ETV Bharat / state

New mission launched in BTR : বিটিআৰত আৰম্ভ বড়োলেণ্ড দক্ষতা নিযুক্তি আৰু উদ্যোগ বিকাশ অভিযান

author img

By

Published : Dec 15, 2021, 9:56 AM IST

বিটিআৰত আৰম্ভ হ'ল বড়োলেণ্ড দক্ষতা নিযুক্তি আৰু উদ্যোগ বিকাশ অভিযান (Bodoland Skill Employment and Industry Development Mission) ৷ বন্তি প্ৰজ্বলনৰে মঙলবাৰে এই কাৰ্যসূচী শুভাৰম্ভ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Minister Chandramohan Patowary at Kokrajhar) ৷

bodoland-skill-employment-and-industry-development-mission-launched-at-btr
বিটিআৰত "বড়োলেণ্ড দক্ষতা নিযুক্তি আৰু উদ্যোগ বিকাশ অভিযান" মিছন মুকলি

কোকৰাঝাৰ, 15 ডিচেম্বৰ : বিটিআৰৰ নিবনুৱা যুৱক-যুৱতীসকলক সংস্থাপন দিয়াৰ লক্ষ্যৰে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল (Pramod Bodo lead BTC council), বিজেপি আৰু জিএচপি মিত্ৰজোঁটৰ চৰকাৰখনে মঙলবাৰে কোকৰাঝাৰত "বড়োলেণ্ড দক্ষতা নিযুক্তি আৰু উদ্যোগ বিকাশ অভিযান" নামৰ এক অভিযান আৰম্ভ কৰে ৷

bodoland-skill-employment-and-industry-development-mission-launched-at-btr
বিটিআৰত আৰম্ভ বড়োলেণ্ড দক্ষতা নিযুক্তি আৰু উদ্যোগ বিকাশ অভিযান

এই উপলক্ষে কোকৰাঝাৰৰ নিকটৱৰ্তী চান্দামাৰীস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত আয়োজিত হোৱা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম উপস্থিত থাকে চৰকাৰৰ পৰিবহণ, উদ্যোগিক আৰু বাণিজ্যিক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী (Transport Minister Chandra Mohan Patowary at BTR) ৷ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে বন্তি প্ৰজ্বলনেৰে অভিযানৰ শুভাৰম্ভ কৰে (Bodoland Skill Employment and Industry Development Mission launched) ৷

অনুষ্ঠানৰ অন্তত সাংবাদিকৰ আগত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Minister Chandra Mohan Patowary at BTR) এই অভিযান বাস্তৱত সফল হ'লে, বিটিআৰৰ বহু নিবনুৱা যুৱক-যুৱতীয়ে বিভিন্ন দিশত স্বাৱলম্বী হোৱাৰ লগতে সংস্থাপন লাভ কৰিব বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ লগতে অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিটিআৰত প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদীয় চৰকাৰৰ এই পদক্ষেপৰ শলাগ লয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে(Transport Minister Chandra Mohan Patowary at BTR) ৷

এই অনুষ্ঠানত কোকৰাঝাৰৰ বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়কে ধৰি বিভিন্নজনে উপস্থাপন কৰা প্ৰকল্পই সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হয় ৷

bodoland-skill-employment-and-industry-development-mission-launched-at-btr
বিটিআৰত আৰম্ভ বড়োলেণ্ড দক্ষতা নিযুক্তি আৰু উদ্যোগ বিকাশ অভিযান

উল্লেখ্য যে, বিটিআৰ চৰকাৰৰ উদ্যোগত আয়োজিত বড়োলেণ্ড দক্ষতা নিযুক্তি আৰু উদ্যোগ বিকাশ অভিযানৰ শুভাৰম্ভ অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য ড° নিলোৎ স্বৰ্গীয়াৰী আৰু উইলচন হাসদা, গোঁসাইগাঁৱৰ বিধায়ক জিৰণ বসুমতাৰী, বিটিআৰৰ সচিব প্ৰধান শান্তনু পি গোটমাৰে, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙৰ লগতে উপস্থিত থাকে বহু প্ৰশিক্ষণপ্ৰাপ্ত নিবনুৱা যুৱক-যুৱতী ৷

জানিব পৰা মতে বড়োলেণ্ড দক্ষতা নিযুক্তি আৰু উদ্যোগ বিকাশ অভিযানে বিটিআৰত পাঁচটা আদৰ্শ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ লগতে ৫০ হাজাৰ নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ পথ দেখুওৱাত সহায় কৰিব ৷

লগতে পঢ়ক : বুধবাৰে এবছৰ সম্পূৰ্ণ কৰিব প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.