ETV Bharat / state

Bodofa Livelihood Mission: হিমাচললৈ ৰাওনা বিটিআৰৰ 40 জনীয়া কাঠফুলা খেতিয়কৰ দল

author img

By

Published : Jul 27, 2023, 1:43 PM IST

7 Days Exposure Visit to Different Mushroom Units
বিটিআৰ পৰিষদীয় চৰকাৰৰ বিশেষ উদ্যোগ

বিটিআৰ পৰিষদীয় চৰকাৰৰ বিশেষ উদ্যোগত প্ৰশিক্ষণৰ বাবে হাৰিয়ানা, হিমাচললৈ ৰাওনা হৈছে বিটিআৰৰ 40 জনীয়া কাঠফুলা খেতিয়কৰ এটা দল ৷ দলটোক একোখন আৰ’নাই আৰু ফলমূলৰ টোপোলা প্ৰদান কৰি বুধবাৰে কোকৰাঝাৰ ৰে’ল ষ্টেছনৰ পৰা শুভেচ্ছা দিয়ে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷

হাৰিয়ানা, হিমাচললৈ ৰাওনা বিটিআৰৰ 40 জনীয়া কাঠফুলা খেতিয়কৰ দল

কোকৰাঝাৰ, 26 জুলাই : বিটিআৰ পৰিষদীয় চৰকাৰৰ বিশেষ উদ্যোগ ৷ প্ৰশিক্ষণৰ বাবে হাৰিয়ানা, হিমাচললৈ ৰাওনা বিটিআৰৰ 40 জনীয়া কাঠফুলা খেতিয়ক দল ৷ দলটোক কোকৰাঝাৰ ৰে’ল ষ্টেচনত শুভেচ্ছা জনায় বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ লগতে কাৰ্যবাহী সদস্য ক্ৰমে ৰেওৰেৱা নাৰ্জিহাৰী আৰু দিগন্ত বৰুৱাই ৷

কাঠফুলা খেতিৰ প্ৰশিক্ষণ গ্ৰহণৰ উদ্দেশ্যৰে বিটিআৰ পৰিষদীয় চৰকাৰৰ Bodofa Livelihood Mission ৰ অধীনত 40 জনীয়া কাঠফুলা খেতিয়কসহ কৃষি বিভাগৰ বিষয়-ববীয়াৰ এটা দল বুধবাৰে কোকৰাঝাৰৰ পৰা হৰিয়ানা আৰু হিমাচল প্ৰদেশলৈ ৰাওনা হৈছে ৷ বিটিআৰৰ বিজেপিৰ পাৰিষদ তথা বড়োলেণ্ড মাশ্বৰুম মিছনৰ অধ্যক্ষ সজল সিংহৰ নেতৃত্বত 40 জনীয়া দলটো বুধবাৰে কোকৰাঝাৰ ৰে’ল ষ্টেচনৰ পৰা গুৱাহাটী-নতুন দিল্লী অভিমুখী নামনিমুৱা ৰাজধানী ৰে’লযোগে প্ৰথমে দিল্লীলৈ ৰাওনা হয় ৷ দিল্লীৰ পৰা হৰিয়ানা আৰু পিছত হৰিয়ানাৰ পৰা হিমাচল প্ৰদেশলৈ ৰাওনা হব 40 জনীয়া কাঠফুলা খেতিয়কৰ দলটো ৷

লগতে পঢ়ক : Palm Oil Cultivation in Assam : অসমৰ 18 খন জিলাত কৰা হ'ব পাম অইলৰ খেতি

সপ্তাহযোৰা কাৰ্যসূচীৰে ৰাওনা হোৱা দলটোক একোখন আৰ’নাই আৰু ফলমূলৰ টোপোলা প্ৰদান কৰি বুধবাৰে কোকৰাঝাৰ ৰে’ল ষ্টেছনৰ পৰা শুভেচ্ছা দিয়ে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ লগতে কাৰ্যবাহী সদস্য ক্ৰমে ৰেওৰেৱা নাৰ্জিহাৰী আৰু দিগন্ত বৰুৱাই ৷ উল্লেখ্য যে, বড়োলেণ্ড মাশ্বৰুম মিছনৰ Bodofa Livelihood Mission ৰ অধীনত কাঠফুলা খেতিৰ প্ৰশিক্ষণৰ উদ্দেশ্যৰে ৰাওনা হোৱা বিটিআৰৰ চাৰি জিলাৰ 40 গৰাকী যুৱক-যুৱতী আৰু খেতিয়কৰ দলটোক হৰিয়ানাৰ চণ্ডীগড়, হিমাচল প্ৰদেশৰ ছোলাং আৰু ছিমলাত কাঠফুলা খেতিৰ অত্যাধুনিক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ৷

সপ্তাহজোৰা প্ৰশিক্ষণৰ কালছোৱাত কাঠফুলৰ ওপৰত বিস্তৃতভাৱে মত-বিনিময় কৰিব দলটোৱে ৷ 40 জনীয়া কাঠফুলা খেতিয়কৰ দলটোৰ সৈতে আছে কৃষি বিভাগৰ কাঠফুলাৰ সঞ্চালক পুস্পধৰ দাস, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মাশ্বৰুম বিভাগৰ প্ৰবক্তা বিজ্ঞানী সন্দীপ দাস ৷

লগতে পঢ়ক : Assam Youth Died in Gujrat: টিংখাঙৰ স্ব-গৃহলৈ অনা হ’ল কৰ্মৰত অৱস্থাত গুজৰাটত মৃত্যু ঘটা যুৱকৰ নশ্বৰ দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.