অসমৰ লগতে বিটিআৰ (BTR)তো জলজীৱন আঁচনি (Jal Jivan Mission)২০২০-২১ ৰ অধীনত শনিবাৰে বিটিআৰৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাত সৰ্বমুঠ ২৮ টা বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ শুভাৰম্ভ কৰা হয় ৷ ইয়াৰে অংশৰূপে কোকৰাঝাৰ জিলাত কোকৰাঝাৰ জলসিঞ্চন বিভাগৰ প্ৰথম খণ্ডৰ অধীনস্থ ভোটগাঁও, চেংমাৰী, পূৱ চেংমাৰী, উত্তৰ চেংমাৰী, দক্ষিণ চেংমাৰী আৰু ওঝাপাৰা গাঁৱক সাঙুৰি পানী যোগান আঁচনিৰ শুভাৰম্ভ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ বড়োৱে মাংগলিক কাৰ্যসূচীৰে শুভাৰম্ভ কৰা অনুষ্ঠানত সংগ দিয়ে বিটিআৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য ড৹ নিলৎ স্বৰ্গীয়াৰীয়ে ৷ ইপিনে আঁচনিৰ শুভাৰম্ভ কৰাৰ পিছত প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে, "খোৱাপানীৰ দ্বাৰা বিভিন্ন বেমাৰ আজাৰৰ লগতে বিভিন্ন সমস্যাৰ সৃষ্টি হয় ৷ এই আঁচনি ৰূপায়ণৰ ফলত খোৱাপানীৰ সমস্যাৰ স্থায়ী সমাধান হ’ব আৰু অঞ্চলটোৰ ৰাইজে বিশুদ্ধ খোৱাপানী পাবলৈ সক্ষম হ’ব ৷"

বিটিআৰত ২৮ টা বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ শুভাৰম্ভ

বিটিআৰৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী উত্তৰ অঞ্চলতো খোৱাপানীৰ সমস্যা অহা দুবছৰৰ ভিতৰত সমাধান কৰা হ’ব বুলি প্ৰমোদ বড়োৱে মন্তব্য কৰে ৷ তেওঁ লগতে ভাৰত স্বাধীন হোৱাৰ পাচত আটাইতকৈ ডাঙৰ জনকল্যাণমুখী আঁচনিখন কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিছন আঁচনি বুলি মন্তব্য কৰে ৷ প্ৰমোদ বড়োৱে জল জীৱন আঁচনিৰ প্ৰশংসা কৰি বিটিআৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰা হ’ব বুলি জানিবলৈ দিয়ে ৷

btr-chief-promad-boro-opening-water-supply-projectবিটিআৰত ২৮ টা বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ শুভাৰম্ভ

বিটিআৰ(BTR) প্ৰধানগৰাকীয়ে লগতে পূৰ্বৰ বিপিএফ(BPF)চৰকাৰে ৩,০০০ কোটি টকাৰ ঋণৰ বোজা দি থৈ যোৱাৰ বাবে কামসমূহ সুকলমে কৰাত অলপ অসুবিধাৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰি বৰ্তমান বিটিআৰ চৰকাৰে সৰ্বাধিক নিবনুৱা সমস্যা সমাধানত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰে । তেওঁ নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে প্ৰাক নিযুক্তি প্ৰশিক্ষণ আৰম্ভ হৈছে বুলি সদৰী কৰি এবছৰৰ ভিতৰত কেইবাটাও প্ৰাক নিযুক্তি প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে ৷ বড়োৱে লগতে উপ-নিৰ্বাচনক লৈ কোনো ধৰণৰ চিন্তা নাই বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ।

btr-chief-promad-boro-opening-water-supply-project
বিটিআৰত ২৮ টা বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ শুভাৰম্ভ

ইফালে কোকৰাঝাৰৰ জিলাৰ ফকিৰাগ্ৰাম পুৰণি বজাৰতো শনিবাৰে বিটিআৰৰ ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ই পানী যোগান আঁচনিৰ শুভাৰম্ভ কৰে ৷ ফকিৰাগ্ৰামৰ কাৰ্যসূচীতো বিভাগীয় কাৰ্যবাহী সদস্য ড৹ নিলৎ স্বৰ্গীয়াৰী আৰু চিএইচডি ৰমেন্দ্ৰ কুমাৰ চৌধুৰীকে ধৰি কেইবাগৰাকী বিভাগীয় বিষয়া উপস্থিত থাকে ৷

লগতে পঢ়ক : অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মিজোৰাম আৰক্ষীৰ এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.