ETV Bharat / state

কৰিমগঞ্জৰ বদৰপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহিত বাইক চালক

author img

By

Published : Aug 27, 2020, 10:37 PM IST

কৰিমগঞ্জৰ বদৰপুৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত নিহিত বাইক চালক ৷

Road Accident at Karimganj
Road Accident at Karimganj

কৰিমগঞ্জ, 27 আগষ্ট: কৰিমগঞ্জৰ বদৰপুৰত বৃহস্পতিবাৰে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত নিহিত হয় এজন বাইক চালক ।

মোকাম এলাকাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো । কৰিমগঞ্জৰ পৰা বদৰপুৰ অহাৰ সময়ত এখন বাইকৰ লগত বিপৰীত দিশৰ পৰা অহা এখন মিনি ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষত মৃত্যুক সাৱতিলগীয়া হয় বাইক চালকগৰাকী । মৃত চালকজনৰ নাম শাহাদত হুচেইন বুলি জানিব পৰা গৈছে ৷

শাহাদাত হুচেইনৰ পৰিচয় পত্ৰ
শাহাদাত হুচেইনৰ পৰিচয় পত্ৰ

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ব্যক্তিগৰাকীক স্থানীয় ৰাইজৰ সহায়ত শ্ৰীগৌৰি হাস্পতালত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ এফালে দুৰ্ঘটনাৰ লগে লগে স্থানীয় আৰক্ষীয়ে মিনি ট্ৰাক আৰু বাইকখন আৰক্ষী চকীলৈ লৈ যায় ।

লগতে চাওক-টিক্ টক ক্ৰয় কৰাৰ দৌৰত নাই গুগলঃ সুন্দৰ পিচাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.