ETV Bharat / state

কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰতিবাদ

author img

By

Published : Feb 21, 2021, 2:27 PM IST

কৰিমগঞ্জ জিলাৰ কালীগঞ্জ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সম্মুখত উত্তাল প্ৰতিবাদ শ শ প্ৰতিবাদকাৰীৰ । জিলাখনৰ ৰিংকু আৰু ৰাংকু নমশূদ্ৰ নামৰ দুই ধৰ্ষণকাৰীক আৰক্ষীয়ে মুকলি কৰি দিয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ ।

কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰতিবাদ
কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰতিবাদ

কৰিমগঞ্জ, ২১ ফেব্ৰুৱাৰী: ধৰ্ষণকাৰীক আৰক্ষীৰ জালৰ পৰা মুকলি কৰাৰ বিৰুদ্ধে প্ৰতিবাদত নামিল একাংশ ৰাইজ । আৰক্ষীৰ এনে কাণ্ডত ক্ষুদ্ধ হৈ ওলাই আহিল শ শ প্ৰতিবাদকাৰী । এই ঘটনা সংঘটিত হৈছে কৰিমগঞ্জ জিলাত ।

জিলাখনৰ ৰিংকু আৰু ৰাংকু নমশূদ্ৰ নামৰ দুই ধৰ্ষণকাৰীক আৰক্ষীয়ে মুকলি কৰি দিয়াৰ বিৰুদ্ধে কালীগঞ্জ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সম্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক ৰাইজে । অনতি পলমে ধৰ্ষণকাৰী দুজনক গ্ৰেপ্তাৰৰ দাবী স্থানীয় ৰাইজৰ ।

ঘটনা অনুসৰি, ৰিংকু আৰু ৰাংকু নমশূদ্ৰই দীৰ্ঘদিনৰে পৰা জিলাখনৰ যুৱতী, মহিলাক যৌন অতিশায্য, শ্লীলতা হানি কৰি আহিছে । স্থানীয় লোকৰ অভিযোগ, ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি যুৱতী, মহিলা অকলে থকা অৱস্থাত এই দুই ব্যক্তিয়ে যৌন আতিশয্য, শ্লীলতা হানি কৰে । কিছুদিন পূৰ্বেও দুগৰাকী যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা চলাইছিল ব্যক্তি দুজনে । ইয়াৰ লগে লগে ভুক্তভোগী দুগৰাকীৰ পৰিয়ালৰ লোকে কালীগঞ্জ আৰক্ষী থানাত ৰিংকু আৰু ৰাংকু নমশূদ্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ।

পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত কালীগঞ্জ আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি আৰক্ষী থানালৈ লৈ অনাৰ পাচতে বিশেষ কাৰণবশতঃ আৰক্ষীৰ জিম্মাৰ পৰা মুকলি কৰি দিয়ে । যাৰ ফলস্বৰূপে শতাধিক ৰাইজ ওলাই আহি কালীগঞ্জ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সম্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ পাচতে অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ যাদৱ আৰু উপ আৰক্ষী অধীক্ষকে প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনা কৰি অনতি পলমে দুই ব্যক্তিক গ্ৰেপ্তাৰ কৰিব বুলি আশ্বাস প্ৰদান কৰে ।

আৰক্ষীয়ে দুই ধৰ্ষণকাৰীক এইদৰে ৰহস্যজনকভাৱে মুকলি কৰি দিয়া ঘটনাই ৰাইজৰ মাজত চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে ।

লগতে পঢ়ক: বিজেপিৰ তিনি নেতাক দিল্লীলৈ জৰুৰী তলব নাড্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.