ETV Bharat / state

বোৱাৰী হত্যাত জড়িত স্বামী-দেওৰক আটক আৰক্ষীৰ

author img

By

Published : Oct 17, 2020, 8:06 PM IST

কৰিমগঞ্জ আৰক্ষীৰ তদন্তকাৰী দলে বোৱাৰী হত্যাত জড়িতৰ অপৰাধত আটক কৰে অনুপম ৰায় আৰু অৰূপ ৰায় নামৰ দুগৰাকী ব্যক্তিক ৷ বোৱাৰীগৰাকীৰ মৃত্যুৰ দিনাৰ পৰাই পলাতক অৱস্থাত আছিল ব্যক্তি দুগৰাকী । আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলাইছিল এই অভিযান ৷

Police caught two people accused of murder karimganj assam etv bharat news
বোৱাৰী হত্যা

কৰিমগঞ্জ,17 অক্টোবৰ: কৰিমগঞ্জৰ শিৱবাড়িত কিছুদিন পূৰ্বে সংঘটিত হৈছিল বোৱাৰী হত্যা ৷ এই হত্য়াৰ অভিযোগত নাম সাঙোৰ খাইছিল বোৱাৰীগৰাকীৰ স্বামী পৰিয়ালৰ লোকৰ ৷ অৱশেষত কৰিমগঞ্জ আৰক্ষীৰ তদন্তকাৰী দলে এই হত্যাত জড়িতৰ অপৰাধত বোৱাৰীগৰাকীৰ স্বামী আৰু দেৱৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ বোৱাৰী গৰাকীৰ স্বামী অনুপম ৰায় আৰু দেৱৰ অৰূপ ৰায়ে ঘটনাটো সংঘটিত হোৱাৰ দিন ধৰি পলাতক অৱস্থাত আছিল । আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত কৰায়ত্ত হয় ব্যক্তি দুগৰাকী ৷

Police caught two people accused of murder karimganj assam etv bharat news
বোৱাৰী হত্যা

উল্লেখ্য যে,বিগত প্ৰায় 6 বছৰ পূৰ্বে সামাজিক ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হৈছিল বিথি ৰায় আৰু অনুপম ৰায় ৷ কিন্তু বিগত 16 অক্টোবৰত কৰিমগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত শিৱবাড়ি ৰোডস্থিত বাসগৃহত মহিলাগৰাকীয়ে মৃত্যুক সাৱটি লয় ৷ ঘটনাৰ বিষয়ে জানিব পাৰি মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি কৰিমগঞ্জ আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ ৷ কিয়নো মৃত্যুৰ সময়ত মহিলাগৰাকীৰ স্বামী পৰিয়ালে এয়া আত্মহত্যা বুলি দাবী কৰিলেও মৃতদেহত আঘাতৰ চিন স্পষ্ট আছিল ৷ মৃত বিথিৰ পিতৃ পৰিয়ালৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে চলাইছিল তদন্ত ৷

লগতে চাওকঃ আউনীআটী সত্ৰত প্ৰজ্বলিত 367 বছৰীয়া আকাশবন্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.