ETV Bharat / state

বড়োভূমিত দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিম : প্ৰমোদ বড়ো

author img

By

Published : Dec 14, 2020, 8:57 PM IST

after-taking-the-oath-we-will-take-a-firm-stand-against-corruption-in-btr-pramod-boro
শপত গ্ৰহণৰ পিচতে বড়োভূমিত দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিম: প্ৰমোদ বড়ো

কোকৰাঝাৰত উপস্থিত বড়োভূমিৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ৷ ইউ পি পি এলৰ কাৰ্যালয়ত উপস্থিত হৈ শপত গ্ৰহণৰ পিচতে দুৰ্নীতি বিৰোধী অভিযান গ্ৰহণ কৰা হ'ব বুলি মন্তব্য প্ৰদান কৰিছে বিষয়া গৰাকীয়ে ৷

কোকৰাঝাৰ, 14 ডিচেম্বৰ : ‘‘দুৰ্নীতি হ'ল আমাৰ প্ৰধান শত্ৰু । শত্ৰুৰ সতে আমি যুঁজিবলৈ আহিছো । কোনোবা বিষয়া-কৰ্মচাৰীয়ে দুৰ্নীতি কৰিলে ৰেহাই দিয়া নহ'ব । নিজকে পৰিবৰ্তন কৰিবলৈ শিকক ৷ শপত গ্ৰহণৰ পিচতে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিম ’’। কোকৰাঝাৰত উপস্থিত হৈ এই মন্তব্য প্ৰদান বি টি আৰৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ ৷

after-taking-the-oath-we-will-take-a-firm-stand-against-corruption-in-btr-pramod-boro
কোকৰাঝাৰত উপস্থিত বড়োভূমিৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো

কোকৰাঝাৰত হাজাৰ হাজাৰ জনতাই প্ৰমোদ বড়োক উষ্ম আদৰণি জনোৱাৰ মাজতে ইউ পি পি এলৰ কাৰ্যালয়ত উপস্থিত হৈ সংবাদমাধ্যমৰ আগত এই মন্তব্য প্ৰদান কৰিলে নেতা গৰাকীয়ে ৷ আনহাতে, বিজেপি, ইউ পি পি এল আৰু জি এচ পিয়ে চৰকাৰ গঠন কৰি সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিছে বুলিও মন্তব্য কৰে নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে ৷

কোকৰাঝাৰত উপস্থিত বড়োভূমিৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো

অনাগত সময়ছোৱাত বি টি আৰ বাসীৰ বাবে সুস্থ বাতাবৰণ তৈয়াৰ কৰি সকলো জাতি-জনগোষ্ঠীক লৈ সম উন্নয়ন, সম বিকাশ আৰু শান্তি প্ৰতিষ্ঠা কৰি চৰকাৰ আৰু জনতাৰ মাজত থকা ব্যৱধান দূৰ কৰি ৰাইজৰ সৈতে এক শক্তিশালী সম্পৰ্ক গঢ়ি তোলা হ'ব বুলিও মন্তব্য কৰিছে নেতা গৰাকীয়ে ।

লগতে পঢ়ক : কৰ্ণাটকৰ ৱিষ্ট্ৰন কোম্পানীত কৰ্মচাৰীৰ সংঘাতত 437.40 কোটিৰ লোকচান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.