ETV Bharat / state

ক'ভিড-19 ৰ নীতি নিয়ম ভংগ কাণ্ডজ্ঞানহীন জনপ্ৰতিনিধিৰ

author img

By

Published : Sep 15, 2020, 12:07 PM IST

ক'ভিড-19 ৰ সকলো নীতি-নিয়ম ভৰিৰে মোহাৰি উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থক দেখা পোৱা গ'ল নাও খেলৰ প্ৰতিযোগিতাত ৷ লক্ষণীয়ভাৱে সহস্ৰাধিক লোকৰ উপস্থিতিত উত্তৰ কৰিমগঞ্জৰ বাজাৰঘাট এলেকাত অনুষ্ঠিত প্ৰতিযোগিতাখনত নাছিল কোনোধৰণৰ সামাজিক দূৰত্ব ৷ লগতে কোনো লোকে পৰিধান কৰা নাছিল মাস্ক ৷ কিন্তু তাৰ মাজতো বিধায়ক গৰাকীয়ে উদ্বোধন কৰে পৰম্পৰাগত নাও খেলৰ প্ৰতিযোগিতাখনি ৷

Violation of the rules of Covid 19 by MLA
ক'ভিড19 ৰ নীতি নিয়ম ভংগ কাণ্ডজ্ঞানহীন জনপ্ৰতিনিধিৰ

কৰিমগঞ্জ,15ছেপ্তেম্বৰঃ যি সময়ত ৰাজ্যত অধিক ভয়াবহ হৈ পৰিছে কৰ'ণা মহামাৰীৰ সংক্ৰমণ তেনে সময়তে এগৰাকী জনপ্ৰতিনিধিৰ কৰ্মকাণ্ডই আচৰিত কৰি তুলিছে সাধাৰণ ৰাইজক ৷ ক'ভিড-19 ৰ সকলো নীতি-নিয়ম ভৰিৰে মোহাৰি উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থক দেখা পোৱা গ'ল নাও খেলৰ প্ৰতিযোগিতাত ৷ লক্ষণীয়ভাৱে সহস্ৰাধিক লোকৰ উপস্থিতিত উত্তৰ কৰিমগঞ্জৰ বাজাৰঘাট এলেকাত অনুষ্ঠিত প্ৰতিযোগিতাখনত নাছিল কোনোধৰণৰ সামাজিক দূৰত্ব ৷ আন নালাগে কোনো লোকে পৰিধান কৰা নাছিল মাস্ক ৷ কিন্তু তাৰমাজতো বিধায়ক গৰাকীয়ে উদ্বোধন কৰে পৰম্পৰাগত নাও খেলৰ প্ৰতিযোগিতাখনি ৷

ক'ভিড19 ৰ নীতি নিয়ম ভংগ কাণ্ডজ্ঞানহীন জনপ্ৰতিনিধিৰ

ইপিনে,বিধায়কগৰাকীয়ে অংশগ্ৰহণ কৰা তথা প্ৰতিযোগিতাখনৰ ভিডিও ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বিধায়কগৰাকী ৷ কাণ্ডজ্ঞানহীন জনপ্ৰতিনিধি গৰাকীৰ এনে কাণ্ডক একেমুখে এতিয়া সকলোৱে দিছে গৰিহনা ৷

প্ৰশ্ন হয়, ক'ভিড-19ৰ সকলো নীতি-নিয়ম ভংগ কৰা বিধায়কগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে ? সাধাৰণ ৰাইজে মাস্কখন পৰিধান নকৰিলেই অধিক কঠুৰ হৈ পৰা আৰক্ষী তথা প্ৰশাসনে কাণ্ডজ্ঞানহীন উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবনে ? যদি এই নাও খেলৰ জৰিয়তে জিলাখনত অধিক ৰূপত কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণ হয় তেনেহ'লে তাৰ দায়িত্ব কোনে ল'ব ? সেইয়াও হৈছে বৰ্তমান সময়ৰ এক ডাঙৰ প্ৰশ্ন ৷

লগতে পঢ়কঃবঢ়মপুৰত নৱম অসম আৰক্ষী বাহিনীৰ সোণালী জয়ন্তী উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.