ETV Bharat / state

সংখ্যালঘু নেতা বাবেই হোৱা নাই নেকি লাফিকুল হত্যাৰ সঠিক তদন্ত?

author img

By

Published : Aug 1, 2021, 1:59 PM IST

aamsu-blames-government-for-not-giving-importance-towards-inquiry-lafikul-islam-murder-case
সংখ্যালঘু নেতা হোৱাৰ বাবেই হোৱা নাই নেকি লাফিকুল হত্যাৰ সঠিক তদন্ত?

সংখ্যালঘু ছাত্ৰ নেতা হোৱাৰ কাৰণেই লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ ৷ ক’ভিড পৰিস্থিতি শাম কটাৰ পিছত সমগ্ৰ দেশজুৰি এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহামেদৰ হত্যাৰ ন্যায় বিচাৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান আমছুৰ ৷

কোকৰাঝাৰ, ১ আগষ্ট : এবিএমছু(ABMSU)ৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামৰ হত্যাকাণ্ড(Lafikul Islam murder case)ই দেওবাৰে চাৰিটা বছৰ পূৰ্ণ কৰিলে ৷ তৎসত্বেও কোকৰাঝাৰ চহৰৰ তিতাগুড়িত ২০১৭ চনৰ পহিলা আগষ্টত হত্যাৰ বলি হোৱা ছাত্ৰ নেতাগৰাকীৰ হত্যাকাৰী গ্ৰেপ্তাৰ নহ’ল ৷ এই কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে (AAMSU) ৷

কোকৰাঝাৰ প্ৰেছ ক্লাবত শনিবাৰে আয়োজিত এক সংবাদ মেলত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কয় যে, একমাত্ৰ সংখ্যালঘু ছাত্ৰ নেতা হোৱাৰ বাবেই লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক চৰকাৰে গ্ৰেপ্তাৰ কৰা নাই ৷ এই কথালৈ তেওঁ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তদানীন্তন বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিগত বিটিআৰ পৰিষদীয় নিৰ্বাচন(BTR)ৰ নিৰ্বাচনী প্ৰচাৰ সভাসমূহত বিজেপি আৰু সহযোগী দলে চৰকাৰ গঠন কৰিলে ছাত্ৰ নেতা গৰাকীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হব বুলি প্ৰতিশ্ৰুতি দিছিল ৷

সংখ্যালঘু নেতা হোৱাৰ বাবেই হোৱা নাই নেকি লাফিকুল হত্যাৰ সঠিক তদন্ত?

কিন্তু, চৰকাৰ গঠনৰ পিচত মুখ্যমন্ত্ৰীৰ লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো(BTR chief Pramod Bodo)ৱে সকলোবোৰ পাহৰি গ’ল বুলি আক্ষেপ প্ৰকাশ কৰে আমছুৰ সভাপতি গৰাকীয়ে ৷

উল্লেখযোগ্য যে, এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ড সন্দৰ্ভত বিশেষ তদন্তকাৰী টীম (SIT), চিবিআই(CBI) আদিয়ে তদন্ত আৰম্ভ কৰিছিল যদিও এই তদন্ত অতি লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন কৰিছে আমছুৰ সভাপতি গৰাকীয়ে ৷ ছাত্ৰ নেতা গৰাকীৰ মৃত্যু বাৰ্ষিকীৰ দিনা ক’ভিড প্ৰট’কল মানি প্ৰতিখন জিলাতে দোৱা-প্ৰাৰ্থনা আৰু প্ৰতিবাদী সভাৰ আয়োজন কৰা হ’ব ৷ ইয়াৰ লগতে বিষয়টো সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীলৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা স্মাৰক পত্ৰ প্ৰেৰণ কৰা হব বুলি সদৰী কৰে আমছুৰ সভাপতি গৰাকীয়ে ৷

লগতে পঢ়কঃ জম্মু-কাশ্মীৰত পুলৱামা আক্ৰমণত জড়িত দুই সন্ত্ৰাসবাদী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.