ETV Bharat / state

Bodo Sahitya Sabha session: বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনক লৈ ব্যাপক প্ৰস্তুতি

author img

By

Published : Feb 14, 2023, 8:03 PM IST

62nd Central Conference of Bodo Sahitya Sabha will held in Kokrajhar
বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশন

পাটগাঁৱৰ সৰলভাঙা নৈৰ পাৰৰ ৰাণী খালাইশ্ৰী পথাৰত বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনক লৈ ব্যাপক প্ৰস্তুতি (62nd Bodo Sahitya Sabha session) ৷ ২৩ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশন ৷ পশ্চিম বংগ, ত্ৰিপুৰা, মণিপুৰসহ দেশৰ ভিন্ন ৰাজ্যৰ উপৰিও বহিঃৰাষ্ট্ৰ নেপাল আৰু বাংলাদেশৰ পৰা বিশিষ্ট সাহিত্যিক আৰু বড়ো জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিয়ে অধিবেশনত অংশগ্ৰহণ কৰিব ৷

বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশন

কোকৰাঝাৰ ১৪ ফেব্ৰুৱাৰী : অসমৰ দ্বিতীয় বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান হৈছে বড়ো সাহিত্য সভা (Bodo Sahitya Sabha) । বড়ো সাহিত্য-সংস্কৃতিৰ উন্নতি আৰু প্ৰসাৰৰ বাবে ১৯৫২ চনৰ ১৬ নৱেম্বৰত কোকৰাঝাৰ জিলাৰ বাসুগাঁৱত গঠন কৰা হৈছিল বড়ো সাহিত্য সভা । ইয়াৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত । এই অনুষ্ঠানটোত অসমৰ লগতে প্ৰতিৱেশী ৰাজ্য পশ্চিম বংগ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰাৰ লগতে নেপালৰো প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

প্ৰত্যেক বছৰে কোকৰাঝাৰত অনুষ্ঠিত হয় বড়ো সাহিত্য সভাৰ অধিবেশন ৷ এইবাৰো কোকৰাঝাৰ জিলাৰ পাটগাঁৱত অনুষ্ঠিত হ’ব বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনখনি (62nd Bodo Sahitya Sabha session) ৷ অধিবেশনক লৈ ইতিমধ্যেই আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি ৷ পাটগাঁৱৰ সৰলভাঙা নৈ পাৰৰ ৰাণী খালাইশ্ৰীৰ বিশাল পথাৰত ২৩ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বড়ো সাহিত্য সভাৰ এই কেন্দ্ৰীয় অধিবেশনখন ৷

আয়োজক সমিতিয়ে জনোৱা মতে, অধিবেশনখনক লৈ দিনে নিশাই শ শ শ্ৰমিকে অব্যাহত ৰাখিছে প্ৰস্তুতিৰ কাম-কাজ (Bodo Sahitya Sabha Conference will held in Kokrajhar) ৷ অধিবেশনথলীত এক বিশাল পেণ্ডেল নিৰ্মাণৰ কাম চলি আছে, য’ত ৫০ হেজাৰৰো অধিক আসনৰ ব্যৱস্থা কৰা হ’ব ৷ অধিবেশনথলীতে বিশাল প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ পেণ্ডেলৰ কামো চলি আছে পূৰ্ণগতিত (Preparations underway for Bodo Sahitya Sabha) ৷

অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি তথা বিধায়ক লৰেন্স ইছলাৰীয়ে জানিবলৈ দিয়া মতে পাঁচশটা বিপণীয়ে প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব ৷ অধিবেশনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আঢ়ৈ হেজাৰৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷ ইয়াৰোপৰি পশ্চিম বংগ, ত্ৰিপুৰা, মণিপুৰসহ দেশৰ বিভিন্ন ৰাজ্যৰ উপৰিও বহিঃৰাষ্ট্ৰ নেপাল আৰু বাংলাদেশৰ পৰা বিশিষ্ট সাহিত্যিক আৰু বড়ো জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিয়ে অধিবেশনত অংশগ্ৰহণ কৰিব ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অধিবেশনত অংশগ্ৰহণ কৰিব বুলি অভ্যৰ্থনা সমিতিৰ সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, বড়ো সাহিত্য সভাৰ এই ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনতে পুৰণি কমিটি ভংগ কৰি নতুন কেন্দ্ৰীয় সমিতি গঠন কৰা হ’ব ৷ ইপিনে অধিবেশনখনৰ প্ৰস্তুতিৰ কাম-কাজ সুচাৰুৰূপে তথা সাফল্যমণ্ডিত কৰিবলৈ মঙলবাৰে পাটগাঁৱত অভ্যৰ্থনা সমিতিৰ এক সভা অনুষ্ঠিত হয় ৷ সভাত অভ্যৰ্থনা সমিতিৰ সভাপতি তথা বিধায়ক লৰেন্স ইছলাৰী, সম্পাাদক জনীল ব্ৰহ্ম আৰু অভ্যৰ্থনা সমিতিৰ বিভিন্ন উপসমিতিসমূহে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: Digboi Press Club Poetry Conference: ডিগবৈ প্ৰেছ ক্লাৱত মাঘৰ এটি কবিতাৰ দিন শীৰ্ষক কবি সমাৰোহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.