ETV Bharat / state

প্ৰব্ৰজিত শ্ৰমিকক কিট প্ৰদানৰ নামত কৰিমগঞ্জত ব্যাপক লুন্ঠনৰ অভিযোগ

author img

By

Published : Aug 7, 2020, 2:06 PM IST

Updated : Aug 7, 2020, 2:47 PM IST

500 টকাৰ কিটত কেৱল 120/150 টকাৰ সামগ্ৰী প্ৰদান
প্ৰব্ৰজিত শ্ৰমিকক কিট প্ৰদানৰ নামত কৰিমগঞ্জত ব্যাপক লুন্ঠনৰ অভিযোগ

প্ৰব্ৰজিত শ্ৰমিকক কিট প্ৰদানৰ নামত কৰিমগঞ্জত ব্যাপক লুন্ঠনৰ অভিযোগ ৷ 500 টকাৰ কিটত কেৱল 120/150 টকাৰ সামগ্ৰী দিয়াৰ লগতে প্ৰায় 22 লাখ 50 হেজাৰ টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে ৷

কৰিমগঞ্জ, 7 আগষ্ট : কৰ'ণা সংকটৰ মাজতে চৰকাৰৰ আবণ্টিত ধনৰ লাখ লাখ টকা আত্মহাতৰ অভিযোগ উত্থাপিত হৈছে কৰিমগঞ্জত ৷ এই অভিযোগ উত্থাপন কৰিছে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ৷ তেওঁৰ অভিযোগ অনুসৰি,বহিঃৰাজ্যৰ পৰা ট্ৰেইনেৰে অহা শ্ৰমিকসকলক কোৱাৰেন্টাইনলৈ যোৱাৰ আগমুহূৰ্তত 500 টকাৰ এটা কিট দিয়াৰ ব্যৱস্থা কৰিছিল জিলা প্ৰশাসনে ৷ এই কিটটোত আছে চাবোন,চেনিটাইজাৰ,মাস্ক,টুথপেষ্ট, ব্ৰাছ,গামোচা,বাল্টি,আঁঠুৱাকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী ৷ কিন্তু কিটটোত 120/150 টকাৰ সামগ্ৰীহে যোগান ধৰা হৈছে বুলি অভিযোগ কৰি তেওঁ কয় যে,প্ৰায় 22 লাখ 50 হেজাৰ টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে ।

প্ৰব্ৰজিত শ্ৰমিকক কিট প্ৰদানৰ নামত কৰিমগঞ্জত ব্যাপক লুন্ঠনৰ অভিযোগ

এই সম্পৰ্কত কমলাক্ষ দে পুৰকায়স্থই কয় যে,কৰিমগঞ্জৰ কোৱাৰেন্টাইন চেন্টাৰৰ চেয়াৰমেন হৈও তেওঁ এই বিষয়ত একো গম নাপায় ৷ প্ৰথমতে এই সৰু বাকচবোৰ সংস্থাই দিয়া বুলি ভাবিছিল যদিও পাচতহে এয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা দিয়া বুলি জানিব পাৰে ৷ তেওঁ কয় যে, দুজন ঠিকাদাৰক ইয়াৰ দায়িত্ব প্ৰদান কৰা হৈছিল ৷ ইয়াৰে এজন শাসকীয় দলৰ বিধায়ক আৰু এজন বিজেপিৰ সভাপতিৰ ঘনিষ্ঠ ৷ সেয়েহে এই ঠিকাদাৰসকলক অতি সোনকালে বিল মুকলি কৰি দিয়া হৈছিল ৷ এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত দাবী কৰে উত্তৰ কৰিমগঞ্জৰ বিধায়কগৰাকীয়ে ৷

প্ৰব্ৰজিত শ্ৰমিকক কিট প্ৰদানৰ নামত কৰিমগঞ্জত ব্যাপক লুন্ঠনৰ অভিযোগ

এই সম্পৰ্কত বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিকৰ সৈতে বাৰ্তালাপ কৰাত এই লোকসকলে জনাই যে,তেওঁলোকে এনে কোনো কিট লাভ কৰা নাই ৷ জিলা প্ৰশাসনৰ খাদ্য আৰু যোগান বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা উপায়ুক্ত ধ্ৰুৱজ্যোতি দেবে ঘটনা সন্দৰ্ভত যোগাযোগ কৰাত তেওঁৰ ওচৰত কোনো তথ্য নাই বুলি জনায় ৷

একেদৰে স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ৰুথ লিয়াংথাঙক এই সম্পৰ্কত প্ৰশ্ন কৰাত তেওঁৰো এই সম্পৰ্কত কোনো তথ্য নাই বুলি জনায় ৷ শেষত উপায়ুক্তক পুনৰবাৰ লগ ধৰাত তেওঁ কয় যে, প্ৰায়েই পাঁচ হাজাৰ শ্ৰমিকক এই কিট দিয়া হৈছে আৰু ইয়াৰ বাবে যিসকল ঠিকাদাৰক ঠিকা দিয়া হৈছিল তেওঁলোকৰ বিল মোকলাই দিয়া হৈছে । আশ্বৰ্যকৰ বিষয় এয়া যে, সামান্য সামগ্ৰী বিতৰণ কৰি লাখ লাখ টকাৰ ধন আত্মহাত কৰা হৈছে আৰু কোনো ধৰণৰ মুকলি নিবিদা অথবা জাননী নিদিয়াকৈ এই ফাৰ্মসমূহক নিবিদা দিয়া হৈছে ৷ এয়ালৈ উপায়ুক্তৰ বিৰুদ্ধেও উত্থাপিত হৈছে গুৰুত্বৰ অভিযোগ । আনহাতে 500 টকাৰ সামগ্ৰী নিদিয়াৰ পিছতো কিহৰ ভিত্তিত বিলত চহী কৰি টকা মুকলাই দিয়াৰ বাবে উপায়ুক্ত গৰাকীয়ে স্বাস্থ্য বিভাগৰ ডিপিএম গৰাকীক নিৰ্দেশ দিছিল । এয়ালৈ জিলাখনত শাসক বিৰোধীৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : ৰামভক্তক বাবৰ ভক্তৰ আক্ৰমণঃ অশোক সিংঘাল

Last Updated :Aug 7, 2020, 2:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.